
অসম চৰকাৰৰ উচ্ছেদ অভিযান
8 Sept - লখিমপুৰত পুনৰ ৩,৫০০ পৰিয়ালৰ বাসগৃত চলিব বুলড'জাৰ। চৰকাৰী ভূমিত বসবাস কৰা লোকৰ তালিকা সাজু কৰা হৈছে। আনহাতে,পুনৰ বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মাদানীৰ দৰে কিছুমান লোকে চৰকাৰৰ উচ্ছেদ অভিযানৰ সমালোচনা চলাই থকা সময়তেই মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ জনালে যে, ৰাজ্যৰ প্ৰতিটো সমষ্টিত অব্যাহত থাকিব উচ্ছেদ অভিযান। এই প্ৰক্ৰিয়া বন্ধ নহ’ব। ৰঙাপৰাৰ পৰা পুনৰ ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়, “এক ইঞ্চি মাটিও অচিনাকি লোকৰ দখলত থাকিব নোৱাৰিব। শত্রু পক্ষক সুবিধা দিয়া নহ’ব।” মুখ্যমন্ত্ৰীয়ে লগতে স্পষ্ট কৰিলে, কোন সমষ্টিত কেতিয়া অভিযান চলিব সেই কথা আগতীয়াকৈ প্ৰকাশ নকৰে। কাৰণ, খবৰ পোৱাৰ পাছতে একাংশ লোক উচ্চ ন্যায়ালয়ত কাষ চাপিব আৰু এনে ধৰণৰ সুবিধা দিয়া নহ'ব।
25 August- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযানৰ পিছত জমিয়ত উলেমা-ই-হিন্দৰ পদত্যাগৰ দাবী আৰু ঘৃণামূলক ভাষণ আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ দাবীত তেওঁ গুৰুত্ব নিদিয়ে।
তেওঁ কয় যে,আমাৰ উচ্ছেদ অভিযান নিৰন্তৰে চলি থাকিব। আমাৰ প্রচেষ্টা হ'ব ইতিমধ্যে উচ্ছেদিত হোৱাসকলকে ধৰি অনুপ্ৰৱেশকাৰীয়ে যাতে উজনি আৰু উত্তৰ খণ্ডৰ অসমক বেদখল কৰি ভাবুকি সৃষ্টি কৰিব নোৱাৰে।উচ্ছেদিতসকলক উচ্ছেদিত হোৱা অঞ্চলৰ ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন কৰা হ'ব।
মৰিগাঁৱত অনুষ্ঠিত এক অনুষ্ঠানৰ আঁৰত সংবাদ মাধ্যমৰ আগত শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, "মই আনুষ্ঠানিকভাৱে তেওঁলোকক বুঢ়া আঙুলী দেখুৱাইছো। মোৰ এই বুঢ়া আঙুলিত অসমীয়া তেজ, শক্তি আৰু সাহস আছে। তেওঁলোকে কি দাবী কৰে তাক লৈ মই চিন্তা নকৰো।"
বুধবাৰে মাদানীৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত জমিয়তৰ ৱৰ্কিং কমিটিয়ে অসমত উচ্ছেদ অভিযান চলাই ৫০ হাজাৰৰো অধিক পৰিয়াল গৃহহীন হৈ পৰাত আতংক প্ৰকাশ কৰে। এটা প্ৰস্তাৱ গ্ৰহণ কৰি সংগঠনটোৱে ভাৰতৰ সাংবিধানিক কৰ্তৃপক্ষ-বিশেষকৈ ভাৰতৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ মুখ্য ন্যায়াধীশক অসমৰ মুখ্যমন্ত্ৰীক অনতিপলমে অপসাৰণ কৰি ঘৃণামূলক ভাষণৰ অভিযোগত তেওঁৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্য্যবিধি আৰম্ভ কৰিবলৈ আহ্বান জনায়।
20 August- ১৮ আগষ্টত উৰিয়ামঘাটত উচ্ছেদ অভিযান চলিছিল আৰু সেই সময়তে একাংশ নগা দুৰ্বৃত্তই উপদ্ৰৱৰ সৃষ্টি কৰে। আৰু তাৰ বাবে যোৱা কালি অভিযান বন্ধ আছিল। আজি আকৌ তাৰ ৰাণা নগৰ, হাতীদুবি, দূৰ্গাপুৰ আৰু মধূপুৰত উচ্ছেদ অভিযান আছিল কিন্তু আজি পুনৰ জিলা প্ৰশাসনে অভিযান বন্ধ কৰে আৰু ২৮ আগষ্টলৈকে বেদখলকাৰীক ডেডলাইন দিয়ে।
18 August- উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ। দ্বিতীয় পর্যায়ত ২,৫০০ বিঘা বনভূমিত চলিব উচ্ছেদ অভিযান। পুৱা ১০ বজাৰ পৰা চলিছে কৃষ্ণপুৰ, হালধিবাৰীত উচ্ছেদ।
আনহাতে,
প্ৰশাসনৰ উচ্ছেদ অভিযান চলি থাকিলেও ভেটি এৰি যাবলৈ এতিয়াও বিচৰা নাই বেদখলকাৰী। বিশ্বনাথ জিলাৰ জাপৰিগুৰিত দ্বিতীয় দিনাও অব্যাহত থাকিল প্ৰশাসনৰ অভিযান। প্ৰায় ৫০খন বুলড’জাৰ আৰু ২০খন ট্ৰেক্টৰৰ সহায়ত আগুৱাই লৈ যোৱা হৈছে এই অভিযান। আজিও উচ্ছেদৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, কাৰণ একাংশ বেদখলকাৰীয়ে প্ৰশাসনৰ জাননী মানি নোলোৱা কথা স্পষ্টকৈ জনাইছে। তেওঁলোকৰ হুংকাৰ – “আমি মাটি এৰি যাব নোৱাৰোঁ। চৰকাৰে যি কৰিব লাগে কৰক, কিন্তু আমি ইয়াতেই থাকিম।”
উল্লেখযোগ্য যে প্ৰথম দিনাৰ অভিযানৰ সময়তে এজন বেদখলকাৰীয়ে মন্তব্য কৰিছিল, “উচ্ছেদ অভিযান কিমানদিন চলিব? প্ৰশাসনে উচ্ছেদ কৰিলে আমি আকৌ ঘৰ বনাম আৰু ইয়াতেই থাকিম।”
এইদৰে ভাবুকি অব্যাহত থাকিলেও বিশ্বনাথ জিলাৰ জিলা প্ৰশাসনে দ্বিতীয় দিনাও অভিযান চলাই গৈছে। কিন্তু অভিযান আৰম্ভ হোৱাৰ কিছু সময়তেই পৰিস্থিতি উত্তপ্ত হয়।
12 August- চলি থকা উচ্ছেদ অভিযানত মুছলমানক লক্ষ্য কৰি লোৱা বুলি বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰিছে। তাৰ সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি কেৱল মিয়া মুছলমানকহে উচ্ছেদ কৰিছো। পশ্চিমৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এখন জিলা চিৰাঙত সাংবাদিকৰ আগত তেওঁ কয় যে, "মিয়া মুছলমানক উচ্ছেদ কৰা হৈছে কাৰণ তেওঁলোকে বনাঞ্চল, জলাশয়, গাঁৱৰ চৰণীয়া পথাৰ বেদখল কৰিছিল। বড়ো আৰু মিছিং জনগোষ্ঠীৰ কিছুমানে বনাঞ্চলত বাস কৰিলেও বন অধিকাৰ আইনৰ অধীনত তেওঁলোকে ভূমি পট্টা পাব। অজনজাতীয় লোকে তেনে সুবিধা নাপাব।"
লগতে কয় যে, "মিয়া মুছলমানে কিয় বনাঞ্চলৰ মাটি বেদখল কৰিছে? চৰ (নদী) অঞ্চলত তেওঁলোকৰ বহু মাটি আছে। তাত অসমৰ আধা মাটি আছে। আমাৰ মানুহ তালৈ যোৱা নাই। যোৰহাটৰ শিৱসাগৰৰ দৰে উজনি অসম জিলাৰ মাটিও বেদখল কৰি আছে। অসমীয়া মানুহ কেনেকৈ জীয়াই থাকিব?"।
6 August - অৱশেষত ৰেংমা সংৰক্ষিত বনাঞ্চলত চলি অহা উচ্ছেদ অভিযানৰ প্ৰথম পৰ্যায় সম্পন্ন হ’ল। পাঁচদিনীয়া এই অভিযানৰ সময়চোৱাত বিদ্যাপুৰ, পিঠাঘাট, সোণাৰিবিল, দোয়ালপুৰ, দোলনীপথাৰ, খেৰবাৰী, আনন্দপুৰ, মধুপুৰ আদি বহু অঞ্চলৰ হাজাৰ হাজাৰ বিঘা সংৰক্ষিত বনভূমি অবৈধ দখলদাৰৰ পৰা মুক্ত কৰি পুনৰুদ্ধাৰ কৰা হয়। এই অভিযানৰ জৰিয়তে এতিয়ালৈকে প্ৰায় ৮,৯০০ বিঘা বনভূমি উদ্ধাৰ কৰা হৈছে আৰু ৪ হাজাৰৰো অধিক অবৈধ গাঁথনি অপসাৰণ কৰা হৈছে।বাকী দখলকৃত অঞ্চলসমূহৰ মূল্যায়ন আৰু পৰৱৰ্তী উচ্ছেদৰ বাবে ভূমি জৰীপ চলি আছে। দোয়াং সংৰক্ষিত বনাঞ্চলৰ মেৰাপানীৰ নেঘেৰিবিল অঞ্চলৰ ২০৫টা পৰিয়ালক উচ্ছেদৰ জাননী জাৰি কৰা হৈছে।এই অঞ্চলত ৮ আগষ্টৰ পৰা উচ্ছেদ অভিযান আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।
29 July- ৰেংমা বনাঞ্চলত অবৈধভাৱে দখল কৰা মুঠ ১০,৯৫৮ বিঘা ভূমি উদ্ধাৰ কৰিবলৈ চৰকাৰী প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলাইছে। আজি পুৱা পৰা আৰম্ভ হোৱা এই অভিযানত বহু জিলাৰ পৰা অহা ২,০০০তকৈ অধিক আৰক্ষী আৰু ৫০০তকৈ বেছি বন সুৰক্ষাকৰ্মী সক্ৰিয়ভাৱে জড়িত আছে। এক্সকেভেটৰ ব্যৱহাৰ কৰি একেৰাহে ধ্বংস কৰা হৈছে বসতিবাসীৰ ঘৰ আৰু সা-সম্পত্তি। এই অভিযানৰ লক্ষ্য হৈছে সন্দেহযুক্ত নাগৰিকৰ দ্বাৰা গঢ়ি তোলা ১২টা গাঁৱৰ ২,৬৪৮টা ঘৰ উচ্ছেদ কৰা। যিসকল গাঁৱত এই অভিযান চলি আছে, সেইবোৰ হৈছে — সোণাৰিবিল টোপ, ২নং পিঠাঘাট, ২নং দয়ালপুৰ, ৩নং দয়ালপুৰ, দলনপথাৰ, খেৰবাৰী, বিদ্যাপুৰ, বিদ্যাপুৰ বজাৰ, ২নং মধুপুৰ, আনন্দপুৰ, ৰজাপুখুৰী আৰু গেলাজান।
উচ্ছেদ এলেকাত কেইবাখনো জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক, সহকাৰী আয়ুক্ত আদিও উপস্থিত আছে। অভিযান সফল কৰিবলৈ গোলাঘাট, মেৰাপানী, শিৱসাগৰ আৰু তিনিচুকীয়া আদি অঞ্চলৰ পৰা এক্সকেভেটৰ অনা হৈছে। প্ৰথম উচ্ছেদ আৰম্ভ হৈছে বিদ্যাপুৰ অঞ্চলৰ পৰা।
22July- নেঘেৰিবিলৰ খিলঞ্জীয়া মিচিং জনগোষ্ঠীৰ মাজত এতিয়া গভীৰ উদ্বেগ আৰু ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে। গাঁওখনৰ একাংশ মিচিং লোকে ৰাজ্য চৰকাৰলৈ ভূমি উচ্ছেদৰ দাবীত পত্ৰ প্ৰেৰণ কৰাৰ পাছৰে পৰা, সন্দেহজনক ব্যক্তিসকলৰ পৰা তেওঁলোকে ভয় আৰু ভাবুকি পোৱাৰ কথা সদৰি কৰিছে। এই ভয়-আশংকাৰ পৰিপ্ৰেক্ষিতত মিচিং লোকসকলে নিজাববীয়াকৈ পহৰা দি আছে।স্থানীয় TMPK আৰু মিচিং সমাজৰ বিভিন্ন নেতাসকলে গোলাঘাট জিলা প্ৰশাসনৰ ওচৰত গাঁওবাসীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে তৎপৰতাৰে ব্যৱস্থা ল’বলৈ দাবী জনাইছে।
