21 November, Thu 2024
support@thecriticalscript.com
Blog image

ৰমণী গাভৰু এগৰাকী আহোম কুঁৱৰী!

05 Nov,2024 06:42 PM, by: Super Admin
1 minute read Total views: 73
0 Like 0.0

ৰমণী গাভৰু আছিল এগৰাকী আহোম কুঁৱৰী। তেওঁক নাংচেং গাভৰু আৰু মাইনা গাভৰু নামেৰেও জনা গৈছিল। আহোম চাওফা চুতাম্লা আৰু পত্নী নাং পাখৰি গাভৰুৰ একমাত্ৰ জী, আহোম ৰাজ্যৰ ৰাজকুঁৱৰী। বিবাহ সূত্ৰে তেওঁৰ নাম ৰহমত বানু বেগম হয় যি মোগল সম্ৰাট মহম্মদ আজম শ্বাহৰ প্ৰথমগৰাকী পত্নী হৈছিল। লালুকসোলা বৰফুকনে আজম শ্বাহক গুৱাহাটী গতাই দিবলৈ কৰা ষড়যন্ত্ৰৰ তেওঁ বিৰোধিতা কৰিছিল।সম্পৰ্কত তেওঁ প্ৰদিদ্ধ আহোম প্ৰশাসক মোমাই তামুলী বৰবৰুৱাৰ ভাগিনী-নাতি আৰু লাচিত বৰফুকন আৰু লালুকসোলা বৰফুকনৰ ভাগিনী।এই দুজনে মোমায়েকে শৰাইঘাটৰ যুদ্ধত অংশ লৈ ৰামসিংহৰ অধীন মোগল সেনাক পৰাস্ত কৰি কামৰূপ উদ্ধাৰ কৰিছিল।

মিৰ জুমলাই অসম আক্ৰমণ কৰি জয়ধ্বজ সিংহক পৰাস্ত কৰে তেতিয়া ১৬৬৩ চনত টিপামৰ ঘিলাধাৰী ঘাটত আহোম আৰু মোগলৰ সন্ধি হয়। সন্ধি মতে জয়ধ্বজ সিংহই ছবছৰীয়া জীয়েক ৰমণী গাভৰু আৰু টিপাম ৰজাৰ জীয়েকক মোগল হাৰেমলৈ পঠিয়াবলৈ গাত লয়।মিৰ জুমলা মোগল বংগৰ ৰজধানী ঢাকালৈ ঘূৰি যাওঁতে বাটতে ৰোগত পৰি মৃত্যু হয়। তেতিয়া ঢাকাৰ চুবেদাৰ শ্বায়েস্তা খানে তেওঁক কিছুদিন চোৱা-চিতা কৰে বুলি অনুমান কৰা হয়।এই মতে ১৬৬৩ চনৰ ১৫ জানুৱাৰীত ৰমণী গাভৰু ঔৰংজেৱৰ সভাত উপস্থিত হয়।তেওঁক ইছলামলৈ ধৰ্মান্তৰিত কৰাৰ পাছত ৰহমত বানু বেগম নাম দিয়া হয়। পাঁচ বছৰৰ ১৬৬৮ চনৰ ১৩ মে'ত তেওঁক দিল্লীত আনুষ্ঠানিকভাৱে ঔৰংজেৱৰ পুত্ৰ মহম্মদ আজম শ্বাহলৈ (আজমতাৰা) ১,৮০,০০০ টকাৰ যৌতুকৰ সৈতে বিয়া দিয়া হয়।

১৬৭১ চনত নতুন আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেনাই সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধত গুৱাহাটী উদ্ধাৰ কৰে।কেইবছৰমানৰ পাছত লাচিতৰ ভাতৃ লালুকসোলা বৰফুকনে গুৱাহাটীক মোগলৰ হাতত গতাই দি ইয়াৰ বিনিময়ত ৰজা হোৱাৰ ষড়যন্ত্ৰ কৰে। সেই সময়ত ৰমণী গাভৰুৰ স্বামী আজমতাৰা বংগৰ চুবেদাৰ হৈ আছিল। এই কথা ৰমণী গাভৰুৱে গম পোৱাৰ পাছত তেওঁ মোমায়েক লালুকসোলালৈ চিঠি লিখি এনে প্ৰতাৰণা নকৰিবলৈ সোঁৱৰাই দিয়ে। অৱশ্যে লালুকসোলাই ৰমণী গাভৰুৰ এই সাৱধানবাণী প্ৰত্যাখ্যান কৰে।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.