22 December, Mon 2025
support@thecriticalscript.com
Blog image

ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস

25 Nov,2025 06:13 PM, by: Ankita Gogoi
1 minute read Total views: 151
0 Like 0.0

ভ্ৰাম্যমাণ থিয়েটাৰ মূলত নাট্য পৰিবেশনৰ এক বিশেষ ধৰণ, য’ত নাট্য দলসমূহে এখন স্থানৰ পৰা অন্য এখন স্থানলৈ ভ্ৰমণ কৰি নাটক প্ৰদৰ্শন কৰে। নাটকৰ লগত জড়িত অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰ লগতে সমগ্ৰ মঞ্চ, প্ৰেক্ষাগৃহ আৰু দৰ্শকৰ বাবে চকী আদিও ভ্ৰাম্যমাণ থিয়েটাৰে নিজেই সকলোবোৰ যোগান ধৰে।কোৱা হয় যে, ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে অনুষ্ঠান বিশ্বৰ অন্য কোনো অঞ্চলত দেখা নাপায়।ই অসমৰ সাংস্কৃতিক পৰিচয়ৰ এক অনন্য নিদৰ্শন।

ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃপুৰুষ হিচাপে অচ্যুত লহকৰক মান্য কৰা হয়। ১৮৬০ চনৰ পৰা বৰপেটাত তিথিৰাম বায়ন নামো এজন নৃত্য-বাদ্যবিশাৰদে প্ৰথমবাৰ অসমীয়া কলা-শিল্পীক লৈ যাত্ৰাদল গঠন কৰিছিল। এই দলেই অসমৰ বিভিন্ন ঠাই চাৰিওফাল ঘূৰি নাট প্ৰদৰ্শন কৰিছিল। তেখেতৰ উল্লেখযোগ্য নাটসমূহ আছিল— ‘দুৰ্য্যোধনৰ উৰু-ভংগ’, ‘ৰাম বনবাস’ আৰু ‘ৰাধিকাৰ মান ভঞ্জন।’ প্ৰথমখন নাট বঙালী নাট্যকাৰৰ সৃষ্টি যদিও বাকি দুখন আছিল প্ৰসন্নলাল চৌধুৰীৰ ককাদেউতা গোবিন্দৰাম চৌধুৰীৰ ৰচনা। ১৮৬০ চনৰ পৰা ১৯৩০ চনলৈকে বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা জিলা অঞ্চলত বহু যাত্ৰা-পাৰ্টি বা অপেৰা দল গঢ়ি উঠিছিল।

১৯১০ চনত পাঠশালাত নাট্যকাৰ-অভিনেতা সন্তৰাম চৌধুৰীয়ে ‘পাঠশালা থিয়েটাৰ পাৰ্টি’ স্থাপন কৰে। তেখেতে প্ৰথমবাৰৰ বাবে নাট্যদলৰ সৈতে মঞ্চ, পৰ্দা, আলোক-ব্যৱস্থা আদি সকলো সা-সঁজুলি সৈতে ঘূৰি নাট প্ৰদৰ্শনৰ প্ৰথা আৰম্ভ কৰিছিল।

১৯৩০ চনত ব্ৰজনাথ শৰ্মাই গঠন কৰা ‘কহিনুৰ অপেৰা পাৰ্টি’ অতি খ্যাতি লাভ কৰে। সমগ্ৰ অসম চৰি নাট প্ৰদৰ্শন কৰি এই অপেৰাই পৰিভ্ৰমণশীল নাট্যনুষ্ঠানক এক নতুন দিশ প্ৰদান কৰে। অসমত প্ৰথমবাৰৰ বাবে সহ-অভিনয় আৰম্ভ হোৱাৰ স্বীকৃতি কহিনুৰ অপেৰাকেই দিয়া হয়, যদিও বৰ্তমানে জানিব পৰা গৈছে যে ইয়াৰ পূৰ্বেও অসমত সহ-অভিনয় চলিছিল।

কহিনুৰ অপেৰাৰ আদৰ লৈ তাৰ পিছত বহু অপেৰা দল গঠন হৈছিল। তেওঁলোকৰ ভিতৰত অন্যতম আছিল সদানন্দ লহকৰদ্বাৰা ১৯৫৯ চনত স্থাপিত ‘নটৰাজ অপেৰা’, যাক পাঠশালা (বৰ্তমান বৰপেটা জিলা) অঞ্চলৰ এগৰাকী উল্লেখযোগ্য অপেৰা দল হিচাপে গণ্য কৰা হয়।

সদানন্দ লহকৰৰ জেষ্ঠ ভাতৃ অচ্যুত লহকৰে ‘নটৰাজ অপেৰা’ক নতুন ৰূপ দিছিল আৰু বৰ্তমানৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম হয়। যিবোৰ বিষয় অপেৰাত তেওঁ ভাল নোপোৱা বুলি উল্লেখ কৰিছে, সেয়া— পুৰুষ অভিনেতাই নাৰী চৰিত্ৰ অভিনয় কৰা, ভাষাৰ ভুল উচ্চাৰণ, সংলাপক সুৰৰ লগত বেঁধি কোৱা, আৰু অনূদিত নাটকৰ আধিক্য য’ত অসমৰ পটভূমি নাথাকিলেও বিদেশী পৰিবেশ ব্যৱহাৰ কৰা হ'ত।

তেখেতে চাইছিল মৌলিক নাট, অসমীয়া পটভূমি, আৰু আধুনিক গদ্য সাহিত্যৰ শৈলীত সংলাপ। সিমানেই নহয়— শিল্পীসকলৰ পেছাদাৰী জীৱনটোক দৃঢ়ভাৱে গঢ়ি তোলাৰো তেখেতে বিশেষ গুৰুত্ব দিছিল। পোহৰ-প্ৰযুক্তিৰ নতুনত্ব, শব্দ-ব্যৱস্থাৰ উন্নত প্ৰয়োগ, আৰু অন্যান্য চমকদাৰী মঞ্চ-কলা ব্যৱহাৰ কৰি ভ্ৰাম্যমাণ নাট্যক অপেৰা আৰু যাত্ৰাৰ পৰা পৃথক ৰূপ দিয়া হৈছিল।

সমগ্ৰ অসম ঘূৰি নাট্য প্ৰদৰ্শন কৰাৰ সময়ত সম্ভাৱ্য অসুবিধা দূৰ কৰিবলৈ অচ্যুত লহকৰে অস্থায়ী আৰু বহনযোগ্য মঞ্চ, প্ৰেক্ষাগৃহ আৰু দৰ্শক বহাৰ আসন আদি কঢ়িয়াই লৈ ফুৰোৱাৰ ব্যৱস্থা কৰিছিল। সেই ধাৰণাই ভ্ৰাম্যমাণ থিয়েটাৰক অসমীয়া নাট্যজগতৰ এক অনন্য, উদ্ভাৱনীমূলক অনুষ্ঠান ৰূপে প্ৰতিষ্ঠা কৰিলে।

১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালা নগৰৰ হৰিমন্দিৰ প্ৰাংগনত নির্মিত অস্থায়ী প্ৰেক্ষাগৃহতেই প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণৰ নাটক মঞ্চস্থ কৰা হয়। মঞ্চস্থ নাটক আছিল ফণী শৰ্মাৰ ‘ভোগজৰা’। সেই সময়ত যদিও ‘ভ্ৰাম্যমাণ থিয়েটাৰ’ নামটোৰ জন্ম হোৱা নাছিল, এই প্ৰথম প্ৰদৰ্শনটোৱেই আগলগৈ ইতিহাস গঢ়িছিল।

প্ৰথম বৰ্ষৰ সফলতাৰ পিছতেই সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই গুৱাহাটী টাউন ক্লাবৰ সাহায্য সংগ্ৰহৰ উদ্দেশ্যে নটৰাজ থিয়েটাৰক আমন্ত্ৰণ জনাইছিল। সেই সময়ৰ বাতৰি কাকতত ডাঙৰ হৰফেৰে ‘বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ’ বুলি প্ৰকাশ পোৱাৰ পৰা এই অনুষ্ঠানেই ‘ভ্ৰাম্যমাণ থিয়েটাৰ’ নামেৰে দেশজুৰি জনাজাত হ’ল।