21 July- অসম চৰকাৰে শিলসাঁকো বিলত চলি থকা উচ্ছেদ অভিযানৰ অংশ হিচাপে ২১ জুলাই সোমবাৰে গুৱাহাটীৰ চচলত অৱস্থিত ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট (আই এইচ এম) জিলা প্ৰশাসনে ভাঙিবলৈ আৰম্ভ কৰে।
শিলসাঁকোৰ জলাহভূমিত নিৰ্মাণ কৰা হৈছিল এই প্ৰতিষ্ঠান। যাৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান।
সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, "এই প্ৰতিষ্ঠানটো অধিসূচিত জলাশয়ৰ ভূমিত নিৰ্মাণ কৰা হৈছিল। ব্যক্তিগত ব্যক্তি হওক বা প্ৰতিষ্ঠান হওক, সকলো বেদখল আঁতৰোৱা হ'ব।"
অসম চৰকাৰৰ সাম্প্রতিক উচ্ছেদ অভিযান অব্যাহত। চৰকাৰৰ অনুসৰি, এই পদক্ষেপৰ উদ্দেশ্য হৈছে অবৈধভাৱে অধিকৃত চৰকাৰী আৰু বনাঞ্চল মুক্ত কৰি পৰিবেশ সংৰক্ষণ, বন্যপ্ৰাণীৰ স্বাধীন চলাচল নিশ্চিত কৰা আৰু অসমীয়া জাতি-পৰিচয় ৰক্ষা কৰা। যদিও, এই অভিযানে বহু পৰিয়াল গৃহহীন কৰি তোলাৰ ফলত, একাংশই একে সময়তে মানৱাধিকাৰৰ লংঘন, ধৰ্মীয় বৈষম্য আৰু অমানৱিকতা অভিযোগ উত্থাপন কৰিছে।
১৫ জুলাইত, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই জনালে যে ২০২১ চনত আৰম্ভ হোৱা অভিযানৰ পৰা এতিয়ালৈকে প্ৰায় ১২,০০০ হেক্টৰৰ অধিক ভূমি উদ্ধাৰ কৰা হৈছে, যিটো গুৱাহাটী মহানগৰৰ ৭৫% পৰিসৰৰ সমান। তেওঁৰ ভাষ্য, "আমাৰ লক্ষ্য হ'ল প্ৰতিটো দখল হোৱা ভূমি পুনৰ অধিকাৰ কৰা।"
১২ জুলাইত গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰায় ১৪০ হেক্টৰ ভূমি উচ্ছেদ কৰা হয়, য'ত চৰকাৰে ৩৬খন বুলড'জাৰ আৰু ১,০৮০ পৰিয়ালক উচ্ছেদ কৰে। এই অভিযানত ২,৫০০ৰো অধিক ঘৰ, মছজিদ আৰু বিভিন্ন গৃহ-নির্মাণ সম্পূৰ্ণৰূপে ধ্বংস কৰা হয়। চৰকাৰৰ মতে, উচ্ছেদ কৰা এই সকলো অঞ্চল বনাঞ্চলৰ অন্তৰ্গত আৰু হাতীৰ প্ৰাকৃতিক পথৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।
সৰুপথাৰৰ উৰিয়ামঘাটতো চলিছে বনাঞ্চল ধ্বংস কৰি অবৈধ দখলকাৰী ভূমি জৰীপ। ইতিমধ্যে ৪ দিন সম্পূৰ্ণ হল জৰীপ চলোৱাৰ। মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছিল যে নগাওঁ, লাহৰীঘাটত, ধিং আদি অঞ্চলৰ পৰা বাছেৰে আহি উজনিৰ গোলাঘাটৰ জনগাঁথনি সলনি কৰিব বিচাৰিছে একাংশই।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments