21 November, Thu 2024
support@thecriticalscript.com
Blog image

দীপৰ বিল পক্ষী অভয়াৰণ্য

04 Jan,2023 05:52 PM, by: Ankita Gogoi
1 minute read Total views: 2745
2 Likes 0.0

দীপৰ বিল অসমৰ এখন পক্ষী অভয়াৰণ্য। ই ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গুৱাহাটীৰ পৰা প্ৰায় ১৮ কিলামিটাৰ পশ্চিম দিশত অৱস্থিত।নামনি অসমৰ ভিতৰত এই বিলখন অন্যতম বৃহৎ জলাশয়। বাৰিষা বিল, জলাশয় আদিকে ধৰি দীপৰ বিলৰ মাটিকালি প্রায় ৬০ বর্গ কিলোমিটাৰ আৰু খৰালি মাটিকালি প্রায় ১০.১ বর্গ কিলোমিটাৰলৈ হ্রাস হয়। ১৯৮৯ চনৰ ১২ জানুৱাৰীত অসম চৰকাৰে এক অধিসুচনাৰ দ্বাৰা ৪. ১৪ বর্গ কিলোমিটাৰ মাটিকালি সামৰি দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰে। তাৰ পাছত ২০০২ চনৰ নৱেম্বৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰামচৰ অঞ্চল‘হিচাপে চৰকাৰে ঘোষণা কৰে। এখন অতি গুৰুপূর্ণ জলাহভূমি হিচাপে দীপৰ বিল আন্তর্জাতিকভাৱে স্বীকৃতিপ্ৰাপ্ত। ১৯৭৯ খ্ৰীষ্টাব্দত ইৰানৰ ৰামচৰত বিশ্বৰ জলাশয়বোৰৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাক লৈ এখন আন্তৰ্জাতিক অভিবৰ্তন অনুষ্ঠিত কৰা হয়।এই অভিবৰ্তনত বিশ্বৰ ১৭০ খন দেশে অংশগ্ৰহণ কৰিছিল। সেই বছৰৰ ২  ফেব্ৰুৱাৰীত স্বাক্ষৰিত এই অভিবৰ্তনৰ সিদ্ধান্তবোৰ ১৯৭৫ চনৰ ২১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰা হয়।লোকসকলে যাতে এই পক্ষী নিধন নকৰে, তাৰবাবে বন বিভাগৰ লগতে পক্ষীপ্ৰেমী বেচৰকাৰী সন্থাসমূহে স্থানীয় লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। বুৰঞ্জী অনুসৰি আহোম ৰাজত্বত আৰু মোগলৰ অধীনত থকা সময়ত দীপৰ বিলত জাহাজ মেৰামতি আৰু বস্তুবাহানি উঠা নমোৱা কৰা হৈছিল।আহোম ৰাজত্বৰ কালত মোগলসকলে ইয়াক নৌবাহৰ হিচাপেই ব্যৱহাৰ কৰিছিল।দীপৰ বিলৰ চৌপাশে প্ৰায় চৈধ্যখন গাঁও অৱস্থিত। এই গাঁৱৰ বাসিন্দাসকল খিলঞ্জীয়া লোক। প্ৰায় ১২০০ টা মান পৰিয়াল এই বিলখনৰ ওপৰতেই নিৰ্ভৰশীল। তেওঁলোকে মাছ ধৰি বিক্ৰী কৰে। বড়ো ধানৰ খেতি কৰে আৰু বিলত উৎপন্ন মাখানি নামৰ এবিধ শস্য সংগ্ৰহ কৰিও বিক্ৰী কৰে।

 বিভিন্ন প্ৰান্তৰ লোকসকলে প্ৰায়ে দীপৰ বিলত বিশুদ্ধ বতাহ ল’বলৈ আহে আৰু ভূ-প্ৰকৃতিৰ নিশ্চিন্ততাত ডুব যায়। এই হ্ৰদটোৱে সমগ্ৰ বিশ্বৰ দৰ্শনাৰ্থীক আকৰ্ষিত কৰি আহিছে। কিন্তু এই অনন্য জৈৱ বৈচিত্ৰ্য স্থানটোৰ প্ৰতি সংৰক্ষণৰ ভাবুকি বৃদ্ধি পোৱাৰ কঠিন বাস্তৱতাসমূহ দৰ্শনীয় দৃশ্যৰ তলিত লুকাই আছে। কামৰূপ পূৱ সংমণ্ডলৰ ৰাণী আৰু গৰভঙা সংৰক্ষিত বনাঞ্চলৰ বন্য হাতীয়ে জলাশয়ত গা ধুই পুষ্টিকৰ জলজ খাদ্য খাই থকা দেখিবলৈ পোৱাটো এক আমোদজনক দৃশ্য।২০০২ত সংশ্লিষ্ট বিভাগে কৰা জৰীপত দীপৰ বিলত ২১৯টা প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ উপস্থিতি পোহৰলৈ আহিছিল । সমান্তৰালকৈ সেই সময়ত বিলখনত ৫০টা প্ৰজাতিৰ মাছ, ৩৮টা প্ৰজাতিৰ সৰীসৃপ আৰু উভচৰ প্ৰাণী, ৪৪৮টা প্ৰজাতিৰ উদ্ভিদৰ উপস্থিতি জৰীপত প্ৰকাশ পাইছিল । অৱশ্যে ইয়াৰ অধিকাংশৰে নতুনকৈ জৰীপ হোৱা নাই যদিও গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ উদ্যোগত অসম ৰাজ্যিক জৈৱ-বৈচিত্ৰ্য পৰিষদৰ আৰু কেইটামান স্বেচ্ছাসেৱী সংগঠনে চলিত বৰ্ষত চলোৱা চৰাইৰ জৰীপত দীপৰ বিলৰ পৰা দেশী-বিদেশী পৰিভ্ৰমী চৰাই অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ তথ্য পোহৰলৈ আহে।বৰ্তমান সময়ত বহু হ্ৰাস হৈছে।

দীপৰ বিল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্রায় বিবিধ প্রজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। ইয়াৰে কেইবিধমান প্রবজনকাৰী চৰাই। বিভিন্ন প্রজাতিৰ চৰাইসমূহৰ ভিতৰত কৈলাঙি, দৈকলা, পানীডুবি,  পানীকাউৰী, মণিয়ৰী, গাবোগ, পানীবগ, বৰবগ, ভেলা, বৰবগ, মাজুবগ, কণামুচৰি, ইটাগুড়ীয়া, নলচুপিশামুকভঙাবৰটোকোলা, হাড়গিলা, ধৃতৰাজ, শৰালি, বৰশৰালি,বনৰীয়া পাতিহাঁহ, দীঘলনেজী, ৰঙামূৰী হাঁহ, খন্তীয়াহহ, বামুণীহাহ,শগুন, মটীয়া চিলনী বিভিন্ন প্রজাতিৰ মাছৰোকা, ডাউক, দলপুঙা, সেঁকৰ, কামচৰাই, দলম’ৰা, বালিঘোঁৰা, গংগাচিলনী, ৰামপাৰ, কেঁচু, বালিমাহী আদি উল্লেখযোগ্য।চৰাইৰ উপৰি দীপৰ বিলত ৰৌ, ভকুৱা, শ’ল, কাৱৈ, ৰৌ, বৰালি, ভকুৱা,  কান্ধুলি, পুঠি, খলিহনা, মাগুৰ আদি বিভিন্ন জাতৰ মাছ আছে। অভয়াৰণ্যখনৰ গাতে লাগি থকা ৰাণী আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলৰপৰা কেতিয়াবা ৰাতি জাক পাতি হাতী নামি আহি আহাৰ গ্রহণ কৰে৷ একেদৰে শৰপহু, গাহৰি, নাহৰফুটুকী বাঘ আদিও অভয়াৰণ্যখনলৈ আহে। অভয়াৰণ্যখনৰ উদ্ভিদৰাজিৰ ভিতৰত ঘাইকৈ জলজ উদ্ভিদেই প্রধান। অভয়াৰণ্যখনৰ দক্ষিণ-পশ্চিমফালে কিছু পৰিমাণে অৰণ্য দেখিবলৈ পোৱা যায়। জলজ উদ্ভিদসমূহৰ ভিতৰত সৰু পুণী, ভেট, শিঙৰী, মেটেকা, ভেট, হেলচী, কলমৌ আদি প্রধান।

 

                                                                                                                            সহায় লৈ

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.