18 October, Fri 2024
support@thecriticalscript.com
Blog image

"মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নির্লোভ ভাস্কার্য" -হীৰেন ভট্টাচাৰ্যই

09 Jul,2024 06:31 PM, by: Ankita Gogoi
1 minute read Total views: 441
0 Like 0.0

"মৃত্যুও এটা শিল্প

জীৱন কঠিন শিলত কটা নির্লোভ ভাস্কর্য্য" - হীৰেন ভট্টাচাৰ্য


“সুগন্ধি পখিলা” ৰ কবি ৰূপে খ্যাত হীৰেন ভট্টাচাৰ্যৰ জন্ম ১৯৩২ চনত যোৰহাটত৷ সকলো লোকৰ বাবে তেওঁ মৰমৰ 'হীৰুদা' ৷  তেওঁক "প্ৰেম আৰু ৰ’দালিৰ কবি" নামেৰেও অসমীয়া সাহিত্য জগতত জনা যায় |সুগন্ধি পখিলা কবি তথা প্ৰেম আৰু ৰ’দালিৰ কবি হীৰুদাৰ কবিতাত আছে মাটিৰ গোন্ধ। ‘ভালপোৱাৰ বোকামাটি’ৰে হীৰুদাই কাব্যপ্ৰেমীৰ অন্তৰত ‘সুগন্ধি পখিলা’ৰ সৃষ্টি কৰি গৈছে।অসমীয়া ভাষাত হীৰুদাৰ ১৩ খন কবিতা পুথি প্ৰকাশ পোৱাৰ উপৰি বাংলাতো প্ৰকাশ পাইছে  ২ খন কবিতা পুথি। অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে হীৰুদাক ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত অসম উপত্যকা বঁটাৰে সন্মানিত কৰা হয়।তেওঁৰ কবিতাৰ কাবিক্যতা আৰু কথনশৈলীত আছে অন্য মাত্ৰা।কবিতা কম ভালপোৱা বা কমকৈ বুজি পোৱা লোকৰ বাবেও হীৰুদাৰ কবিতা আছিল তেনেই সহজবোধ্য তথা সমানে প্ৰিয়।

ল'ৰালিৰ কালছোৱাত হীৰেন ভট্টাচাৰ্যৰ এটা প্ৰিয় কাম আছিল শাক-পাচলি ৰোৱা আৰু ফুলৰ খেতি কৰা। দেউতাক জেইলাৰ হোৱাৰ বাবে তেওঁ জেলৰ ভিতৰত প্ৰিয় কামখিনি কৰি থাকিবলৈ সুবিধা পাইছিল।

হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত। ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়। ইয়াৰ পিছত বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ'দ (১৯৭৬) আৰু তোমাৰ গান (১৯৭২) সংকলনকেইখন প্ৰকাশ পায়। কবিৰ সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন ১৯৮১) আৰু শইচৰ পথাৰ মানুহ (সংগৃহীত কবিতা ১৯৯১), মোৰ প্ৰিয় বৰ্ণমালা।

পত্নীৰ সৈতে হীৰু দা



'সুগন্ধি পখিলাৰ কবি' হীৰেন ভট্টাচাৰ্যৰ মৃত্যু হয় ২০১২ চনৰ ৪ জুলাইত।নিজৰ কবিতাৰ দৰেই কবি হীৰুদা আজিও অমৰ, হীৰুদাৰ মৃত্যু আজি এটা শিল্প।তেখেতৰ স্বকীয় কাব্যশৈলী আৰু গীতবোৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰালটোক চহকী কৰাই নহয়, নতুন প্ৰজন্মক দেখুৱাই থৈ গৈছে সৃষ্টিশীলতাৰ বাট।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.