27 July, Sat 2024
support@thecriticalscript.com
Blog image

অসমৰ ঐতিহ্যমণ্ডিত মুখা শিল্প

01 Sep,2023 05:37 PM, by: Ankita Gogoi
1 minute read Total views: 3011
2 Likes 0.0

অসমৰ শিল্প সমূহৰ ভিতৰত মুখা-শিল্পৰ এক উল্লেখযোগ্য অৱদান আছে। মহাপুৰুষ শ্ৰীমন্তশঙ্কৰ দেৱৰ অংকীয়া ভাঁওনা সমূহত থকা বিভিন্ন চৰিত্ৰৰ মুখমণ্ডলৰ হুবহু গঢ় দিৱলৈ শিল্পীয়ে সুদক্ষ হাতেৰে মূখা সমূহ গঢ়ি তোলে।পোন্ধৰ শতিকাতে মুখাই বিশেষভাৱে ভাওনাৰ অভিনয়ত স্থান পাইছিল। শ্ৰীমন্ত শংকৰদেৱে মাজুলীৰ চামগুৰি সত্ৰত প্ৰথমতে ভাওনা পৰিবেশনৰ বাবে মুখা শিল্পৰ প্ৰবৰ্তন কৰিছিল।গুৰুজনাই ৰচনা কৰা প্ৰথমখন নাট চিহ্ন যাত্ৰাত প্ৰথমবাৰৰ বাবে গৰুড় পক্ষী, চতুড়ানন ব্ৰহ্মা, শিৱ আদি চৰিত্ৰৰ বাবে মুখা হুবহু ৰূপত সাজি তাত তুলিকাৰে অংকিত কৰি সৰ্ম্পূন ৰূপ ফুটাই তোলা হয়।অংকীয়া নাট পৰিবেশনৰ সময়ত ভাঁৱৰীয়া সকলে চৰিত্ৰানুসাৰে এই মুখা সমূহ পৰিধান কৰি মূল চৰিত্ৰ প্ৰদৰ্শন কৰে। মাজুলীৰ শিল্পী সকলৰ মূখা-শিল্পৰ সৃষ্টি সমূহ উল্লেখনীয়। মাজুলী দ্বীপ অসমৰ নৱবৈষ্ণৱী সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি বিশ্বাস কৰা হয়


উল্লেখযোগ্য এই মুখা সমুহ নাটকত, ভাওনাত, ৰাসত চৰিত্ৰত লগত সংগতি ৰাখি বনোৱা হয় আৰু ঘৰ সজোৱা সামগ্ৰী হিচাপে ব্যৱহৃত হোৱাৰ লগতে বিভিন্ন প্ৰদৰ্শনীত প্ৰদৰ্শিত হয় । চামগুৰি সত্ৰৰ মুখা সমুহৰ তিনিটা প্ৰকাৰ আছে । সেইকেইটা হল বৰমুখা অথবা চৌমুখা, লতকৰী বা লোটোকাই মুখা আৰু মুখ মুখা । ইয়াৰে বৰ মুখা কোনো বিশেষ চৰিত্ৰৰ বাবে সমগ্ৰ দেহাবয়ৱ দেখুওৱাই প্ৰস্তুত কৰি তোলা হয় । আনহাতে লতকৰী অথবা লোটোকাই মুখা বিভিন্ন জীৱ জন্তুক কেন্দ্ৰ কৰি বনোৱা হয় আৰু মুখ মুখা সমূহ অসুৰৰ চৰিত্ৰ অসুৰৰ তথা ভগৱানৰ চৰিত্ৰ দেখুৱাবৰ বাবে নিৰ্মান কৰা হয়। উল্লেখযোগ্য যে এই মুখ মুখা সমূহ এক কৌশল অৱলম্বন কৰি বনোৱা হয় । মুখ মুখা সমূহে চৰিত্ৰ অনুসৰি হঁহা, চকু টিপিওৱা আদিবোৰ কাৰ্য্য সম্পাদিত কৰে।


মুখা নিৰ্মাণ কৰিবৰ বাবে প্ৰথমে কোমল জাতি বাঁহৰ তোমালেৰে জকাটো বনাই লোৱা হয়। তাৰ পিছত মাটিৰ প্ৰলেপ দি শুকুৱাৰ পিছত বিভিন্ন ৰং ব্যৱহাৰ কৰি মূখা বোৰ প্ৰস্তুত কৰা হয়। এতিয়া একাংশ শিল্পীৰ ব্যক্তিগত প্ৰচেষ্টাতহে এই শিল্পবিধ জীয়াই আছে বুলিব পাৰি । মহাপুৰুষ দুজনাৰ মুখা নিৰ্মাণ আৰু ব্যৱহাৰৰ পৰম্পৰা ৰক্ষা কৰি বিভিন্নজনে শিল্পবিধক জীয়াই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে । মাজুলীৰ চামগুৰি সত্ৰত আজিও প্ৰয়াত সত্ৰাধিকাৰ কোষকান্ত গোস্বামীৰ পৰিয়ালে মুখা শিল্পৰ ঐতিহ্য জীয়াই ৰাখিছে। গুৰু দুজনাৰ সৃষ্টিৃ মূখা শিল্পক আধুনিক কৌশল প্ৰয়োগ কৰি ন ৰূপেৰে সজাই বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়া প্ৰয়াত গোস্বামীৰ পৰিয়ালে বংশানুক্ৰমিক ভাবে শিল্প বিধক জীয়াই ৰখাৰ ফলত চামগুৰি সত্ৰত মুখা শিল্পই এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে।                                                                                                                                                                                                                                                                                                                                                                                                           তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.