21 January, Tue 2025
support@thecriticalscript.com
Blog image

দৰঙৰ দেউল উৎসৱ

09 Aug,2023 06:01 PM, by: Ankita Gogoi
1 minute read Total views: 1070
1 Likes 0.0

সমগ্ৰ অসমবাসী বহাগ মাহত ৰঙালী বিহুৰ আনন্দত মতলীয়া হৈ থকাৰ সমান্তৰাল ভাৱে দৰঙৰ ৰাইজে আন এটি লোক-উৎসৱত মতলীয়া হৈ পৰে। একাদশ শতিকাৰ পৰাই পালন কৰি অহা এই লোক-উৎসৱটি হৈছে দেউল উৎসৱ।স্বাভাৱিকতেই কৃষিজীৱি মানুহৰ অন্তৰত আনন্দ আৰু উৎসাহ-উদ্দীপনা জাগি উঠে যাৰ ফলশ্ৰুতিত সৃষ্টি হয় লোক-উৎসৱবোৰৰ। বসন্ত কালৰ বিহু উৎসৱক বসন্তোৎসৱ বুলি কোৱাৰ দৰে এই সময়ৰ দেউল উৎসৱকো বসন্তোৎসৱ বুলি কব পৰা যায়।বিষ্ণুপুজাৰ অনুষ্ঠান আৰু এই উৎসৱ খ্ৰীষ্টাব্দ একাদশ শতিকাৰ পৰাই মঙ্গলদৈত পালন কৰি অহা হৈছে।খৃষ্টাব্দ একাদশ শতিকাত প্ৰখ্যাত শিয়ালা বৈষ্ণৱৰ পিতৃ ধৰ্মদেৱ বিপ্ৰ ভূঞাঁই ছিপাঝাৰ অঞ্চলৰ বৰাবাৰী গাঁৱত সত্ৰ পাতি বসবাস কৰিছিল। তেখেত অতি শাস্ত্ৰজ্ঞ আৰু ধৰ্মপ্ৰাণ ব্যক্তি আছিল। তেখেতে ধৰ্মীয় চিন্তা-চৰ্চাৰ জৰিয়তে মানুহৰ মনত ধৰ্মীয় ভাৱ জগাই তুলিবলৈ চেষ্টা কৰিছিল।একাদশ শতিকাতে পোন প্ৰথম ছিপাঝাৰ অঞ্চলৰ বৰদৌলগুৰিত বিষ্ণু পুজাৰ জৰিয়তে দেউল উৎসৱৰ আৰম্ভনি হৈছিল। দেউল উৎসৱ উপলক্ষে এটা বৃহদাকৃতিৰ দল সজাইছিল যিটো ৭০০ বছৰ ধৰি এতিয়াও বৰদৌলগুৰি অঞ্চলত ঐতিহ্য বহন কৰি আহিছে। সেই দল সাজোতে সৃষ্টি হোৱা বৰপুখুৰী এতিয়াও সাক্ষী স্বৰূপে আছে। এই বৰদল বা বৰদেউলউৎসৱেই দৰঙৰ দেউল উৎসৱৰ আৰম্ভণ। বৰদৌলগুৰিত অনুষ্ঠিত প্ৰথম দেউলটো বছৰৰ প্ৰথম মাহ বহাগৰ পহিলা তাৰিখত উদযাপিত হয়। বৰ্তমান সমগ্ৰ বহাগ মাহৰ প্ৰত্যেক দিনতে মঙ্গলদৈৰ বিভিন্ন ঠাইত মহা পয়োভৰেৰে এই দেউল উৎসৱ পালন কৰা হয়।

এই দেউল উৎসৱত মাটিৰে ওখ দল বা দেউল সাজি সৰ্বোচ্চ শিখৰত বিষ্ণুৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ওপৰত বাঁহ পুতি এখন শুধ বগা কাপোৰৰ চন্দ্ৰতাপ তৰি দিয়া হয়।  ইয়াক প্ৰতিষ্ঠা কৰাৰ আগতে সেন্দুৰৰ ফোঁট দি আটকধুনীয়া কৰা হয়। বিষ্ণু-বিগ্ৰহ স্থাপন কৰা এই ওখ মাটিৰ দেউলটোৰ তলৰ পৰা ক্ৰমে ওপৰলৈ ঘূৰণীয়া ভাৱে সাতোটা ঠাক কৰি ধুনীয়াকৈ সজোৱা হয়। আনহাতে কাঠত খোদিত মগৰৰ ভাস্কৰ্যই সপ্ত সাগৰক সুচায়। কাৰণ মগৰেই সাগৰত থকা জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ। গতিকে মগৰ প্ৰতিষ্ঠাৰ দ্বাৰা সপ্ত সাগৰৰ অৱস্থিতি সহজে মানুহৰ মনলৈ আনিব পাৰে। বিশেষকৈ সৃষ্টিৰ মূলাধাৰ বিষ্ণু তথা নাৰায়ণ প্ৰলয় জলত অনন্ত শয্যাত অৱস্থিত হোৱা কাৰণে বিষ্ণু বা নাৰায়ণৰ ধাৰণা মনলৈ সহজে আনিব পাৰে। গতিকে দেউলৰ ওপৰত মগৰৰ মাজত বিষ্ণুৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা হয়। উল্লেখযোগ্য যে এই দেউল উৎসৱত বিষ্ণু পূজা সদায় উত্তৰ মূখীয়াকৈ কৰা হয়। কিয়নো প্ৰলয় জলত বিষ্ণু অনন্ত শয্যাত উত্তৰ মুখীয়াকৈহে  শুই আছিল বুলি শাস্ত্ৰত উল্লেখ আছে।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.