23 July, Thu 2026
support@thecriticalscript.com
Blog image

অসমত ভয়াৱহ বান পৰিস্থিতি: ৩১ জনৰ মৃত্যু, ৫.৬৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত!

22 Jul,2026 02:26 PM, by: Ankita Gogoi
1 minute read Total views: 20
0 Like 0.0

অসমত অব্যাহত ধাৰাসাৰ বৰষুণ আৰু নৈ-উপনৈৰ পানী বৃদ্ধি পোৱাৰ ফলত বান পৰিস্থিতিয়ে দিনে দিনে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ ১৩খন জিলাত ৫.৬৫ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। একে সময়তে বিগত ২৪ ঘণ্টাত ২১ জন লোকৰ মৃত্যু হোৱাৰ পাছত বানত মৃত্যুৰ সংখ্যা বৃদ্ধি পাই ৩১ জনলৈ উন্নীত হৈছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ তথ্য অনুসৰি, প্ৰায় ৫,৬৪,৬০০ জন লোক বিশ্বনাথ, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, কামৰূপ, কামৰূপ মহানগৰ, কাৰ্বি আংলং, নগাঁও, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাত বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

সৰ্বাধিক ক্ষয়ক্ষতিৰ খবৰ আহিছে শিৱসাগৰ জিলাৰ পৰা, য'ত ১৩ জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত চাৰি গৰাকী মহিলা আৰু দুজন শিশু আছে। আনহাতে, চৰাইদেউ জিলাত পাঁচজন লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত দুজন শিশু আছে। গোলাঘাটত দুজন আৰু যোৰহাটত এগৰাকী মহিলাৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) অসমৰ বাবে হালধীয়া সতৰ্কবাণী (Yellow Alert) জাৰি কৰিছে। অহা চাৰি দিন ৰাজ্যৰ বিভিন্ন ঠাইত ধুমুহা-বতাহ আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। ইয়াৰ ফলত বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা বৃদ্ধি পাইছে।

উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত থকাৰ মাজতে বানপীড়িত অঞ্চলসমূহত খাদ্য, বিশুদ্ধ খোৱাপানী, আশ্ৰয় আৰু চিকিৎসা সেৱাৰ প্ৰয়োজনীয়তা ক্ৰমাৎ বৃদ্ধি পাইছে। ৰাজ্যবাসীক প্ৰশাসনৰ নিৰ্দেশনা মানি সুৰক্ষিত স্থানত থকাৰ লগতে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.