16 October, Wed 2024
support@thecriticalscript.com
Blog image

অসমৰ ৮ বিধ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ! বড়ো জনগোষ্ঠীৰ ৮ বিধ সামগ্ৰীৰ ভিতৰত পৰম্পৰাগত খাদ্যকে ধৰি আছে সামগ্ৰী আৰু বিভিন্ন প্ৰকাৰৰ থলুৱা পানীয়!

03 Oct,2024 04:20 PM, by: Ankita Gogoi
1 minute read Total views: 103
0 Like 0.0

অসমবাসীৰ বাবে ভাল খবৰ! পুনৰবাৰৰ বাবে অসমৰ ৮ বিধ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ। স্বকীয় পৰম্পৰা আৰু লোককৃষ্টিৰে অসমৰ এক অন্যতম চহকী জনগোষ্ঠী হ’ল বড়োসকল।বড়ো জনগোষ্ঠীৰ ৮ বিধ সামগ্ৰীয়ে লাভ কৰিলে এই টেগ। বড়ো জনগোষ্ঠীৰ এই আঠবিধ সামগ্ৰীৰ ভিতৰত আছে পৰম্পৰাগত খাদ্য, সামগ্ৰী আৰু বিভিন্ন প্ৰকাৰৰ থলুৱা পানীয় ।উল্লেখ কৰা প্ৰয়োজন যে Bodo Traditional Brewers Association য়ে তিনি প্ৰকাৰৰ থলুৱা পানীয়ক জি আই টেগ দিবৰ বাবে আবেদন জনাইছিল। এই তিনি প্ৰকাৰৰ থলুৱা পানীয় হৈছে বড়োসকলৰ পৰম্পৰাগত বড়ো জৌ গোৱাৰণ (Bodo jou gwran), মাইব্ৰা জৌ বিদ্বি (Maibra jou Bidwi), আৰু বড়ো জৌ গিছি (Bodo jou gish)।

বড়োসকলৰ পৰম্পৰাগত আৰ'নাই আনহাতে শুকান মাছৰ পৰা প্ৰস্তুত কৰা খাদ্য বড়ো নাফামলৈয়ো জি আই টেগৰ স্বীকৃতি ।ভৌগোলিক সূচাংক তালিকাত অন্তৰ্ভুক্ত বড়োসকলৰ পৰম্পৰাগত খাদ্য অনলাও আৰু বড়োসকলৰ পৰম্পৰাগত খাদ্য বড়ো গৌখা আৰু বড়ো নাজিলৈয়ো জি আই টেগৰ স্বীকৃতি প্ৰদান ।

বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতি তথা পৰম্পৰাৰে স্বকীয় বৈশিষ্ট্যই সদায়ে দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে । অসমৰ এই স্বকীয়তাক বৰ্তাই ৰখাৰ বাবে সময়ে সময়ে অসমৰ বিভিন্ন সামগ্ৰীক জিঅ'গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে জি আই টেগ প্ৰদান কৰি আহিছে 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.