অসমৰ পৰিবেশ্য কলাৰ অন্যতম ওজাপালি নৃত্য
ওজাপালি অসমৰ আটাইতকৈ সুকীয়া লোকনৃত্য।ই ৰাজ্যখনৰ চহকী পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰে।বিভিন্ন জনগোষ্ঠী আৰু জাতি,ধৰ্ম আৰু ভাষাৰ জনগোষ্ঠীয় সংস্কৃতিৰ উপাদানেৰে অসমীয়া সংস্কৃতি সমৃদ্ধ।এই পৰম্পৰাগত সংস্কৃতিসমূহৰ ভিতৰত,ওজাপালি অন্যতম পুৰণি পৰিবেশন কলা।এই ওজাপালি পৰিবেশনত নাটকীয় সংলাপ আৰু ক্ৰিয়াৰ মাজত আখ্যানমূলক গায়ন-বায়ন আৰু নৃত্যৰ সংমিশ্ৰণ ঘটে।১৯৭৪ চনত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ সঞ্চালক লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা আৰু আনন্দমোহন ভাগৱতীৰ সহযোগত ওজাপালি ৰাস্ত্ৰীয় কাৰ্য্যসূচীত অন্তৰ্ভুক্ত হয়।প্ৰকৃত পালি আৰু ওজাত নৃত্যশিল্পী আৰু গায়কৰ দুটা ভিন্ন কোৰাছ গোট থাকে।পালি হ’ল ওজাক ওজাপালি অনুস্থান পৰিৱেশনত সংগত কৰা সহযোগী। ওজাপালি অনুস্থান পৰিৱেশনত সংগত কৰা সহযোগী।ওজাপালিত যিজন নৃত্য,গায়ন, আবৃত্তিত পাকৈত, আৰু সংলাপ প্ৰদানৰ দক্ষতা আছে, তেওঁক ওজা বুলি জনা যায়।ইয়াৰ উপৰিও এজন আকৰ্ষণীয় হ’ব লাগে আৰু তেওঁক মুখ্য শিল্পী হিচাপে গণ্য কৰা হয়।ওজা হৈছে মূল গায়ক।ওজাপালিৰ পৰিৱেশনত এজন ওজা আৰু চাৰিজনৰ পৰা ছজনলৈ পালি থাকে।।পালি দুইবিধ-দাইনা পালি আৰু সাধাৰণ পালি।ওজাই ‘দিহা’ৰে আৰম্ভ কৰি কোনো এটা পৌৰাণিক কাহিনী বা আখ্যান বিভিন্ন ৰুপত গাই যায় আৰু পালিসকলে মঞ্জিৰ বা তাল বজাই সেই গীত দোহাৰে আৰু ভৰিৰে তাল ৰাখি যায়।যায়।নৃত্য-গীত-তালক লৈয়ে ওজাপালি। প্ৰাক্ শংকৰী যুগৰ পৰাই অসমৰ সমাজত ওজাপালি প্ৰচলিত হৈ আহিছে।
দৈৱিক মতবাদ অনুসৰি ওজাপালি অৰ্জুনৰ দ্বাৰা
স্বৰ্গৰ পৰা মৰ্ত্যত প্ৰচলিত হয়। পাৰিজাত নামৰ এগৰাকী মহিলাই স্বপ্নৰ দ্বাৰা এই
কলা আয়ত্ত কৰি শিষ্যসকলক শিকাই বুলিও ওজাপালিসকলে বিশ্বাস কৰে। বিয়াহ কলাই আৰু
কেন্দুকলাই এই দুয়োগৰাকী ব্যক্তিবিশেষো ওজাপালিৰ জনক বুলি প্ৰচলিত। লগতে খ্ৰীষ্টিয়
ত্ৰয়োদশ শতিকাৰ বিশিষ্ট পণ্ডিত বেদাচাৰ্যৰ স্মৃতি-ৰত্নাকৰ, অসমৰ তাম্ৰ শাসন, গুৰু-চৰিত কথা আৰু
বৈষ্ণৱ যুগৰ বিভিন্ন সাহিত্যত এই ওজাপালি প্ৰাচীন কালৰে পৰা প্ৰচলন থকাৰ তথ্য দেখা
পোৱা যায়।
ওজাপালি অনুষ্ঠানক বিষয়বস্তু ফালৰ পৰা দুটা ভাগত ভগাব পাৰি।মহাকাব্য আশ্ৰয়ী আৰু মহাকাব্য অনাশ্ৰয়ী। মহাকাব্য আশ্ৰয়ীক আকৌ সাঁতোটা ভাগত ভগাব পাৰি যেনে বিয়াহৰ ওজাপালি ৰামায়ণ ওজাপালি ভাইৰা ওজাপালি দুৰ্গাবৰী ওজাপালি সত্ৰীয়া ওজাপালি পাঞ্চালি ওজাপালি আৰু দুলৰি ওজাপালি।
মহাকাব্য অনাশ্ৰয়ীক পাঁচটা ভাগত ভগাব পাৰি সুকনান্নী ওজাপালি,বিষহৰি গান, মাৰে গান,পদ্ম পুৰাণৰ গান আৰু টুকুৰীয়া ওজাপালি।সুকনান্নী ওজাপালি আৰু ব্যাস ওজাপালি।। দুয়োবিধ ওজাপালিৰ ধৰ্মচেতনাৰ মাজত এক পাৰ্থক্য দেখা যায়। সুকনান্নী ওজাপালিয়ে শাক্ত ধৰ্মৰ পোষকতা কৰে, আনহাতে ব্যাস গোৱা ওজাপালিয়ে বৈষ্ণৱ ধৰ্মৰ পোষকতা কৰে। ব্যাস গোৱা ওজাপালিয়ে পৰিৱেশন কৰা গীতবিলাক ৰাগ বিশিষ্ট, মহাভাৰত,ৰাগ বিশিষ্ট, পুৰাণ আদিৰ পদকে শাস্ত্ৰীয় সুৰ লগাই গায়। সুকনান্নী ওজাপালিয়ে সুকবি নাৰায়ণদেৱে ৰচনা কৰা বেউলা-লক্ষীন্দৰৰ কাহিনী(পদ্মপুৰাণ)কে সহজ ভাষাৰে পৰিৱেশন কৰে। মাৰৈ পূজা বা মনসা পূজাত সুকনান্নী ওজাপালি অবিচ্ছেদ্য অংগ।
সহায় লৈ
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments