21 November, Sat 2026
support@thecriticalscript.com
Blog image

গোলাপী ফুলৰ মায়াজাল! ভাৰতৰ এইকেইখন ঠাইত চাব পাৰিব চেৰী ব্লজম!

20 Nov,2026 05:32 PM, by: Ankita Gogoi
1 minute read Total views: 16
0 Like 0.0

চেৰী ব্লজমৰ কথা মনলৈ আহিলেই প্ৰথমে চকুৰ আগত ভাহি উঠে জাপানৰ ছবি। গোলাপী আৰু বগা ফুলেৰে ভৰি পৰা গছ, ফুলেৰে আবৃত বাট-পথ আৰু মনোমোহা প্ৰাকৃতিক পৰিৱেশ। জাপানত বসন্তকালত ছাকুৰা ফুলাৰ দৃশ্য উপভোগ কৰিবলৈ প্ৰতি বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ পৰ্যটকৰ সমাগম ঘটে। কিন্তু চেৰী ব্লজমৰ এই অপূৰ্ব সৌন্দৰ্য উপভোগ কৰিবলৈ আপুনি জাপানলৈ যোৱাৰ প্ৰয়োজন নাই। ভাৰতৰো কেইবাখনো ৰাজ্যত প্ৰকৃতিৰ বুকুত দেখা পোৱা যায় এই মনোমোহা ফুলৰ সমাহাৰ। বিশেষকৈ হিমালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলসমূহত ফুলেৰে জাতিষ্কাৰ হৈ উঠে প্ৰকৃতি।

ভাৰতত দেখা পোৱা বনৰীয়া হিমালয়ান চেৰী (Prunus cerasoides) সাধাৰণতে শৰৎ আৰু শীতৰ আৰম্ভণিতে ফুলে। অৱশ্যে স্থান, উচ্চতা আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰি ফুল ফুলাৰ সময়ৰ কিছু তাৰতম্য ঘটে। আহকচোন, ভাৰতৰ এনে ছখন মনোমোহা ঠাইৰ বিষয়ে জানো, য'ত উপভোগ কৰিব পাৰি চেৰী ব্লছমৰ সৌন্দৰ্য।


শ্বিলং, মেঘালয়: গোলাপী ফুলেৰে সজাই তোলা পাহাৰীয়া চহৰ

শ্বিলং হৈছে ভাৰতৰ অন্যতম পৰিচিত চেৰী ব্লছমৰ গন্তব্যস্থান। 'পূবৰ স্কটলেণ্ড' হিচাপে পৰিচিত মেঘালয়ৰ ৰাজধানীখনত নৱেম্বৰ মাহত বনৰীয়া হিমালয়ান চেৰী ফুলিবলৈ আৰম্ভ কৰে। গোলাপী আৰু বগা ফুলেৰে ভৰি পৰা গছবোৰে শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্যক এক অনন্য ৰূপ প্ৰদান কৰে। ৱাৰ্ডছ লেক, শ্বিলং গল্ফ কোৰ্ছ আৰু চহৰৰ বিভিন্ন অঞ্চলত এই ফুলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি। চেৰী ব্লজমৰ সৌন্দৰ্যক কেন্দ্ৰ কৰি শ্বিলঙত অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় চেৰী ব্লছম মহোৎসৱ। এই মহোৎসৱত সংগীত, নৃত্য, স্থানীয় খাদ্য, শিল্পকলা আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰকৃতিৰ সৌন্দৰ্যৰ লগতে মেঘালয়ৰ সংস্কৃতিৰ সৈতে পৰিচিত হ'বলৈও এয়া এক বিশেষ সুযোগ।


ক'হিমা, নাগালেণ্ড: হিমালয়ৰ বনৰীয়া চেৰী ব্লজমৰ ঠিকনা

নাগালেণ্ডৰ ৰাজধানী ক'হিমাও চেৰী ব্লজম উপভোগ কৰাৰ বাবে এক উল্লেখযোগ্য স্থান। বিশেষকৈ বনৰীয়া হিমালয়ান চেৰী গছেৰে সমৃদ্ধ এই পাহাৰীয়া অঞ্চলত নৱেম্বৰৰ মাজভাগৰ পৰা ফুল ফুলিবলৈ আৰম্ভ কৰে। ক'হিমা ব'টানিকেল গাৰ্ডেন, ক'হিমা ৱাৰ চিমেট্ৰি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত এই ফুলৰ সৌন্দৰ্য দেখা পোৱা যায়। খুজামা আৰু ফেক জিলাৰ ফুচেৰ' অঞ্চলতো চেৰী ব্লছমৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি। বিশেষকৈ ডিচেম্বৰ মাহত অনুষ্ঠিত হৰ্ণবিল মহোৎসৱৰ সৈতে এই ভ্ৰমণৰ পৰিকল্পনা কৰিলে নাগালেণ্ডৰ পৰম্পৰা, সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্য একেলগে উপভোগ কৰাৰ সুযোগ লাভ কৰিব।


ছিকিম: হিমালয়ৰ বুকুত চেৰী ব্লজমৰ মেলা

প্ৰাকৃতিক সৌন্দৰ্য আৰু পাহাৰীয়া পৰিৱেশৰ বাবে পৰিচিত ছিকিমতো দেখা পোৱা যায় বনৰীয়া হিমালয়ান চেৰী ব্লজম। সাধাৰণতে অক্টোবৰ মাহৰ শেষৰ পৰা নৱেম্বৰ মাহলৈ গেংটক, ৰুমটেক আৰু টেমি অঞ্চলৰ আশে-পাশে এই ফুলৰ সমাহাৰ দেখা যায়। বিশেষকৈ টেমি টি গাৰ্ডেনৰ চাহ বাগিচা, পাহাৰ আৰু দূৰৈৰ কাঞ্চনজংঘাৰ মনোমোহা দৃশ্যৰ সৈতে চেৰী ব্লছমৰ সৌন্দৰ্যই এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে। ৰাৱাংলাৰ আশে-পাশেও এই ফুলৰ সৌন্দৰ্য উপভোগ কৰাৰ সুযোগ আছে।