প্ৰথম বৰ্ষত নটৰাজ থিয়েটাৰে মঞ্চস্থ কৰা নাটকসমূহ আছিল— উত্তম বৰুৱাৰ ‘জেৰেঙাৰ সতী’, ফণী শৰ্মাৰ ‘ভোগজৰা’, অতুল চন্দ্ৰ হাজৰিকাৰ ‘টিকেন্দ্ৰজিৎ’ আৰু অনূদিত নাটক ‘হায়দৰ আলি’।

এই দলটোৰ উপদেষ্টা হিচাপে আছিল বিষ্ণুপ্ৰসাদ ৰাভা, ড° কৃষ্ণকান্ত লহকৰ আৰু ধৰণী গোস্বামী। নাটকৰ পৰিচালনা কৰিছিল চন্দ্ৰ চৌধুৰীয়ে; ৰূপাঙ্কন সাম্গ্ৰী গঢ়াইছিল গজেন বৰুৱা, আদ্য শৰ্মা আৰু ত্ৰৈলোক্য দত্ত। আলোক পৰিচালনাৰ দায়িত্ব পালন কৰিছিল স্বয়ং অচ্যুত লহকৰে।

নটৰাজ থিয়েটাৰৰ বিপুল জনপ্ৰিয়তাই অসমত ভ্ৰাম্যমাণ থিয়েটাৰৰ নতুন দিশ উদ্ভাৱন কৰিছিল। এই সফলতাৰ প্ৰেৰণাত ধীৰে ধীৰে অন্য বহু থিয়েটাৰ দল গঢ়ি উঠিবলৈ ধৰিলে। ফলস্বৰূপ, ভ্ৰাম্যমাণ থিয়েটাৰ আজিকালি অসমৰ এক বিশেষ সাংস্কৃতিক ঐতিহ্য হিচাপে আদৰ পায়।

নটৰাজৰ পিছত জন্ম হোৱা উল্লেখযোগ্য থিয়েটাৰ দলবোৰৰ ভিতৰত আছে — আৰাধনা থিয়েটাৰ (প্ৰযোজক: সদানন্দ লহকৰ), কহিনুৰ থিয়েটাৰ (প্ৰযোজক: ৰতন লহকৰ), আৱাহন থিয়েটাৰ (প্ৰযোজক: কৃষ্ণ ৰয়), ভাগ্যদেৱী থিয়েটাৰ (প্ৰযোজক: শৰৎ মজুমদাৰ) আদি। বহু নতুন দলেও পাছলৈ এই শাখাটোক সমৃদ্ধ কৰি আহিছে, আৰু ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়াও অসমৰ অন্যতম জনপ্ৰিয় বিনোদন মাধ্যম।

থিয়েটাৰসমূহে নাট্য প্ৰযুক্তিতো নিয়মিত উদ্ভাৱন আনিছে— যেনে থিয়েটাৰ-স্কোপ, অলছোম আদি ধৰণৰ মঞ্চ পৰিকল্পনা, পোহৰৰ কাৰুকৌশল, শব্দ-ব্যৱস্থা আৰু অন্যান্য চমকদাৰী প্ৰযুক্তিৰ সৃষ্টিশীল প্ৰয়োগ। কিছুমান নাটকত মাজতে কিছুমান দৃশ্য চিনেমাৰ আকাৰত দেখুওৱাৰ উদ্যোগো চলিছিল।

পাছলৈ অধিক বৈচিত্ৰ্য আৰু গতিসম্পন্নতা সৃষ্টিৰ বাবে নাটক এখনৰ পৰিৱৰ্তে দুখন মঞ্চত একেলগে প্ৰদৰ্শনৰ ব্যৱস্থা আৰম্ভ হয়। বৰ্তমানো অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰে দুখন মঞ্চ ব্যৱহাৰ কৰি নাটক প্ৰদৰ্শনৰ এই ধাৰাটোক অব্যাহত ৰাখিছে।


তথ্য সংগৃহীত


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.