27 July, Sat 2024
support@thecriticalscript.com
Blog image

অমলপ্ৰভা দাস এগৰাকী মহিলা স্বাধীনতা সংগ্ৰামী

22 Feb,2023 05:44 PM, by: Ankita Gogoi
1 minute read Total views: 983
0 Like 0.0

অমলপ্ৰভা দাস এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। আমাৰ দেশৰ বহুতো মহিলা স্বাধীনতা সংগ্ৰামীৰ বিষয়ে আমি জানোঁ । তেওঁলোকৰে মাজৰে এগৰাকী সাহসী নাৰী হৈছে অমলপ্ৰভা দাস। তেওঁ এগৰাকী গান্ধীবাদী সমাজ কৰ্মী আছিল। তেখেত মহাত্মা গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু দেশৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল।১৯১১ চনৰ ১২ নৱেম্বৰত ডিব্ৰুগড়ৰ গাওঁত জন্ম গ্ৰহণ কৰিছিল।তেখেতৰ পিতৃৰ নাম আছিল ড° হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম হেমপ্ৰভা দাস।সৰুকালৰে পৰা অমলপ্ৰভা দাসৰ ঘৰত দেশসেৱাৰ পৰিৱেশ আছিল।তেওঁ গান্ধীজী , বিনোৱাজীৰ আদৰ্শতেই নিজক বিলীন কৰি দিছিল।অমলপ্ৰভা দাসে অসমত শ্ৰমদান যাত্ৰা কৰি অসমৰ জনগণৰ মাজত পৰিশ্ৰম কৰিবলৈ সজাগতা বৃদ্ধি কৰিছিল। তেওঁ গুৱাহাটীৰ শৰণীয়া পাহাৰ কস্তুৰবা গান্ধী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ লগতে তেওঁ মহিলা সকলৰ বাবে এক আত্ম সহায়ক গোট আৰু হৰিজন সকলৰ সামাজিক উন্নতিৰ হকে কাম কৰা গুৱাহাটী যুৱক সেৱাদল নামৰ এটি বেচৰকাৰী সংগঠনো প্ৰতিষ্ঠা কৰিছিল।আৰ্থিকভাৱে পিছপৰা মহিলা সকলক কুটিৰ শিল্পৰ প্ৰশিক্ষণ দিছিল। তেওঁ গাঁৱৰ দুখীয়া মহিলা সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে তেওঁ বিভিন্ন কৰ্ম পন্থা হাতত লৈছিল। তেখেতে শৰণীয়া পাহাৰত যঁতৰত সুতা কটা , তাঁতশালত কাপোৰ বোৱা , চাবোন তৈয়াৰ কৰা, সৰিয়হ তেল পেৰা , কাগজ তৈয়াৰ কৰা,  মৌ পালন কৰা আৰু অন্যান্য কুটীৰ শিল্পত আত্মনিয়োগ কৰাৰ ওপৰত গুৰুত্ব দিছিল। অমলপ্ৰভা দাসে ১০ বছৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল।অমলপ্ৰভা দাসক কটন কলেজত পঢ়িবলৈ দিয়া নাছিল কাৰণ সেই সময়ত কেৱল লৰাই পব পৰা নাছিল।কিন্তু পিছলৈ কলিকতাৰ বেথুন কলেজত আই এছ চি সুখ্যাতিৰে পাছ কৰি কলিকতাৰ স্কটিছ কলেজৰ পৰা ডিষ্ট্ৰিংচনসহ ৰসায়ন বিষয়ত বিএছচি পাছ কৰে। ইয়াৰ পিছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯৩৫ চনত এম এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়।শিক্ষা শেষ হোৱাৰ পিছত তেওঁ চৰকাৰী চাকৰি কৰাৰ পৰিৱৰ্তে মহাত্মা গান্ধীৰ চিন্তাধাৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰিছিল।

তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে । তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। ১৯৮১ চনত তেওঁ যমুনালাল বাজাজ বঁটা লাভ কৰে। ভাৰত চৰকাৰে তেওঁক আকৌ ১৯৫৫ চনত দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আগবঢ়াইছিল,কিন্তু তেওঁ সেই সন্মান গ্ৰহণ কৰা নাছিল আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ চিঠিযোগে তেওঁ লিখিছিল যে 'মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ, তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ। কিন্তু মই এই সন্মান ল'ব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাব আনি দিব। তাৰ বাবে মোক অনুগ্রহ কৰি মার্জনা কৰে যেন।''অমলপ্ৰভা কস্তুৰবা সমিতিৰ অসম শাখাৰ সদস্যা হিচাপে কস্তুৰবা পুঁজিলৈ ধন সংগ্ৰহ কৰিছিল। তেওঁ অসম শাখাৰ কস্তুৰবা ট্ৰাষ্টৰ সদস্যা হিচাপে বহুতো কাম সম্পাদন কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ চেষ্টাত এখন কস্তুৰবা গ্ৰাম বিদ্যালয় প্ৰতিষ্ঠা হৈছিল ।অমলপ্ৰভাই স্ত্ৰী শিক্ষাৰ প্ৰচাৰৰ কাৰণে সমগ্ৰ ৰাজ্যতে পদ যাত্ৰা কৰিছিল আৰু ১৯৮৩ চনত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ প্ৰতিৰোধ কৰিবলৈ শান্তি সমাজ গঠনতো আগভাগ লৈছিল।স্বাধীনতা আন্দোলনৰ অংশ হিচাপে মহাত্মা গান্ধীয়ে সকলোকে খাদী কাপোৰ পিন্ধা, ৰাগিয়াল বস্তু বৰ্জন কৰা , বিদেশী বস্ত্ৰ বৰ্জন কৰা , ৰাগিয়াল বস্তু বৰ্জন কৰা , সত্যাগ্ৰহী হোৱাৰ আহ্বান জনোৱা সকলোতে অমলপ্ৰভা দাসে অংশ গ্ৰহণ কৰিছিল। ১৯৪২ চনৰ ভাৰত ভাৰত ত্যাগ আন্দোলনত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ বাবে জনসভাত ভাষণ দি ঘৰলৈ ঘূৰি অহাৰ সময়ত পুলিছে আটক কৰিছিল আৰু যোৰহাটত জেল খাটিব লগীয়া হৈছিল। ইয়াৰ পিছত ১৯৪৩ চনত তেওঁক আকৌ আটক কৰি এক বছৰ ছয় মাহ জেলত ৰাখিছিল।

গৰাকী স্বাধীনতা সংগ্ৰামী ১৯৯৪ চনৰ ৩০ ডিচেম্বৰত মৃত্যু হয়। তেওঁ এগৰাকী আদৰ্শ দেশপ্ৰেমী হিচাপে চিৰস্মৰণীয় হৈ ৰ'ব


                                                                                                                                                                                                                                                                                                                         সহায় লৈ

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.