হিমাচল প্ৰদেশ: পাহাৰৰ বুকুত ফুলৰ আন এক পৃথিৱী

হিমাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলসমূহতো বনৰীয়া হিমালয়ান চেৰী দেখা পোৱা যায়। বিশেষকৈ ছিমলা, মাশোব্ৰা, ধৰমশালা আৰু কাংগ্ৰা অঞ্চলত এই গছৰ উপস্থিতি আছে। হিমালয়ান চেৰীৰ শৰৎকালীন ফুল ফুলাৰ সময় সাধাৰণতে অক্টোবৰ মাহৰ শেষৰ পৰা ডিচেম্বৰলৈকে বিস্তৃত। আনহাতে, মাৰ্চ আৰু এপ্ৰিল মাহত মাশোব্ৰা, কোটখাই আৰু কোটগড়ৰ দৰে অঞ্চলৰ ফলৰ বাগিচাত চেৰী, আপেল, এপ্ৰিকট আৰু প্লামৰ ফুলেৰে পাহাৰীয়া পৰিৱেশ অধিক মনোমোহা হৈ পৰে।

অৱশ্যে বসন্তকালৰ এই বাগিচাৰ ফুল আৰু বনৰীয়া হিমালয়ান চেৰী একে নহয়। দুয়োটাৰে নিজস্ব সৌন্দৰ্য আছে।


উত্তৰাখণ্ড: হিমালয়ৰ আন এক গোলাপী আকৰ্ষণ

চেৰী ব্লজমৰ সৌন্দৰ্য উপভোগ কৰাৰ বাবে উত্তৰাখণ্ডও এক উল্লেখযোগ্য গন্তব্যস্থান। ৰাজ্যখনৰ বিভিন্ন পাহাৰীয়া অঞ্চলত বনৰীয়া হিমালয়ান চেৰী গছ দেখা পোৱা যায়। বিশেষকৈ উচ্চ পাহাৰীয়া অঞ্চলত অক্টোবৰ মাহৰ পৰা ফুল ফুলিবলৈ আৰম্ভ কৰে। স্থান আৰু উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান অঞ্চলত ডিচেম্বৰ মাহলৈকো ফুলৰ সমাহাৰ দেখা যায়। পাহাৰৰ মনোমোহা দৃশ্য, শীতল বতাহ আৰু গোলাপী ফুলৰ সমাহাৰে উত্তৰাখণ্ডক প্ৰকৃতিপ্ৰেমী আৰু ফটোগ্ৰাফাৰসকলৰ বাবে আকৰ্ষণীয় কৰি তোলে।


দাৰ্জিলিং আৰু কালিম্পং, পশ্চিমবংগ: পাহাৰৰ মাজত চেৰী ব্লজম

পশ্চিমবংগৰ উত্তৰ অংশৰ দাৰ্জিলিং আৰু কালিম্পং অঞ্চলতো চেৰী ব্লজমৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি। হিমালয়ৰ পাদদেশৰ এই পাহাৰীয়া অঞ্চলসমূহত বনৰীয়া চেৰী গছৰ লগতে বসন্তকালত বিভিন্ন ফলৰ গছত ফুল ফুলে। বিশেষকৈ মাৰ্চ আৰু এপ্ৰিল মাহত বসন্তৰ আগমনৰ লগে লগে অঞ্চলসমূহৰ প্ৰাকৃতিক পৰিৱেশ অধিক মনোমোহা হৈ পৰে। আনহাতে, কিছুমান স্থানত শৰৎকালতো চেৰী ব্লজমৰ ফুল দেখা পোৱা যায়।


চেৰী ব্লজম কেৱল ফুল নহয়, প্ৰকৃতিৰ এক বিশেষ উপহাৰ

চেৰী ব্লজমৰ সৌন্দৰ্য কেৱল ইয়াৰ গোলাপী আৰু বগা ৰঙতে সীমাবদ্ধ নহয়। এই ফুলে ঋতু পৰিৱৰ্তনৰ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনে। অতি কম সময়ৰ বাবে ফুলেৰে ভৰি পৰা গছবোৰে আমাক প্ৰকৃতিৰ সৌন্দৰ্য আৰু ক্ষণস্থায়িত্বৰ কথাও সোঁৱৰাই দিয়ে। জাপানৰ ছাকুৰা বিশ্ববিখ্যাত হ'লেও ভাৰতৰ হিমালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বনৰীয়া চেৰী ব্লছমৰো আছে নিজস্ব পৰিচয় আৰু সৌন্দৰ্য। সেয়েহে, এই শীতত নতুন ভ্ৰমণৰ পৰিকল্পনা কৰিলে শ্বিলং, ক'হিমা অথবা ছিকিমক আপোনাৰ ভ্ৰমণৰ তালিকাত ৰাখিব পাৰে। প্ৰকৃতিৰ বুকুত গোলাপী ফুলৰ এই অপূৰ্ব দৃশ্য উপভোগ কৰিবলৈ বিদেশলৈ যোৱাৰ প্ৰয়োজন নাই। আমাৰ দেশৰ পাহাৰবোৰতেই অপেক্ষা কৰি আছে এখন সপোনৰ দৰে ধুনীয়া পৃথিৱী।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.