22 February, Sat 2025
support@thecriticalscript.com
Blog image

যোৰহাটৰ পুৰণি জিমখানা ক্লাৱ!

28 Jan,2025 05:41 PM, by: Ankita Gogoi
1 minute read Total views: 166
1 Likes 0.0

যোৰহাটৰ অতি পুৰণি ঐতিহ্যমণ্ডিত জিমখানা ক্লাব।এই ক্লাৱ ১৮৭৬ চনত চেকনীধৰা গাঁৱত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াত থকা নাইন হ'ল গল্ফ ক'ৰ্ছ এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ৰ্ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সর্বোচ্চ পুৰণি। যোৰহাট নগৰৰ পৰা ক্লাবলৈ যোৱা পথটো ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত যোৰহাটৰ প্ৰথমটো পকী পথ।

স্থাপন হোৱাৰ পৰাই ইয়াত নিয়মীয়াকৈ ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে।১৮৬০ আৰু ১৮৭০ দশকত সমগ্র যোৰহাট জিলাতে বহুতো চাহ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিল। সেয়েহে চাহ খেতিৰ লগত জড়িত লোকসকলে মনোৰঞ্জনৰ বাবে এটা ক্লাব প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছিল। ১৮৭৬ চনত চেকনীধৰা গাঁৱত সেই সময়ৰ যোৰহাট টি কম্পেনীৰ অধীক্ষক জে. হাটমেনে এই ক্লাবটোৰ বাবে এটা ঘৰ নিৰ্মাণ কৰে।প্ৰথমে নিৰ্মাণ কৰা ঘৰটো বৰ্তমানৰ ক্লাবটোৰ পৰা পূবে প্রায় ২ কিঃমিঃ মান দূৰত আছিল।

সেই সময়ত ক্লাবটো অৱস্থিত থকা খেলপথাৰখন আছাম লাইট ইনফেন্ট্রি ব্রিগেড-ই পেৰেড আৰু আন আন কামত ব্যৱহাৰ কৰিছিল। সেয়ে ক্লাবটো অন্য ঠাইলৈ স্থানান্তৰ কৰা হৈছিল। বৰ্তমানৰ ক্লাবটো ১৮৮৫ চনত নিৰ্মাণ কৰা হৈছিল।

যোৰহাট জিমখানা ক্লাব স্থাপন হোৱা বছৰৰ পৰাই ইয়াত নিয়মীয়াকৈ ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে।এই প্রতিযোগিতাৰ বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়।বৰ্তমান, যোৰহাট জিমখানা ক্লাবত ল'ন টেনিছ গ্রাছ ক'ৰ্ট, চুইমিং পুল, বিলিয়ার্ডছ, প'ল' খেলাৰ সুবিধা আছে। ইয়াত ক্ৰিকেটৰ বাবে যোৰহাট জিমখানা খেলপথাৰ আছে।ইয়াত ৰঞ্জি ট্ৰফীৰ লগতে বহুতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুনিয়ৰ আৰু মহিলা ক্রিকেট প্রতিযোগিতাৰ খেলো অনুষ্ঠিত হৈছে।যোৰহাট জিমখানা ক্লাবত নটা গাঁত থকা গ'ল্ফ ক'ৰ্ছ আছে। এই গ'ল্ফ ক'ৰ্ছটো হৈছে এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ৰ্ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সর্বোচ্চ পুৰণি।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.