30 April, Tue 2024
support@thecriticalscript.com
Blog image

অসমৰ ঐতিহ্যমণ্ডিত 'ফাট‌ বিহু'

04 Apr,2024 06:03 PM, by: Ankita Gogoi
1 minute read Total views: 205
0 Like 0.0

আগৰ দিনত আহোম স্বৰ্গদেৱসকলে  নৈৰ পাৰত বেহা-বেপাৰ কৰিবলৈ সুবিধা দি তাৰ পৰা ফাট নামৰ এবিধ কৰ বা ৰাজহ সংগ্ৰহ কৰিছিল। নৈৰ জলপথ আৰু বিভিন্ন পথেৰে আহি বিভিন্ন বেপাৰীয়ে এই ঠাইত নিৰ্দ্দিষ্ট দিনত বেহা-বেপাৰ কৰি পুনৰ উভতি গৈছিল। বিশেষকৈ অবিভক্ত লক্ষীমপুৰ জিলাৰ নৈপৰীয়া উত্তৰ অঞ্চল ইয়াৰ বাবে অধিক সুচল আছিল। কাৰণ অৰুণাচল, ভুটান, চিকিম আদিৰ পৰা বেপাৰীবোৰ আহি এই ঠাইত সমবেত হৈছিল। অৱশ্যে এই বিষয়ে বুৰঞ্জীত একো উল্লেখ পোৱা নাযায়।

আকৌ কিছুমানৰ মতে ২০ শতিকাৰ শেষ ভাগৰ লৈকে ফাট বিহু ঢকুৱাখনাৰ হাৰ্হি দেৱালয়ত পালন কৰা হৈছিল। দেৱালয়ৰ ওচৰৰ লোক সকলৰ মতে সেই দেৱালয়টো শদিয়াৰ পৰা ফাটি অহা লোক কিছুমানে ঢকুৱাখনা লৈ আহি স্থাপন কৰিছিল। শদিয়াৰ পৰা ফাটি অহা এই বিহুকে ফাট বিহু বোলা হয়। ওচৰৰ বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ নিজ গাঁৱত বিহু শেষ কৰি ৭ বহাগৰ দিনাখন হাৰ্হি দেৱালয়ত ফাট বিহু মাৰিছিল। পাছলৈ এই বিহু মহঘূলি চাপৰিত পতা হৈছিল।

পোনতে এই ফাটত বিহু নৃত্য-গীত পৰিবেশন কৰি বিভিন্ন বিহুৱা দলে পৰোক্ষভাৱে ধন সংগ্ৰহ কৰিছিল। ফাটত পৰিবেশন কৰা বিহুৰ বাবেই ইয়াৰ নাম ফাট-বিহু হিচাপে জনাজাত হল। ঢকুৱাখানাৰ চাৰিকড়িয়া নৈৰ পাৰতো সাত দিন সাত ৰাতি পৰ্যন্ত ফাট বিহু চলিছিল। মিচিংসকল এই বিহুৰ প্ৰৱৰ্তক বুলিব পাৰি।

ষোড়শ শতিকাৰ পৰাই ঢকুৱাখনা চাৰিকড়ীয়া নদীৰ পাৰত সচৰাচৰৰ দৰে ফাট বিহু পালন কৰি আহিছে। আৰম্ভণিতে এই বিহু কেৱল জনজাতীয় গোটৰ মাজতে সীমাবদ্ধ আছিল। ১৯১৮ চনত ফাটা বিহু বন্ধ হৈ পৰে,কিন্তু স্থানীয় একাংশ লোকৰ আন্তৰিক  ১৯৬০ চনত পুনৰ আৰম্ভ হয়। ১৯৯৬ চনৰ পৰা ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰিতফাট বিহু পালন কৰা হৈছে। পূৰ্বতে ব'হাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল।বৰ্তমান ফাট বিহু ব'হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়।

সমন্বয়ৰ এই ফাটবিহু আজিও আহোম , চুতীয়া , কৈৱৰ্ত , মিচিং , কছাৰী , কলিতা , দেউৰী , মুছলমান , কোঁচ আদি জনগোষ্ঠীৰ লোকেৰে লোকাৰণ্য হৈ পৰে ঢকুৱাখনাৰ ম'হঘূলি চাপৰি । বিভিন্ন জনগোষ্ঠীৰ সমন্বয় সাধন কৰাৰ বাবে ফাটবিহুক লৈ ঢকুৱাখনাবাসী গৌৰৱান্বিত। ঢকুৱাখনাৰ বিভিন্ন জনগোষ্ঠী একত্ৰিত হৈ সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই যি কালত ফাটবিহু পতা হৈছিল , সেই সময়ত অসমৰ কোনো ঠাইতে এনেদৰে সামূহিকভাৱে বিহু উদযাপন কৰা হোৱা নাছিল।ফাটবিহুৱে সঁচাকৈয়ে ঢকুৱাখনাৰ সাংস্কৃতিক ঐতিহ্য আৰু ব'হাগ বিহুৰ বৈশিষ্ট্যক উজ্জীৱিত কৰি ৰাখিছে ।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.