10 October, Fri 2025
support@thecriticalscript.com
Blog image

জনপ্ৰিয় কেইখনমান অসমীয়া উপন্যাস!

04 Oct,2025 06:00 PM, by: Ankita Gogoi
1 minute read Total views: 161
0 Like 0.0

অন্তৰীপ

ড° ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। উপন্যাসখনৰ মুখ্য নায়িকা হৈছে মেনকা। এই উপন্যাসখনৰ কাহিনী অসমৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ ওপৰত আধাৰিত। স্বামী-স্ত্ৰী ৰ মাজৰ সাংসাৰিক পৰিস্থিতিক কেন্দ্ৰ কৰা হৈছে। প্ৰথম পত্নী থকা অৱস্থাত যেতিয়া স্বামীয়ে দ্বিতীয় এগৰাকী নাৰী বিবাহৰ বাবে সাজু হয় তেতিয়া প্ৰথমা পত্নীৰ মনোৎস্তাত্বিক অৱস্থা কেনে হ’ব পাৰে তাকেই প্ৰতিফলিত কৰা হৈছে। পৰিয়ালত নিজৰ স্থানৰ বাবে নাৰীৰ সংগ্ৰাম আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা সংঘাতক এই উপন্যাসখনত সুন্দৰভাৱে চিত্ৰিত কৰা হৈছে। ১৯৮৫ চনত ভবেন্দ্ৰনাথ শইকীয়াদেৱে উপন্যাসখনৰ আধাৰত অগ্নিস্নান নামৰ চলচ্চিত্ৰখন পৰিচালিত কৰিছিল। তেওঁ এই চলচ্চিত্ৰখনৰ বাবে ১৯৮৫ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।

দেও লাংখুই

ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। দেও লাংখুইৰ অৰ্থ দেও লগা তৰোৱাল। গ্ৰন্থখনত তেতিয়াৰ সমসাময়িক তিৱা সমাজৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ আৰু তেওঁলোকৰ ৰীতি-নীতি সংস্কৃতি, ভাষা, আৰু পৰম্পৰাৰ ধাৰাবাহিকতা উন্মোচন কৰা হৈছে।সেই সমসাময়িক যুগৰ বিখ্যাত ঐতিহাসিক চৰিত্ৰৰ জীৱন সংগ্ৰাম, আভ্যন্তৰীণ সংঘাতৰ ছবিখন লেখকে বৰ্ণনা কৰিছে।ইয়াত জোঙাল বলহুৰ হাতত থকা দেও লাংখুইৰ কথা কোৱা হৈছে। গ্ৰন্থখনত তেতিয়াৰ অসমৰ বিশদ বিৱৰণ পোৱা যায়। এই উপন্যাসখন ৰোমাঞ্চ, সংঘাত, বিশ্বাসঘাতকতা, আক্ৰমণাত্মকতা আৰু আনুগত্যৰে ভৰি আছে।উপন্যাসখনক কল্পনাতীত কাহিনী হিচাপে, ঐতিহাসিক উপন্যাস হিচাপে বা মহাকাব্য হিচাপে পঢ়িব পাৰি।২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে। এই উপন্যাস খনে ২০০৮ বৰ্ষত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

অসীমত যাৰ হেৰাল সীমা

অসীমত যাৰ হেৰাল সীমা প্ৰয়াত ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামেৰে ৰচিত এখন কালজয়ী উপন্যাস।১৯৪৫ চনৰ ১৫ জুলাইত এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল।বত্ৰিশটা সংস্কৰণ প্ৰকাশৰে অসমীয়া সাহিত্যৰ প্ৰতিখন গ্ৰন্থৰে প্ৰকাশ অভিলেখ ভংগ কৰি জনপ্ৰিয়তা আৰু সৰ্বাধিক বিক্ৰীৰে শীৰ্ষত থকা গ্ৰন্থখনেই হ'ল "অসীমত যাৰ হেৰাল সীমা"।সকলো প্ৰজন্মৰ পাঠকৰ হৃদয়ত এই গ্ৰন্থখনৰ চিৰকাল সজীৱ হৈ থাকে। উপন্যাসখন কল্পনা, বাস্তৱ আৰু জন্মান্তৰবাদৰ ধাৰণাৰ সংমিশ্ৰণ।

মাকাম

এই জনপ্ৰিয় উপন্যাস খন ড॰ ৰীতা চৌধুৰীয়ে ৰচনা কৰিছে। ১৯৬২ চনৰ ভাৰত আৰু চীনৰ  যুদ্ধৰ সময়ত তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা বন্দী কৰি ৰাজস্থানলৈ লৈ যোৱা ১৫০০ জন চীনা-ভাৰতীয় লোকৰ দুখ-দুৰ্দশাৰ কাহিনী ইয়াত বৰ্ণনা কৰা হৈছে। এই যুদ্ধৰ ফলত অসমত বাস কৰা চীনাসকলৰ ওপৰত বহু প্ৰভাৱ পেলাইছিল।অসমত বসবাস কৰা চীনামূলীয় লোকসকলৰ পটভূমিত এই উল্লেখযোগ্য গ্ৰন্থখন ৰচিত। ২০১০ চনৰ এপ্ৰিল মাহত জ্যোতি প্ৰকাশনে প্ৰকাশিত কৰা এই উপন্যাসখন অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিছিল।

হালধীয়া চৰায়ে বাওধান খায়

হোমেন বৰগোহাঞি‌ দেৱৰ দ্বাৰা ৰচিত হালধিয়া চৰায়ে বাওধান খাই গ্ৰন্হ খনত কৃষকসকলৰ জীৱন সংগ্ৰামৰ কথা প্ৰকাশ কৰা হৈছে।ধাননি পথাৰখনেই যে তেওঁলোকৰ জীৱিকাৰ মূল মাধ্যম আৰু তেওঁ লোকে কিমান সমস্যাৰ সন্মুখীন হ'ব লগা হয় সেই সকলোবোৰৰ এখন খুউব দুখ লগা ছবি দাঙি ধৰিছে। উপন্যাসখনৰ মুল‌ নায়ক ৰাখেশ্বৰে  বাৰিষাৰ বৰষুণৰ বাবে কিদৰে আগ্ৰহেৰে বাট চাই থাকে আৰু গাঁৱৰ ধনী মানুহ সনাতনে ৰাখেশ্বৰৰ মুখামুখি হৈ নিজৰ মাটি দাবী কৰে। এই সকলোবোৰৰ ভিত্তিত উপন্যাসখন ৰচনা কৰা হৈছিল। এই‌ উপন্যাসৰ আধাৰত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই এখন ছবি নিৰ্মাণ‌‌ কৰিছিল।১৯৮৭ চনৰ ২১ আগষ্টত মুক্তি পোৱা এই ছবিখনে শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.