12 July, Sat 2025
support@thecriticalscript.com
Blog image

শ্বহীদ খহুলী দেৱীৰ বিষয়ে জানেনে?

09 Jul,2025 06:28 PM, by: Ankita Gogoi
1 minute read Total views: 49
0 Like 0.0

খহুলী দেৱী (খহুলী নাথ) আছিল অসমৰ এগৰাকী সাহসী স্বাধীনতা সংগ্ৰামী। তেখেতৰ কথা বহুলোকে হয়টো‌ নাজানে। তেওঁ বিয়াল্লিছৰ গণ-আন্দোলনত অংশ লৈ নিজৰ প্ৰাণ আহুতি দিছিল। মহাত্মা গান্ধীৰ আহ্বানত সঁহাৰি জনাই, তেওঁ গৰ্ভৱতী অৱস্থাত ঢেকিয়াজুলি থানাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ গৈছিল। তেতিয়াই পুলিচৰ গুলীত তেওঁ শ্বহীদ হয়।

১৯২০ চনত নগাঁও জিলাৰ ধিংৰ ডুমডুমীয়া গাঁৱত এখন কৃষক পৰিয়ালত খহুলী দেৱীৰ জন্ম হয়। তেওঁ নাথ সম্প্ৰদায়ৰ আছিল। তেওঁৰ তিনিজন ভাই আছিল—বলোৰাম, বগীৰাম আৰু জোনাৰাম কাটনি। বগীৰামক “ফোঁটালো” বোলা হৈছিল কিয়নো তেওঁৰ কপালত বগা চুলিৰ ফোঁটা আছিল। বগীৰামে বালিসত্ৰৰ এজনী ছোৱালীক বিয়া কৰিছিল। তেওঁলোকৰ চাৰিজন সন্তানৰ ভিতৰত খহুলী দেৱী আছিল তৃতীয় সন্তান।

খহুলী দেৱীৰ আনুষ্ঠানিক শিক্ষা নাছিল, কিন্তু তেওঁ হাতৰ কামত অতি নিপুণ আছিল। ১৯৩৭ চনত তেওঁৰ বিয়া হয় দৰং জিলাৰ ঢেলিয়াজুলি থানাৰ কাটনি গাঁৱৰ পোনাৰাম নাথৰ সৈতে। ১৯৩৮ চনত তেওঁলোকৰ প্ৰথম কন্যা সন্তান "দাৰিকী"ৰ জন্ম হয়। পোনাৰাম ১৯৩০ চনৰ পৰাই স্বাধীনতা আন্দোলনত জড়িত আছিল আৰু খহুলীকো এই আন্দোলনত অংশ ল’বলৈ উৎসাহিত কৰিছিল। ১৯৪০ চনত খহুলীৰ দ্বিতীয় কন্যা সন্তান “ভেবেলী”ৰ জন্ম হয়।

১৯৪২ চনৰ ১৫ ছেপ্তেম্বৰত পুষ্পলতা দাসৰ সভাপতিত্বত এখন সভাত ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই খবৰত খহুলী নাথো অংশ ল’বলৈ সাজু হয়। তেতিয়া তেওঁ গৰ্ভৱতী আছিল। ২০ তাৰিখে থানাত পতাকা উত্তোলনৰ সময়ত দাৰোগা মহীধৰ বৰা আৰু কমলাকান্ত দাসৰ মাজত বাক-বিতণ্ডা হয়, যাৰ ফলত উত্তেজনা বাঢ়ে আৰু পুলিচে গুলী চলায়। এই গুলীচালনাত গৰ্ভৱতী খহুলী নাথ গুলীবিদ্ধ হৈ শ্বহীদ হয়। তেওঁৰ মৃতদেহ তেজপুৰলৈ লৈ যোৱা হয়, কিন্তু স্বামী পোনাৰামক সৎকাৰৰ বাবে ঘূৰাই দিয়া নহয়। ১৯৮৭ চনত তেওঁৰ স্মৃতিত কাটনি গাঁৱৰ ৰাইজে "শ্বহীদ খহুলী দেৱী প্ৰাথমিক বিদ্যালয়" স্থাপন কৰে।

১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলিৰ বৰগাঁও, নাহৰবাৰী, মিছামাৰী, ঢেকিয়াজুলি আৰু বৰছলা—এই পাঁচখন মৌজাৰ প্ৰায় ৫ হাজাৰ ৰাইজে সমদল কৰি থানা অভিমুখে গৈছিল। এই সমদলৰ নেতৃত্বত আছিল কমলাকান্ত দাস। থানাত পতাকা উত্তোলনৰ সময়ত পুলিচে গুলী চলায়, য’ত ১১ জন দেশপ্ৰেমী নিহত হয়। শ্বহীদসকলৰ মাজত খহুলী দেৱীও আছিল।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.