30 April, Wed 2025
support@thecriticalscript.com
Blog image

পাহৰণিৰ গৰ্ভত অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী

04 Apr,2025 06:20 PM, by: Ankita Gogoi
1 minute read Total views: 109
0 Like 0.0

দেশৰ স্বাধীনতা সংগ্ৰামত অসমৰ বীৰ বীৰাংগনাৰ দেহতো জ্বলি উঠিছিল বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহুলোক চিৰদিনলৈ ঘূণীয়া হৈছিল। এই বিদ্ৰোহত বহু সাহসী  মহিলাইও প্ৰাণ আহুতি দিছিল। তাৰে ভিতৰত পাহৰণিৰ গৰ্ভত এগৰাকী স্বাধীনতা সংগ্ৰামী হৈছে দাৰিকী দাসী বৰুৱা।

দাৰিকী দাসী বৰুৱা অসমৰ গোলাঘাট জিলাৰ মৰঙ্গী মৌজাৰ অন্তৰ্গত পঙ্কা গাঁৱৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেখেত আনন্দীৰাম দাসৰ পত্নী আছিল৷ তেওঁ এগৰাকী সাহসী আৰু দেশপ্ৰেমিক মহিলা হিচাপে পৰিচিত, যি ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল৷ মহাত্মা গান্ধীৰ নেতৃত্বত চলা "আইন অমান্য আন্দোলন"ৰ সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহু নাৰী আগবাঢ়ি আহিছিল৷ এই আন্দোলনৰ এটা গুৰুত্বপূর্ণ দিশ আছিল মাদক বিৰোধী অভিযান — বিশেষকৈ আফিঙৰ ব্যৱসায়ৰ প্ৰতিবাদ৷

এই পৰিসৰত, দ্বাৰিকী দাস বৰুৱাই আফিঙৰ দোকানৰ সন্মুখত পিকেটিং কৰাৰ দৰে কঠিন দায়িত্বত নিজকে নিয়োজিত কৰিছিল৷ উল্লেখযোগ্য যে, তেওঁ সেই সময়ত তেওঁ গৰ্ভৱতী আছিল, তথাপিও ৰাষ্ট্ৰৰ কল্যাণৰ বাবে নিজক ত্যাগ কৰি ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আহিছিল৷ তেওঁৰ উৎসাহ আৰু আত্মত্যাগে বহুতো নাৰীক অনুপ্ৰাণিত কৰিছিল, যিয়ে তেওঁৰ পদাঙ্ক অনুসৰণ কৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল৷

১৯৩২ চনৰ ১ ফেব্ৰুৱাৰীত, আন্দোলনৰ সময়ত পিকেটিং চলাই থাকোঁতে তেওঁক বৃটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ কাৰাগাৰত থাকোঁতে তেওঁৰ গৰ্ভাৱস্থাৰ কথা বুজি পাই শিৱসাগৰ জেল কৰ্তৃপক্ষই  চৰকাৰক তেওঁৰ শাৰীৰিক অৱস্থাৰ প্ৰতি সহানুভূতি দেখুৱাই মুক্তিৰ প্ৰস্তাৱ আগবঢ়াবলৈ অনুৰোধ জনাইছিল, কিন্তু দাৰিকী দাসী বৰুৱাই মুক্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে৷ তেওঁ জেলতে থাকোতে পেটৰ ৰোগত আক্ৰান্ত হয় আৰু শেষত ১৯৩২ চনৰ ২৬ এপ্ৰিলত কাৰাগাৰৰ ভিতৰতে তেওঁৰ দেহাৱসান ঘটে৷ তেওঁৰ আত্মত্যাগ ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে চিৰস্মৰণীয় হৈ ৰ’ব৷

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.