09 October, Fri 2026
support@thecriticalscript.com
India Flag INDIA ASIAN GAMES MEDAL MONITOR  ·  India: 🥇 0 | 🥈 0 | 🥉 0 | Total: 0
Blog image

অভিনেত্ৰীৰ পোছাক হৈ পৰে দেশজোৰি বিতৰ্ক, কিন্তু ছোৱালীৰ নিৰাপত্তাক লৈ কিয় নীৰৱতা?

08 Oct,2026 05:41 PM, by: Ankita Gogoi
1 minute read Total views: 16
0 Like 0.0

ভাৰতত মহিলাক লৈ বিতৰ্ক আৰম্ভ কৰিবলৈ যেন আমাৰ সমাজক বেছি সময় নালাগে।

তেওঁ কি পিন্ধিছে।

তেওঁ কি কৈছে।

ক’লৈ গৈছে।

কাৰ সৈতে গৈছে।

কিমান নিশালৈ বাহিৰত আছে।

তেওঁৰ পোছাক “উপযুক্ত” হয় নে নহয়।

তেওঁৰ ভাষা “গ্ৰহণযোগ্য” নে নহয়।

কিন্তু ইয়াৰ মাজত এটা প্ৰশ্ন ক্ৰমাৎ গুৰুত্বপূৰ্ণ হৈ পৰিছে—


আমাৰ দেশত মহিলাসকল সঁচাকৈয়ে নিৰাপদনে?

অভিনেত্ৰী কৃতি ছেননৰ ৰাখিবন্ধনৰ বিজ্ঞাপনক লৈ শেহতীয়াকৈ হোৱা দেশজোৰা বিতৰ্কই আকৌ এবাৰ দেখুৱালে, এগৰাকী মহিলাৰ পোছাক কেনেদৰে অতি সহজে এক বৃহৎ সামাজিক বিতৰ্কৰ বিষয় হৈ পৰে। বিজ্ঞাপনটোত কৃতি ছেননে পিন্ধা পোছাকক লৈ সামাজিক মাধ্যমত সমালোচনা হৈছিল আৰু পিছত GIVA-ই বিজ্ঞাপনটো আঁতৰাই দিছিল। পৰৱৰ্তী সময়ত কৃতিয়ে নিজেই কৈছিল যে তেওঁৰ পিন্ধা কাপোৰ যে এনেদৰে প্ৰাইম-টাইম বিতৰ্কৰ বিষয় হৈ পৰিব বুলি তেওঁ কেতিয়াও ভবা নাছিল।

প্ৰশ্নটো এইটো নহয় যে কোনো বিজ্ঞাপন বা পোছাকক লৈ মানুহে মতামত দিব পাৰিব নে নোৱাৰে। নিশ্চয় পাৰিব।


কিন্তু প্ৰশ্নটো হ’ল—

এগৰাকী মহিলাৰ পোছাক কিয় ইমান সহজে দেশজোৰা নৈতিক বিতৰ্কৰ বিষয় হৈ পৰে?

এগৰাকী মহিলাই কোনো বিশেষ পোছাক পিন্ধিলেই তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাথাকে।

এগৰাকী মহিলা অকলে ভ্ৰমণ কৰিলেই তেওঁক লক্ষ্য কৰি অপৰাধ কৰাৰ অধিকাৰ কাৰো নাথাকে।

এগৰাকী মহিলা নিশা ঘূৰি আহিলেই তেওঁ হিংসাৰ সন্মুখীন হোৱাৰ বাবে দায়ী নহয়।


আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা—

এগৰাকী মহিলাৰ পোছাক কেতিয়াও তেওঁৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ কাৰণ হ’ব নোৱাৰে।


এগৰাকী কিশোৰীৰ ভাষা বনাম দেশৰ ছোৱালীৰ বাস্তৱিক নিৰাপত্তা

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এগৰাকী কিশোৰীৰ আপত্তিজনক আৰু অশালীন ভাষা ব্যৱহাৰ কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছিল। ঘটনাটোৰ পিছত আৰক্ষীয়ে Zero FIR পঞ্জীয়ন কৰিছিল। পিছত কিশোৰীগৰাকীয়ে ক্ষমা বিচাৰিছিল আৰু নিজকে ১৫ বছৰীয়া বুলি কৈছিল। এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৩১ জুলাইত এটা ভিডিঅ’ বাৰ্তাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে তেওঁৰ আৰু তেওঁৰ প্ৰয়াত মাতৃৰ বিৰুদ্ধে ব্যৱহাৰ কৰা অশালীন ভাষাই তেওঁক “cultural shock” দিছিল। কিন্তু তেওঁ সেই যুৱক-যুৱতীসকলক ক্ষমা কৰাৰ কথা কৈছিল আৰু তেওঁলোকক সঠিক পথ দেখুওৱাৰ আহ্বান জনাইছিল।

পৰৱৰ্তী সময়ত দিল্লী আৰক্ষীয়ে কিশোৰীগৰাকীৰ বিৰুদ্ধে আগবাঢ়ি নোযোৱাৰ সিদ্ধান্ত লোৱাৰ কথাও প্ৰকাশ পাইছিল।


ইয়াত এটা কথা স্পষ্ট—

কাৰোবাক, বিশেষকৈ ৰাজহুৱা ব্যক্তিক, মতানৈক্য প্ৰকাশ কৰাৰ নামত অশালীন ভাষা ব্যৱহাৰ কৰাটো উচিত নহয়। কিন্তু ইয়াৰ লগতে আন এটা প্ৰশ্নও উত্থাপন হয়।

এগৰাকী কিশোৰীয়ে ভুল শব্দ ব্যৱহাৰ কৰিলে আমি যিমান দ্ৰুতগতিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ, দেশৰ বিভিন্ন প্ৰান্তত ছোৱালী আৰু মহিলাৰ বিৰুদ্ধে সংঘটিত বাস্তৱিক হিংসাৰ ক্ষেত্ৰতো আমি সিমানেই দ্ৰুত আৰু কঠোৰ নেকি? এগৰাকী ছোৱালীৰ মুখৰ পৰা ওলোৱা অশালীন শব্দই যদি দেশজোৰা চৰ্চা লাভ কৰে, তেন্তে দেশৰ বিভিন্ন প্ৰান্তত ছোৱালীৰ ওপৰত সংঘটিত হৈ থকা ইমানবোৰ গুৰুতৰ ঘটনাই কিয় একে ধৰণৰ মনোযোগ নাপায়?

ক’ত আছে সেই একে প্ৰশ্ন? ক’ত আছে সেই একে উদ্বেগ? ক’ত আছে ছোৱালীৰ নিৰাপত্তাক লৈ সেই একে আলোচনা?

কাৰণ একে সময়তে দেশৰ বিভিন্ন প্ৰান্তত ছোৱালীয়ে সন্মুখীন হৈছে অধিক ভয়ংকৰ বাস্তৱতাৰ।


বিহাৰৰ পৰা দিল্লীলৈ

বিহাৰৰ জামুইত এগৰাকী দশম শ্ৰেণীৰ এগৰাকী কিশোৰী আৰু তেওঁৰ সংগীক এটা দলৰ লোকে ৰখাই হাৰাশাস্তি কৰাৰ অভিযোগ পোহৰলৈ আহিছিল। ঘটনাটোৰ পিছত ৰাষ্ট্ৰীয় মহিলা আয়োগে স্বতঃস্ফূৰ্তভাৱে বিষয়টো গ্ৰহণ কৰিছিল আৰু বিহাৰ আৰক্ষীয়ে FIR পঞ্জীয়ন কৰাৰ লগতে SIT গঠন কৰি তদন্ত আৰম্ভ কৰিছিল। ইয়াৰ পিছতে সমষ্টিপুৰৰ পৰা আন এটা ঘটনা পোহৰলৈ আহিছিল। এগৰাকী কিশোৰীক একাংশ যুৱকে ৰাজহুৱা স্থানত আগুৰি ধৰি চুলিত ধৰি টনা আৰু অশালীন মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল।

এইবোৰ কেৱল সামাজিক মাধ্যমৰ বিতৰ্ক নহয়।

এইবোৰ হৈছে সাধাৰণ জীৱন যাপন কৰিবলৈ ওলাই অহা ছোৱালীৰ বাস্তৱ অভিজ্ঞতা।


দিল্লীতো শেহতীয়াকৈ এগৰাকী ১৭ বছৰীয়া কিশোৰীক তিনিজন লোকে আৰক্ষীৰ লোক বুলি পৰিচয় দি Aastha Kunj Park-ত দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আৰক্ষীয়ে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাৰ পিছত কিশোৰীগৰাকীয়ে তেওঁলোকক চিনাক্ত কৰাৰ কথাও প্ৰকাশ পাইছিল।ঘটনাটোৰ পিছত শিক্ষাৰ্থীসকলে মহিলাৰ নিৰাপত্তা আৰু জবাবদিহিতাৰ দাবীত প্ৰতিবাদ কৰিছিল।

কিন্তু এই সমস্যাৰ সীমা কেৱল দিল্লী বা বিহাৰতেই শেষ নহয়।


অসমতো প্ৰশ্ন একেই—আমি কিমান নিৰাপদ?

অসমতো শেহতীয়া কেইবাটাও ঘটনাই মহিলাৰ নিৰাপত্তাক লৈ গভীৰ উদ্বেগ সৃষ্টি কৰিছে।

গুৱাহাটীত বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ হোমষ্টেত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছিল। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, নিমিষাৰ পৰিয়ালে তেওঁক মৃত্যুৰ পূৰ্বে আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল। তেওঁ নিশা মাতৃলৈ ফোন কৰি তেওঁক মাৰপিট কৰা হৈছে আৰু তেওঁ আঘাতপ্ৰাপ্ত হোৱা বুলি জনোৱাৰ কথাও পৰিয়ালে কৈছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁৰ প্ৰেমিক আশিক আলীক গ্ৰেপ্তাৰ কৰে আৰু হত্যাকে ধৰি দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত ধাৰাত গোচৰ ৰুজু কৰা হয়। হোমষ্টেটো তদন্তৰ স্বাৰ্থত ছীল কৰা হৈছিল।

কিন্তু ঘটনাটোৱে এটা ভয়ংকৰ প্ৰশ্ন উত্থাপন কৰিছে—

যদি এগৰাকী যুৱতীয়ে নিজৰ বাবে নিৰাপদ বুলি ভবা এটা ঠাইতো নিৰাপদ অনুভৱ কৰিব নোৱাৰে, তেন্তে তেওঁ ক’ত নিৰাপদ?

হোমষ্টে, হোটেল আৰু অন্যান্য accommodation-ত অতিথিৰ পৰিচয় পৰীক্ষা, CCTV, guest records, কৰ্মচাৰীৰ জবাবদিহিতা আৰু জৰুৰীকালীন সহায় ব্যৱস্থা কিমান শক্তিশালী—সেই বিষয়েও প্ৰশ্ন উত্থাপন হ’ব লাগিব।


আৰু তাৰ পিছত আহিল অসমৰ ছাত্ৰীৰ ৰে’লযাত্ৰাৰ হৃদয়বিদাৰক ঘটনা

অক্টোবৰ মাহৰ আৰম্ভণিতে অসমৰ এগৰাকী ২০ বছৰীয়া ছাত্ৰী বিশাখাপত্তনমৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ সময়ত Dibrugarh Vivek Express-ৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ মতে, যাত্ৰাৰ সময়ত তেওঁ বহু পুৰুষে তেওঁক আগুৰি থকা বুলি ভয় প্ৰকাশ কৰি শেষবাৰৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছিল। পিছত ৰে’লখনত তেওঁৰ বেগ উদ্ধাৰ হয় আৰু পৰৱৰ্তী সময়ত অন্ধ্ৰ প্ৰদেশৰ এটা বনাঞ্চলত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

তেওঁৰ মৃত্যুৰ সঠিক কাৰণ আৰু পৰিস্থিতি এতিয়াও তদন্তাধীন।

কিন্তু এই ঘটনাই প্ৰতিজন পিতৃ-মাতৃ, প্ৰতিগৰাকী ভগ্নী, প্ৰতিগৰাকী কন্যা আৰু প্ৰতিগৰাকী মহিলা যাত্ৰীৰ মনত এটা প্ৰশ্ন এৰি যায়—

এগৰাকী ছোৱালীয়ে ভয় নকৰাকৈ এখন ৰে’লত উঠিব নোৱাৰিবনে?

তাই এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ নিৰাপদে ভ্ৰমণ কৰিব নোৱাৰিবনে?

তাই কোনো ঠাইত অকলে থাকিব নোৱাৰিবনে?

তাই ৰাজহুৱা স্থানত বহিব নোৱাৰিবনে?

তাই নিজৰ পছন্দৰ পোছাক পিন্ধিব নোৱাৰিবনে?

তাই নিজৰ মতামত প্ৰকাশ কৰিব নোৱাৰিবনে?

আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ—তাই নিৰাপদে ঘৰলৈ উভতি আহিব নোৱাৰিবনে?


এতিয়া আমি কি লৈ বিতৰ্ক কৰিম?

সংস্কৃতি, বিজ্ঞাপন, ৰাজনৈতিক ভাষা বা ৰাজহুৱা আচৰণক লৈ আলোচনা হ’ব পাৰে। হ’বই লাগে।

কিন্তু আমাৰ অগ্ৰাধিকাৰ কি, সেইটোও ভাবিব লাগিব।

যদি এগৰাকী মহিলাৰ কাপোৰ দেশজোৰা বিতৰ্কৰ সৃষ্টি কৰে, কিন্তু মহিলাৰ ওপৰত হোৱা হাৰাশাস্তি কেইদিনমানৰ পিছতে আন এটা খবৰ হৈ হেৰাই যায়, তেন্তে আমাৰ অগ্ৰাধিকাৰৰ বিষয়ে প্ৰশ্ন উঠিবই।

যদি কোনো ছোৱালীৰ ওপৰত অপৰাধ সংঘটিত হোৱাৰ পিছত প্ৰথম প্ৰশ্ন হয়—


“তাই কি পিন্ধিছিল?”

তাৰ বিপৰীতে প্ৰথম প্ৰশ্ন হোৱা উচিত—

“অপৰাধটো কোনে কৰিলে আৰু তেওঁক কেতিয়া ন্যায়ৰ সন্মুখীন কৰা হ’ব?”

মহিলাক “সাৱধান হোৱা” বুলি কোৱাটো সহজ।

কিন্তু সমাজে এইটোও সুধিব লাগিব—

কিয় এজনী ছোৱালীয়ে নিজৰ স্বাধীনতা সীমিত কৰি সুৰক্ষিত হৈ থাকিব লাগিব, অথচ অপৰাধীজনে ৰাজহুৱা স্থানত স্বাধীনভাৱে ঘূৰি ফুৰিব?


মহিলাক আৰু পোছাকৰ ওপৰত আলোচনা নালাগে।

তেওঁলোকক লাগে—

নিৰাপদ পথ, নিৰাপদ ৰাজহুৱা পৰিবহণ, কাৰ্যক্ষম CCTV, দ্ৰুত আৰক্ষী সহায়, জবাবদিহিতা, ক্ষিপ্ৰ তদন্ত আৰু ন্যায় ব্যৱস্থা।

আৰু পুৰুষসকলেও এটা কথা বুজিব লাগিব—

মহিলাক সন্মান কৰা মানে কেৱল তেওঁলোকৰ “সন্মান” ৰক্ষা কৰা নহয়।

তেওঁলোকৰ অধিকাৰ, পছন্দ, শৰীৰ, স্বাধীনতা আৰু জীৱনক সন্মান কৰাটোহে প্ৰকৃত সন্মান।

কৃতি ছেননৰ পোছাকক লৈ হোৱা বিতৰ্ক, প্ৰধানমন্ত্ৰীক লৈ কিশোৰীগৰাকীৰ অশালীন মন্তব্য, বিহাৰৰ হাৰাশাস্তিৰ ঘটনা, দিল্লীৰ দলবদ্ধ ধৰ্ষণৰ অভিযোগ, অসমৰ হোমষ্টেৰ ঘটনাসমূহ আৰু ৰে’লযাত্ৰাৰ হৃদয়বিদাৰক ঘটনা—এই সকলোবোৰ একে ধৰণৰ ঘটনা নহয়।


কিন্তু এই ঘটনাবোৰে একেলগে এটা অস্বস্তিকৰ সত্যৰ সন্মুখীন কৰায়—

ভাৰতত মহিলাই কি পিন্ধিব, কি ক’ব আৰু ক’লৈ যাব সেই বিষয়ে আমি যিমান সময় আৰু শক্তি ব্যয় কৰোঁ, তেওঁলোকে যাতে নিৰ্ভয়ে জীয়াই থাকিব পাৰে সেই বিষয়ত সিমানেই শক্তিশালীভাৱে কথা কওঁনে? কাৰণ প্ৰকৃত প্ৰশ্নটো এইটো নহয় যে এগৰাকী মহিলাই “ঠিক” পোছাক পিন্ধিছিল নে নাই। প্ৰশ্নটো এইটো নহয় যে তেওঁ “ঠিক” সময়ত ভ্ৰমণ কৰিছিল নে নাই। প্ৰশ্নটো এইটোও নহয় যে তেওঁ লগত কোনো পুৰুষ আছিল নে নাই। প্ৰশ্নটো এইটোও নহয় যে তেওঁ যথেষ্ট ভদ্ৰভাৱে কথা কৈছিল নে নাই।

প্ৰকৃত প্ৰশ্নটো অতি সহজ—

ভাৰতৰ এগৰাকী ছোৱালীয়ে ভয় নকৰাকৈ জীয়াই থাকিব পাৰিবনে, নিৰাপদে ভ্ৰমণ কৰিব পাৰিবনে আৰু কোনো এটা দিনত আন এটা “headline” হৈ নোযোৱাকৈ ঘৰলৈ উভতি আহিব পাৰিবনে?

এইটোৱেই হ’ব লাগে ভাৰতৰ প্ৰকৃত বিতৰ্ক।


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.