অসমৰ বিহু সম্ৰাট খ্যাত গণশিল্পী খগেন মহন্ত দেৱৰ বিষয়ে একলম
অসমৰ বিহু সম্ৰাট নামেৰে পৰিচিত গণশিল্পী খগেন মহন্তৰ জন্ম
হৈছিল ১৯৪২ চনৰ ১৭ আগষ্টত নগাঁও জিলাৰ জাজৰি বগৰিগুৰি আমতলা গজলা সত্ৰৰ অধিকাৰ
হৰেন্দ্রনাথ মহন্তৰ গৃহত। সৰু কালৰে পৰাই তেওঁৰ ঘৰখনত এক
সুন্দৰ সাংস্কৃতিক পৰিৱেশ আছিল। শৈশৱতে পিতৃৰ পৰাই নাম-কীর্তন, গায়ন-বায়ন, সত্ৰীয়া নৃত্য-গীতৰ শিক্ষা লৈছিল। তেওঁ
লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছিল। মাত্ৰ
পোন্ধৰ বছৰ বয়সতে প্ৰাৰম্ভিক পৰ্যায়তে সংগীতৰ মনোমোহা জগতখনলৈ আহিছিল। তেওঁৰ
বিহুগীত, বৰগীত
আদি লোকগীত অসমীয়া সমাজৰ বাবে চিৰ সেউজীয়া। অসমৰ অন্যতম
লোকসংগীত বিহুৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা দক্ষতাৰ বাবে তেওঁক বিহু সম্ৰাট বুলি কোৱা
হয়। তেজপুৰৰ প’ল’ফিল্ড স্কুলত প্রাথমিক শিক্ষাৰ
পাতনি মেলি ১৯৫৭ চনত তেওঁ মেট্রিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শ্বিলঙৰ ছেইন্ট
এডমাণ্ডছ কলেজৰ পৰা আই এ পৰীক্ষা পাছ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ
পৰা স্নাতক ডিগ্রী লাভ কৰে। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতেই খগেন মহন্ত সংগীত সাধনাত
ব্ৰতী হৈছিল।তেওঁ সংগীতৰ প্ৰতি নিজকে উৎসৰ্গা কৰিব বিচাৰে আৰু ইয়াৰ
বাবেই তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে। তেওঁ
বিহুগীতক জনপ্ৰিয় কৰাত অপ্ৰতিদ্বন্দ্বী ভূমিকা লৈছিল। ১৫ বছৰ বয়সতে
তেওঁ অসমৰ অবিভক্ত ৰাজধানী শ্বিলঙত সংগীত কনচাৰ্টত কণ্ঠদান কৰিবলৈ আৰম্ভ কৰে।
বিষ্ণুপ্ৰসাদ ৰাভা,যুগল
দাসৰ নেতৃত্বত ১৯৬০ চনত অসমত ভাষা আন্দোলনৰ সময়ত খগেন মহন্ত হাৰমনি গোটৰ এজন
সদস্য আছিল যাৰ মূল উদ্দেশ্য আছিল তেওঁৰ সুৰীয়া কণ্ঠ আৰু ৰচনাৰে মানৱীয়
মূল্যবোধক জনপ্ৰিয় কৰা।
তেখেতে ১৯৭৩ চনত ‘মাটিৰ
স্বর্গ’ ছবিখনৰ
মোহময়ী অভিনেত্রী তথা অসমীয়া লোকগায়িকা অর্চনা দাসৰ সৈতে বিবাহপাশত
আবদ্ধ হয়। অসমীয়া সংগীত-ক্ষেত্ৰখনত অসমবাসীৰ মাজত খগেন মহন্ত-অৰ্চনা
মহন্তৰ যুটি এক আদর্শ শিল্পী দম্পতি। পত্নীসহ তেওঁ ৰাজ্যজুৰি আৰু বাহিৰত মঞ্চত বিহুগীত জনপ্ৰিয় কৰি তোলাৰ
বাবে সুপৰিচিত আছিল।বিহুগীতৰ উপৰিও বৰগীতকে ধৰি অসমীয়া সংগীতৰ পৰম্পৰাগত ধাৰা আৰু
অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীৰ লোকসংগীততো তেওঁ ৰচনা কৰিছিল।সত্ৰীয়া সংস্কৃতিৰ কোলাত
ডাঙৰ-দীঘল হোৱা খগেন মহন্তই সত্ৰীয়া সংগীতৰ সুৰৰ লগতে তেওঁৰ গীতত অসমীয়া
থলুৱা লোকসুৰ,
বিহুনাম আৰু আধুনিক গীতৰ সুৰৰ সমাহাৰ ঘটাইছিল। তেওঁ বিহুগীতক মঞ্চ-অনাতাঁৰলৈ
নি মান্যতা প্রদান কৰাৰ লগতে দেশৰ পৰা বিদেশলৈ জনপ্রিয় কৰি তুলিলে। তেওঁলোকৰ দুই
সন্তান অংগৰাগ আৰু কিংকিনী। পাপন মহন্তক সাম্প্রতিক সময়ত নতুনকৈ পৰিচয় কৰাই দিয়াৰ
প্ৰয়োজন নাই।
