16 October, Wed 2024
support@thecriticalscript.com
Blog image

ডিজিটেল দৃষ্টি অৱসাদ প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা কেইটামান উপায়

17 Aug,2024 06:43 PM, by: Super Admin
1 minute read Total views: 116
0 Like 0.0

আমি সকলোৱে জানো যে, অধিক ডিজিটেল উপকৰণৰ ব্যৱহাৰৰ ফলত আমাৰ চকুযোৰ বেয়া হ’ব পাৰে। চকুযোৰনো কি বেয়া হ’ব পাৰে বা তাৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি তাৰ বিষয়ে কি কৰা উচিত জানো আহক।

আজিকালি সকলোবোৰ LCD, LED উপকৰণবোৰত সীমাৱদ্ধ হৈ পৰিছে। আজিকালি আমাৰ বেছিভাগৰে দৈনন্দিন জীৱন আৰম্ভ মোবাইলফোনৰ তথা ছ’চিয়েল মিডিয়া, ই-মেইল ইত্যাদিৰে হয়।

বহুতৰে চাকৰি জীৱনতো ইয়াক চাকৰিৰ অংশ হিচাপে ব্যৱহাৰ কৰে। আজিকালি ৮ ৯ ঘন্টা ডিজিটেল যন্ত্ৰৰ আগত বহি কাম কৰিব লগা হয়।

দৃষ্টি অৱসাদৰ প্ৰধান কাৰণবোৰ হ’ল -

স্মাৰ্টফোন,

কম্পিউটাৰ,

টিভি আদিৰ অধিক ব্যৱহাৰ,

অধিক উজ্জ্বল বস্তুলৈ এক দৃষ্টিৰে চাই থকা অধিক সময় ধৰি অধিক মনোযোগেৰে চাই থকা,

অতি কম পোহৰত চকুৰ ব্যৱহাৰ কৰা ইত্যাদি।

ইয়াৰ ফলত চকুৰ স্নায়ুৰ দুৰ্বলতা, লেন্সৰ সমস্যা ইত্যাদি সঘনে হোৱা দেখা যায়। আজিকালি অতি কম বয়সতে চছমা পিন্ধা লোকৰ সংখ্যা বেছি।

ডিজিটেল দৃষ্টি অৱসাদ প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা উপায় কিছু হ’ল -

১)প্ৰতি ২০ মিনিটৰ মূৰে মূৰে ২০ ছেকেণ্ডৰ বিৰতি লৈ ২০ ফুট দূৰৈৰ কিবা এটা চাওক। ই আপোনাৰ চকুক শিথিল হোৱাত সহায় কৰে।কম্পিউটাৰ, মোবাইলফোন আদি নিয়মীয়াকৈ ব্যৱহাৰ কৰা লোকসকলে ডিজিটেল দৃষ্টি অৱসাদৰ পৰা পৰিত্ৰাণ পাবলৈ এই নিয়ম অনুসৰণ কৰাটো অতি প্ৰয়োজনীয়।

২)চকু অলপমান বেয়া হ'লে চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰাই থাকিব লাগে।যিবিলাক মানুহে অনবৰত কম্পিউটাৰত কাম কৰি থাকে, তেওঁলোকে অতি কমেও বছৰত এবাৰকৈ চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰোৱা উচিত।

৩) অধিক পোহৰ থকা উজ্জ্বল কোঠাৰ ভিতৰত ডিজিটেল যন্ত্ৰৰ ব্যৱহাৰে চকু ক্ষতি কৰে।কোঠাৰ ভিতৰত পোহৰৰ পৰিমাণ আৰু দিশ নিয়ন্ত্ৰিত হোৱাটো অতি প্ৰয়োজনীয়।কম পোহৰেও চকুৰ ক্ষতি কৰে। কম্পিউটাৰ বা আন ডিজিটেল যন্ত্ৰবোৰৰ ডিচপ্লে’ৰ ওপৰৰ পৰা ফ্লোৰেচেন্স লাইটৰ ব্যৱহাৰৰ ফলতো দৃষ্টি অৱসাদ হ’ব পাৰে। 

৪) একেৰাহে মনিটৰ চাই থাকিলে চকু‌ শুকান আৰু জ্বলা পোৰা কৰে।এনেধৰণৰ লক্ষণে দেখা দিলে সঘনাই চকু জপোৱাৰ উপৰিও কৃত্ৰিম চকুপানী অথবা লুব্ৰিকেটিং আইড্ৰপ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰি।

৫)সঘনে লোৱা বিৰতিয়ে আপোনাৰ চকুযুৰিক ডিজিটেল দৃষ্টি অৱসাদৰ পৰা আঁতৰত ৰাখিব পাৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.