21 December, Sat 2024
support@thecriticalscript.com
Blog image

দ্য কানেক্ট ২০২৫ - তৃতীয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সতীৰ্থ সন্মিলন

18 Dec,2024 05:13 PM, by: Super Admin
1 minute read Total views: 51
0 Like 0.0

পাঞ্জাবাৰীৰ গুৱাহাটী পাব্লিক স্কুলত দ্য কানেক্ট ২০২৫ - তৃতীয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সতীৰ্থ সন্মিলন, অনুষ্ঠানৰ বাবে সাজু হৈছে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মিলন-মেলা মানেই হৈছে স্মৃতিৰে ভৰা এক সুন্দৰ অতীত।  যেতিয়া পুৰণি পৰিচিত মুখবোৰক পুনৰ দেখা হয়, তেতিয়া আনন্দৰ চকুপানী, স্মৃতিৰ টোপোলা, আৰু বন্ধুত্বৰ উষ্ণতা এক অনন্য অনুভৱৰ সৃষ্টি কৰে। সেইয়ে গুৱাহাটীৰ পাব্লিক স্কুলত এইবাৰ তৃতীয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন আৰু জানুৱাৰীত অনুষ্ঠিত কৰা হৈছে।

এই অনুষ্ঠানে বিভিন্ন বৰ্ষৰ স্নাতকসকলক একত্ৰিত কৰি কলেজখনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সতীৰ্থতা আৰু স্মৃতিসমূহ জীপাল কৰি তুলিব।

গুৱাহাটী পাব্লিক স্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সন্মানীয় সভাপতি কুমাৰ কাশ্যপৰ সভাপতিত্বত এই সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তেওঁৰ দৃষ্টিভংগীয়েই এই পদক্ষেপৰ চালিকা শক্তি হৈ আহিছে, যিয়ে সকলো উপস্থিত ব্যক্তিৰ বাবে এক অৰ্থপূৰ্ণ অভিজ্ঞতা নিশ্চিত কৰিছে।


এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে একেলগ হৈ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে চাইকেল ৰেলী অনুষ্ঠিত কৰিলে।অনুষ্ঠানটো পেডেল ফৰ এ চেঞ্জ সংস্থাই সহযোগ কৰে। উল্লেখযোগ্য যে এই সংস্থাৰ সদস্য আৰু জিপিএছ কলেজৰ গৌৰৱান্বিত প্ৰাক্তন ছাত্ৰ আৰ্শ্বেল আখতাৰ উক্ত ৰেলীত উপস্থিত আছিল, যিয়ে এই অনুষ্ঠানৰ গুৰি ধৰোতা আছিল।

এই ৰেলীৰ উদ্দেশ্য হৈছে এক সুস্থ জীৱনশৈলী, প্ৰদূষণ মুক্ত, এক ইতিবাচক আৰু বহনক্ষম জীৱন নিৰ্বাহ কৰা আৰু চাইকেলক প্ৰম'ট কৰা।লগতে ভৱিষ্যত প্ৰজন্মক চাইকেল চলোৱাৰ প্ৰেৰণা যোগোৱা।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সংগীতা চেটাৰ্জীৰ নিৰ্দেশনাত এই সভাখন সকলো অংশগ্ৰহণকাৰীৰ বাবে এক আদৰৰ স্মৃতি হিচাপে পৰিগণিত হোৱাৰ আশা কৰা হৈছে। ড° চেটাৰ্জীৰ নেতৃত্বই জিপিএছৰ পৰিয়ালৰ ভিতৰত উৎকৃষ্টতা আৰু ঐক্যৰ পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, যিয়ে এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আৰু সম্পূৰ্ণ হৈ উঠিছে।


কানেক্ট ২০২৫ কেৱল পুনৰ মিলন নহয়ই হৈছে সকলোৰে এক সুন্দৰ যাত্ৰা, কৃতিত্ব আৰু আকাংক্ষাৰ উদযাপন৷ এই অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ আকৰ্ষণীয় ভাষণ, ইন্টাৰেক্টিভ অধিবেশন, আৰু ব'ৰ্ড পৰীক্ষাৰ শিক্ষাৰ্থীসকলক শুভেচ্ছা প্ৰদান কৰা হ'ব। যাৰ ফলত ই সকলোৰে বাবে এক সমৃদ্ধিশালী অভিজ্ঞতা হব।

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰকলেজীয়া দিনবোৰ পুনৰ জীৱিত কৰিবলৈ একেলগ হোৱাৰ এই অনুষ্ঠানে অতীত আৰু বৰ্তমানৰ জিপিচিয়ানসকলৰ মাজৰ বন্ধন শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সম্পর্ক আৰু তেওঁলোকৰ অভিজ্ঞতাৰ জৰিয়তে এক নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাবলৈও এই মিলন-মেলা এক সঁজুলি হিচাপে কাম কৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.