১৯৬১ চনত গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ’ চেণ্টাৰৰ পৰা তেওঁৰ প্ৰথমটো গ্ৰাম’ফোন ৰেকৰ্ডিং গীত সম্প্ৰচাৰিত হয়। সেই বছৰতে তেওঁ কলিকতাত অনুষ্ঠিত "বিশ্ব শান্তি" উৎসৱতো অংশ লৈছিল।১৯৫৯ চনত প্রতিষ্ঠা হোৱা দিল্লী দূৰদৰ্শন কেন্দ্ৰত গীত গাবলৈ সুবিধা পোৱা খগেন মহন্তই ১৯৬৪ চনত আকাশবাণীৰ নিয়মীয়া কণ্ঠশিল্পী হিচাপে স্বীকৃতি পায়। অৱশ্যে ১৯৬১ চনতে খগেন মহন্তৰ কণ্ঠৰ গীতে গ্রামাফোন ৰেকৰ্ডৰ জৰিয়তে আকাশবাণীত স্বীকৃতি পাইছিল। দীৰ্ঘদিন ধৰি সাময়িকভাৱে অল ইণ্ডিয়া ৰেডিঅ’ গুৱাহাটীত তেওঁ সংগীত পৰিচালক হিচাপে যোগদান কৰে। অসমীয়া লোকসংগীত আৰু ইয়াৰ সংৰক্ষণৰ প্ৰতি তেওঁৰ অতি আবেগ আছিল।সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯২ চনত খগেন মহন্তই লাভ কৰে সন্মানীয় ‘সংগীত নাটক অকাডেমী বঁটা’। ১৯৯৪ চনত ‘শ্রীময়ী বঁটা’, ১৯৯৯ চনত ‘সংগীতাচার্য’ সন্মান আগৱঢ়োৱা হৈছিল। উজনিৰ বিহুক নামনি অসমতো সমানে জনপ্রিয় কৰি এইজন গণশিল্পীক বিহুবলীয়া শ্রোতা-দর্শক তথা গুণমুগ্ধই প্রদান কৰিছিল ‘বিহুসম্রাট’ উপাধি।
ডঃ ভূপেন হাজৰিকা পৰিচালিত ‘শকুন্তলা’
ছবিত মাধৱৰ চৰিত্ৰত সুদক্ষ অভিনয়ৰে নিজ প্রতিভাৰ স্বাক্ষৰ বহন কৰিছিল খগেন
মহন্তই।কলাগুৰু বিষ্ণু ৰাভাই জীৱনৰ একেবাৰে অন্তিম সময়ত ৰচনা কৰা ‘এয়ে মোৰ শেষ
গান মোৰ জীৱন নাটৰ’
গীতটো খগেন মহন্তই নিজা সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল যি আজিও প্রতিগৰাকী অসমীয়াৰ
হৃদয়ত প্ৰৱহমান হৈ আছে।আব্দুল মজিদ পৰিচালিত ‘মৰমতৃষ্ণা’
ছবিখনত প্ৰথমবাৰৰ বাবে খগেন মহন্তই কণ্ঠদান কৰিছিল।প্রায় তেইছখন অসমীয়া
কথাছবিত কণ্ঠ দিয়া খগেন মহন্তই ১৯৭৯ চনত ‘মইনাজান’
আৰু ১৯৮০ চনত ‘মেঘমুক্তি’ নামৰ ছবি দুখনৰ সংগীত পৰিচালনাও
কৰিছিল। জনপ্রিয়তাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হোৱা ‘মা আমি শদিয়ালৈ যামেই’, ‘বাহৰ মূঢ়া
বগৰিৰ গুৰা’, ‘অ’ তুলতুল অ’ বুলবুল’ আদি জনপ্রিয়।
এই শিল্পীগৰাকীয়ে ২০১৪ চনৰ ১২ জুনত আমাৰ অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি চিৰবিদায় লৈছিল।‘এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ’, ‘জোনটি ওলালে তৰাটি ওলাব’, ‘বহাগৰ কুঁহিপাত’ আদি সুৱদিসুৰীয়া গীতবো্ৰ সকলোৰো প্রিয়। অসমৰ সুৱদী সুৰীয়া বিহুগীতসমূহক জনগণৰ মনত প্রৱাহিত কৰি দিছিল, তেৱেঁই আছিল অসমীয়া লোকসংগীত আৰু বিহুগীতৰ মুকুটবিহীন সম্রাট খগেন মহন্ত। অসমৰ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা, মানুহৰ মুখে-মুখে বাগৰি অহা, কেঁচা মাটিৰ সুবাস সনা, থলুৱা সুৰৰ সংমিশ্রণৰে সমৃদ্ধ লোকসংগীতক গণশিল্পী খগেন মহন্তই বিশ্বদৰবাৰলৈ লৈ গৈছিল। প্রকৃতার্থতে, অসমীয়া লোকসংগীতৰ সুৰ-শব্দ-সংগীতক বিশুদ্ধ ৰূপত ধৰি ৰখাৰ ক্ষেত্ৰত খগেন মহন্তৰ অৱদান চিৰস্মৰণীয়।
খগেন মহন্তই সৰু সৰু মানুহৰ সুখ-দুখ, জীৱন যন্ত্ৰণাকো শ্ৰোতাৰ আগত ডাঙি ধৰিছিল৷ এই গীতসমূহৰ
কিছুমান বনগীত, বিহুসুৰীয়া গীতে শ্ৰোতাৰ হৃদয়ত সাঁচ বহুৱাবলৈ সক্ষম হৈছে৷
যেনে—
‘আমাৰ মন পথাৰৰ লহপহীয়া বাওধানবোৰ / হালধীয়া চৰায়ে কৰে
হেনো চুৰ
‘এজাৰ ফুলা দেখি / বেজাৰ কিয় কৰ / কিয় মনে মাৰি / থাক মোৰ
দেহি ঐ...
‘বৰষুণৰ বতৰত / মইনা নুঠে মটৰত
ইত্যাদি
সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments