বে-দেইন্-খলাম: জয়ন্তীয়া জনগোষ্ঠীৰ বিশ্বাস, পৰম্পৰা আৰু ঐতিহ্যৰ বৰ্ণিল উৎসৱ
মেঘালয়ৰ পাহাৰীয়া প্ৰকৃতিৰ বুকুত প্ৰতি বছৰে জুলাই মাহত উদযাপিত হয় এক বৰ্ণিল আৰু ঐতিহ্যমণ্ডিত উৎসৱ – বেহদেইনখলাম (Behdienkhlam)। পৰম্পৰাগত ঢোলৰ গুমগুমীয়া শব্দ, ৰঙীন বাঁহৰ নিৰ্মিত আকৰ্ষণীয় গাঁথনি, উলাহ-উদ্দীপনাৰে ভৰা নৃত্য আৰু সামূহিক অংশগ্ৰহণেৰে মুখৰিত হৈ পৰে জয়ন্তীয়া পাহাৰ। জয়ন্তীয়া জনগোষ্ঠীৰ অন্যতম প্ৰধান ধৰ্মীয় আৰু সাংস্কৃতিক উৎসৱ হিচাপে বেহদেইনখলামে তেওঁলোকৰ বিশ্বাস, কৃষিভিত্তিক জীৱনধাৰা আৰু পূৰ্বপুৰুষৰ পৰম্পৰাক প্ৰতিফলিত কৰে।
সাধাৰণতে খেতিৰ বীজ সিঁচাৰ পিছত জুলাই মাহত এই উৎসৱ পালন কৰা হয়। বিশেষকৈ পৰম্পৰাগত নিয়ামট্ৰে (Niamtre) ধৰ্মাৱলম্বী প্নাৰ (Pnar) জনগোষ্ঠীৰ লোকসকলে এই উৎসৱ পালন কৰে। উৎসৱটোৰ মূল উদ্দেশ্য হৈছে সমাজৰ সকলোৰে মংগল, সুস্বাস্থ্য, সমৃদ্ধি আৰু কৃষিক্ষেত্ৰত প্ৰচুৰ শস্য উৎপাদনৰ বাবে দেৱ-দেৱীৰ আশিস কামনা কৰা। সমগ্ৰ জয়ন্তীয়া পাহাৰ অঞ্চলতে এই উৎসৱ উদযাপন কৰা হয় যদিও পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ সদৰ চহৰ জৱাইত ইয়াৰ আয়োজন আটাইতকৈ আকৰ্ষণীয় ৰূপত দেখা যায়।
‘বেহদেইনখলাম’ শব্দটোৰ অৰ্থ সাধাৰণতে মহামাৰী, ৰোগ-ব্যাধি আৰু অশুভ শক্তিক খেদি পঠিওৱা বুলি ব্যাখ্যা কৰা হয়। এই উৎসৱৰ বিভিন্ন ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজেৰে সমাজৰ পৰা ৰোগ, অমংগল আৰু নেতিবাচক শক্তি আঁতৰাই শান্তি-সমৃদ্ধি প্ৰতিষ্ঠাৰ কামনা কৰা হয়।শীতলা দেৱীক পূজা কৰিলে বসন্ত ৰোগ ভাল হোৱা বিশ্বাসৰ দৰে এই উৎসৱ পালন কৰিলে প্লেগ বেমাৰ নাশ হয় বুলি জনবিশ্বাস প্ৰচলিত হৈ আছে। ঘাইকৈ মেঘালয়ৰ জোৱাই চহৰত এই উৎসৱ পালন কৰা হয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ নানা ঠাইৰ জয়ন্তীয়া লোকসকল আহি মিলিত হৈ এই উৎসৱ পালন কৰে।
বেহদেইনখলামৰ আঁৰৰ জনশ্ৰুতি
প্ৰচলিত কাহিনী অনুসৰি, এসময়ত জোৱাই অঞ্চল ঘন অৰণ্যৰে আৱৰি আছিল আৰু তাত কোনো মানুহৰ বসতি নাছিল। সেই অৰণ্যত পাঁচগৰাকী দেৱ-দেৱীৰ বাসস্থান আছিল বুলি বিশ্বাস কৰা হয়। তেওঁলোকৰ ভিতৰত চাৰিগৰাকী দেৱতাৰ প্ৰতীক আছিল বিশাল শিলাখণ্ড আৰু আনগৰাকী আছিল এগৰাকী নদীৰ পৰী। এই দেৱতাসকলে নিজৰ প্ৰিয় ভূমিত মানুহৰ বসতি স্থাপন হোৱাটো বিচাৰিছিল। এদিন দূৰ-দূৰণিৰ পৰা অহা এটা মংগোলীয় জনগোষ্ঠীয়ে সেই অৰণ্যত আশ্ৰয় লয়। মানুহৰ আগমনত আনন্দিত হৈ জ্যেষ্ঠ দেৱতা ‘উ-মোখাই’ (U-Mokhai)-এ আনন্দত নৃত্য কৰিবলৈ আৰম্ভ কৰে। দেৱতাৰ প্ৰচণ্ড খোজৰ শব্দত নতুনকৈ অহা লোকসকল ভীতিগ্ৰস্ত হৈ পৰিছিল যদিও উ-মোখাইয়ে তেওঁলোকক আশ্বস্ত কৰি কয় যে এই ভূমিয়েই তেওঁলোকৰ স্থায়ী বাসস্থান হ'ব আৰু ইয়াত তেওঁলোকে সুখে-শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰিব।
বহু বছৰৰ পিছত জোৱাইৰ লোকসকল এসময়ত ভয়ংকৰ অভাৱ আৰু দুৰ্ভিক্ষৰ সন্মুখীন হয়। তেতিয়া তেওঁলোকে উ-মোখাইৰ সহায় বিচাৰে। দেৱতাই তেওঁলোকক খেতিৰ বীজ সিঁচাৰ পিছত এক সামূহিক উৎসৱ পালন কৰিবলৈ পৰামৰ্শ দিয়ে। সেই পৰম্পৰাই কালক্ৰমত বেহদেইনখলাম উৎসৱৰ ৰূপ লয় বুলি জনবিশ্বাস প্ৰচলিত হৈ আহিছে।
উৎসৱৰ প্ৰস্তুতি আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠান
বেহদেইনখলামৰ মূল উৎসৱৰ কেইবাদিনো আগৰ পৰাই প্ৰস্তুতি আৰম্ভ হয়। উৎসৱৰ বিভিন্ন ধৰ্মীয় কাৰ্যসূচী পৰম্পৰাগত ধৰ্মীয় নেতা আৰু পুৰোহিতসকলৰ তত্ত্বাৱধানত সম্পন্ন কৰা হয়। উৎসৱৰ অন্যতম গুৰুত্বপূৰ্ণ আচাৰ হৈছে ‘ক্নিয়া পিৰথাট’ (Knia Pyrthat)। বজ্ৰপাতৰ দেৱতাৰ সৈতে জড়িত এই ধৰ্মীয় অনুষ্ঠানত পৰম্পৰাগতভাৱে গাহৰি বলি দি দেৱতাৰ উদ্দেশ্যে নৈবেদ্য আগবঢ়োৱা হয়। ইয়াৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগ, ৰোগ-ব্যাধি আৰু অমংগলৰ পৰা সমাজখনক ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰা হয়। উৎসৱৰ প্ৰায় এসপ্তাহ পূৰ্বে পুৰোহিতসকলে জোৱাইৰ মূল পথসমূহত ‘চিউ চিউ’ (Chew Chew) নামৰ এটা ডাঙৰ পিতলৰ ঘণ্টা বজাই পৰিভ্ৰমণ কৰে। ঘণ্টাৰ গম্ভীৰ শব্দই সমগ্ৰ চহৰখনত উৎসৱৰ আগমনৰ বাৰ্তা কঢ়িয়াই নিয়ে।
এই উৎসৱৰ আন এক উল্লেখযোগ্য দিশ হৈছে তিনিবিধ পৰম্পৰাগত কাঠৰ গাঁথনি নিৰ্মাণ – ‘দেইন খলাম’ (Dein Khlam), ‘চিমলেন্ড’ (Symlend) আৰু ‘খ্নং’ (Khnong)। সংৰক্ষিত অৰণ্যৰ পৰা নিৰ্বাচিত ওখ গছৰ গা-গছনিৰে এই গাঁথনিসমূহ প্ৰস্তুত কৰা হয়। এই কামৰ বাবে পৰম্পৰাগতভাৱে পাইন গছ ব্যৱহাৰ কৰা নহয়। অৰণ্যত কেইটামান নিশা কটোৱাৰ পিছত এই কাঠৰ গা-গছনিসমূহ ঢোল, বাঁহী, নৃত্য আৰু আনন্দ-উল্লাসৰ মাজেৰে চহৰলৈ লৈ অহা হয়। পৰৱৰ্তী সময়ত বিভিন্ন অঞ্চল আৰু ঘৰৰ সন্মুখত এইবোৰ স্থাপন কৰা হয়।
বে-দেইন্-খলাম উৎসৱৰ অন্যতম উল্লেখযোগ্য পৰম্পৰা হৈছে প্লেগকে ধৰি বিভিন্ন মহামাৰীৰ পৰা ৰাইজক ৰক্ষা কৰাৰ প্ৰতীকী আচাৰ। উৎসৱৰ আৰম্ভণিতে প্ৰধান পুৰোহিত বা লিংডোৱে পুৱাই মানুহৰ বসতিস্থললৈ গৈ এডাল কাঠৰ টাঙোনেৰে ঘৰৰ চালত আঘাত কৰে। এই কাৰ্যৰ জৰিয়তে ৰোগ-ব্যাধি আৰু অশুভ শক্তিক খেদি পঠোৱাৰ প্ৰতীকী অৰ্থ প্ৰকাশ পায়। এই পৰম্পৰাৰ সৈতে অসমৰ ম’হ খেদা, মিচিং জনগোষ্ঠীৰ ‘আৰৃগ দবুৰ’ আৰু কামৰূপৰ ‘ভেল দিয়া’ উৎসৱৰ কিছু সাদৃশ্য দেখা যায়। জনবিশ্বাস অনুসৰি বাঁহ আৰু কাঠৰ মাজত ৰোগ নিৰাময়ৰ বিশেষ শক্তি নিহিত হৈ থাকে। ঘৰৰ চালত কোবোৱাৰ পিছত ব্যৱহৃত টাঙোনডাল পানীত বিসৰ্জন দিয়া হয়।
উৎসৱৰ আন এক গুৰুত্বপূৰ্ণ অংশ হৈছে কৃষিৰ সমৃদ্ধি আৰু পৰিয়াল তথা সমাজৰ মংগল কামনা কৰি আৰাধ্য দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰা। ভাল শস্য উৎপাদন আৰু বছৰটোত সকলো ধৰণৰ বিপদ-আপদৰ পৰা ৰক্ষা পাবলৈ পৰম্পৰাগতভাৱে ছাগলী বলি দিয়াৰো নিয়ম আছে। বে-দেইন্-খলাম উৎসৱৰ অন্যতম আকৰ্ষণীয় আয়োজন হৈছে কাঠ আৰু বাঁহেৰে প্ৰস্তুত কৰা ৰথৰ প্ৰদৰ্শন। জয়ন্তীয়া অধ্যুষিত বিভিন্ন অঞ্চলৰ লোকসকলে নিজ নিজ অঞ্চলৰ বাবে একোখনকৈ ৰথ নিৰ্মাণ কৰে। ৰথবোৰ ৰঙীন কাগজ আৰু ফুলেৰে সুন্দৰকৈ সজাই কেইবাজনো যুৱকে কান্ধত তুলি ৰাজহুৱা স্থানত প্ৰদৰ্শন কৰে। এই ৰথযাত্ৰাৰ পৰম্পৰাই জগন্নাথৰ ৰথযাত্ৰাৰ কথাও মনলৈ আনে।
জোৱাই চহৰৰ বিভিন্ন অঞ্চলৰ লোকসকলে নিজৰ নিজৰ ৰথ প্ৰদৰ্শন কৰাৰ পিছত অৰণ্যৰ পৰা ‘দেইন-খলাম’ নামৰ এবিধ গছ সংগ্ৰহ কৰি সেইবোৰ ৰথৰ সৈতে কঢ়িয়াই আনে। পিছত গছবোৰ জোৱাইৰ মুছিয়াং নামৰ ঠাইত একত্ৰিত কৰা হয়। পৰৱৰ্তী দিনা প্ৰতিটো অঞ্চলৰ লোকসকলে গছবোৰ নিজ নিজ ঠাইলৈ লৈ গৈ ৰাজহুৱা স্থানত পুতি থয়। তাৰ চাৰিওফালে সমবেত হৈ ৰাইজে পৰম্পৰাগত নৃত্য-গীতত অংশগ্ৰহণ কৰে। উৎসৱৰ অন্তিম দিনা বিশেষ পূজা-অৰ্চনা সম্পন্ন কৰাৰ পিছত গছবোৰ পানীত বিসৰ্জন দিয়া হয়। বিসৰ্জনৰ পূৰ্বে গছজোপা স্পৰ্শ কৰিলে ব্যক্তিৰ মংগল হয় বুলি স্থানীয় লোকসকলৰ মাজত বিশ্বাস আছে।
এই উৎসৱৰ আন এক ব্যতিক্ৰমী আকৰ্ষণ হৈছে শহুৰ আৰু জোঁৱাইৰ মাজত অনুষ্ঠিত হোৱা পৰম্পৰাগত খেল। এই খেলত সমাজৰ শহুৰ আৰু জোঁৱাইসকলক ‘উত্তৰ’ আৰু ‘দক্ষিণ’ নামৰ দুটা দলত ভাগ কৰা হয়। মুকলি পথাৰত কাঠৰ এখন থাল ব্যৱহাৰ কৰি ফুটবলৰ দৰে খেল অনুষ্ঠিত কৰা হয়। এই খেলৰ মূল উদ্দেশ্য কেৱল মনোৰঞ্জন নহয়, বৰং শহুৰ আৰু জোঁৱাইৰ মাজৰ সম্পৰ্ক অধিক আন্তৰিক আৰু মধুৰ কৰি তোলাও ইয়াৰ এক গুৰুত্বপূৰ্ণ দিশ।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments