21 January, Tue 2025
support@thecriticalscript.com
Blog image

পদ্মশ্ৰী সৰ্বেশ্বৰ বসুমতাৰী: চিৰাং জিলাৰ এগৰাকী জনজাতীয় কৃষক!

30 Sep,2024 06:07 PM, by: Ankita Gogoi
1 minute read Total views: 128
0 Like 0.0

দৈনিক মজুৰি শ্ৰমিকৰ পৰা দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বিজয়ী হোৱালৈকে অসমৰ চিৰাং জিলাৰ ৬১ বছৰীয়া জনজাতীয় কৃষক সৰ্বেশ্বৰ বসুমতাৰীৰ খ্যাতিৰ যাত্ৰা আছিল বহু কষ্টকৰ। এই বৰ্ষত তেওঁ ভাৰত চৰকাৰৰ পৰা দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।১৯৬২ চনৰ ৮ এপ্ৰিলত তেখেতৰ জন্ম হৈছিল। তেওঁ ১৩ বছৰ বয়সত গোলাঘাট জিলাৰ বোকাখাতৰ ধনশিৰিমুখলৈ গৈ হাল-বোৱাৰ কাম কৰিবলৈ লয়। ১৯৮৪ত তেওঁ পুনৰ চিপনচিলালৈ আহি কৃষিকৰ্ম আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ভূটিয়াপাