08 September, Sun 2024
support@thecriticalscript.com
Blog image

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী কোনটো গীত শুনিবলৈ সুধাকন্ঠক এখন কাগজৰ জৰিয়তে অনুৰোধ জনাইছিল

28 Jun,2024 05:01 PM, by: Ankita Gogoi
1 minute read Total views: 3745
2 Likes 0.0

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীয়ে যেতিয়াই সুযোগ পাইছিল তেতিয়াই তেওঁ চিনেমা চাবলৈ ভাল পাইছিল।হেমা মালিনীৰ  'চীতা ঔ'ৰ গীতা' তেওঁ প্ৰায় ২৫ বাৰ দেখিছিল। তেখেতে  আজৰি সময়ত বহু গীত শুনিছিল। গায়ক তথা সুৰকাৰ ভূপেন হাজৰিকা তেওঁৰ অন্যতম প্ৰিয় গায়ক আছিল।

এবাৰ  ডঃ ভূপেন হাজৰিকাদেৱ নতুন দিল্লীত অনুষ্ঠান পৰিৱেশন কৰি আছিল। দিল্লীৰ ৰামলীলা ময়দানত চলি থকা এই অনুষ্ঠানত তেখেত মঞ্চত উপস্থিত আছিল। অনুষ্ঠান শেষ হোৱাৰ সময় আহিল আৰু সমগ্ৰ তেওঁৰ দলটোৱে যাবলৈ সাজুঁ হৈছিল। 

তেনেতে হঠাৎ মঞ্চত এজন লোকে আহি এখন সৰু চিঠি হাজৰিকাদেৱক  দিলে য’ত তেওঁৰ জনপ্ৰিয় গীত ‘মই এটি যাযাবৰ'ৰ কথা লিখা আছিল আৰু তাৰ তলত অটল বিহাৰী বাজপেয়ীৰ দেৱৰ নাম লিখা আছিল। ভূপেন হাজৰিকাদেৱৰ হঠাতে মনত পৰিল যে তেওঁ এই গীতটো পৰিবেশন কৰা নাছিল। ইয়াৰ পিছত তেওঁ এই গীতটো পৰিবেশন কৰিলে।


এই গানটো গোৱাৰ পিছত বাজপেয়ী দেৱক লগ কৰিলে আৰু বাজপেয়ী দেৱে কৈছিল যে তেওঁ আগশাৰীতে বহি এই গীতটো শুনিবলৈ অপেক্ষা কৰি আছিল আৰু গীতটো শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল, সেয়েহে এই অনুৰোধ তেওঁলৈ পঠিয়াইছিল'।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.