ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ 'লভিতা'
আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিদিৱস। এই উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস। ১৯৫১ চনৰ ১৭ জানুৱাৰীত কম আয়ুসকালতে মৃত্যুবৰণ কৰা অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আছিল অসমীয়া প্ৰথমখন চলচ্চিত্ৰৰ নিৰ্মাতা। অসমীয়া চলচ্চিত্ৰীয় ইতিহাসৰ অন্যতম দলিল জয়মতী চিনেমাৰ সমান্তৰালভাৱে আগৰৱালাই গীতিকাৰ, নাট্যকাৰ, লেখক আৰু এগৰাকী স্বাধীনতা সংগ্ৰামী ৰূপে জাতীয় জীৱনক সমৃদ্ধ কৰিছিল।অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেওঁৰ বৰঙণি আছে।
তেখেতৰ প্ৰতিখন নাটকেই আধুনিক অসমীয়া নাট্য সাহিত্যৰ একো একোটা মাইলৰ খুঁটি স্বৰূপ।জ্যোতিপ্ৰসাদ আগৰৱালাৰ অন্যতম নাট্য সৃষ্টি হৈছে ‘লভিতা’। এই নাটখনি ১৯৪৭ চনত জ্যোতিপ্ৰসাদে তামোলবাৰী চাহ বাগিচাত থাকোঁতে ৰচনা কৰে। ‘লভিতা’ এখনি সামাজিক তথা বাস্তৱধৰ্মী নাটক।
জ্যোতিপ্ৰসাদৰ ‘লভিতা’ নাটখনিত প্ৰতিফলিত হৈছে এগৰাকী অসমীয়া গাঁৱলীয়া ছোৱালীয়ে কিদৰে অসীম ধৈৰ্য আৰু সাহসেৰে বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে থিয় দিছে আৰু শেষত স্বদেশৰ মুক্তিৰ হকে আত্মাহুতি দিছে। সাধাৰণ গাঁৱলীয়া ছোৱালী এজনীৰ সুপ্ত শক্তি আৰু সম্ভাৱনা কিমান থাকিব পাৰে, তাকেহে লভিতা চৰিত্ৰটোৰ মাজেৰে নাট্যকাৰে প্ৰতিফলিত কৰিছে। আনহাতে স্বাধীনতা যুদ্ধৰ শেষ পৰ্যায়ত নাৰীৰ ভূমিকা কিমান গভীৰ আছিল, সেই কথাও লভিতাৰ মাজেৰে প্ৰদৰ্শন কৰিছে।১৯৪৭ চনত ৰচিত এই নাটকখনত অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি বৈ যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাৰ এক চিত্ৰ ৰূপায়ণ কৰা হৈছে।
জ্যোতিপ্ৰসাদে লভিতা নাটত কোনো নায়ক নায়িকা নাই বুলি কৈছে।অৱশ্যে নায়ক নাথাকিলেও লভিতাক সহজেই নায়িকা বুলি ক'ব পাৰি। লভিতাৰ চৰিত্ৰ বৰ্ণনা কৰোঁতে নাট্যকাৰে কোনো কাব্যিকতাক প্ৰশ্ৰয় দিয়া নাই। মাত্ৰ 'বগা আৰু শুৱনি' বুলি লভিতাৰ বৰ্ণনা দিয়া হৈছে আৰু সেই চৰিত্ৰ নিৰ্মাণতো সকলো ৰোমাণ্টিক ভাৱবিলাস ত্যাগ কৰিছে।
লভিতাৰ কাহিনীভাগ ১৯৪২ চনৰ স্বাধীনতা আন্দোলন আৰু দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচিত হৈছে। জ্যোতিপ্ৰসাদৰ মতে 'লভিতা'ৰ চৰিত্ৰৰ প্ৰথম ভাগ ১৯৪১ চনৰ শেহত তেজপুৰৰ শালনি এয়াৰ ফিল্ডত হোৱা ঘটনা এটাৰ পৰা লোৱা হৈছে। তাত শালনি এয়াৰ ড্ৰমৰ লগালগি অসমীয়া গাঁও এখনত মিলিটেৰীৰ সহায়েৰে মানুহবোৰক তুলি নিয়া হৈছিল। তাৰে গাঁৱৰ এঘৰত ভেটিৰ পৰা আঁতৰি নাযাওঁ বুলি কেবাগৰাকীও তিৰোতাই গোৰ্খা চিপাহীৰ বন্দুকৰ আগতে বুকুপাতি থিয় হৈছিল। গাঁৱলীয়া অসমীয়া ছোৱালীয়ে কেইবা ঠাইতো মিলিটেৰীৰ হাতত ধৰ্ষিতা হৈ পিছত সমাজত ঠাই নাপাই বেলেগত গৈ যুদ্ধত ভৰ্ত্তি হোৱা ঘটনাও ঘটিছিল। ঢেকীয়াজুলি, গহপুৰ, বৰহমপুৰত অসমীয়া ছোৱালীয়ে দেশৰ বাবে জীৱন উছৰ্গাও কৰিছিল। কিছুমান অসমীয়া ছোৱালী নাৰ্ছ হৈ আৰু যুদ্ধৰ আন কামতো দেশ এৰি বিদেশলৈও গৈছিল। বহুতো অসমীয়া ল'ৰাইয়ো যুদ্ধত যোগ দি অসমীয়াৰ ছাত্ৰশক্তিৰ পৰিচয় দি ভাৰত উদ্ধাৰৰ বাবে সুভাষ চন্দ্ৰ বসুৱে গঢ়া আই. এন. এত গৈ উচ্চ সামৰিক পদবী পাই আই. এন. এ.ৰ সৈতে অসমৰ সীমা আক্ৰমণ কৰিছিল। এই সত্য ঘটনাবোৰৰ ওপৰত ভেঁজা দিয়েই নাট্যকাৰে লভিতা নাটৰ চৰিত্ৰায়ণ কৰা হৈছিল।
নাটকৰ প্ৰথমভাগতে ১৯৪২ চনৰ জাপানী বোমাৰ আক্ৰমণত লভিতাৰ পিতৃৰ মৃত্যু হয়। গৃহহাৰা হৈ তাই মৌজাদাৰৰ ঘৰত থাকিবলৈ যাই যদিও মৌজাদাৰণীৰ অত্যাচাৰত তাৰ পৰা ওলাই আহে। এক পুলিচ বিষয়াই তাইক দুৰ্বৃত্তৰ হাতত ধৰ্ষিতা হোৱাৰ পৰা ৰক্ষা কৰে। তাৰ পিছত তাই ইলাহী নামৰ বৃদ্ধ মুছলমান এজনৰ ঘৰত আশ্ৰয় লয়। পিছলৈ তাই সামৰিক নাৰ্চ হিচাপে ব্ৰিটিছ বাহিনীত সোমাই আৰু কহিমা পাইগৈ। শেষত লভিতাই আই. এন. এ. ফৌজত যোগদান কৰে আৰু ব্ৰিটিছৰ বাৰুদৰ আগত মৃত্যুবৰণ কৰে।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments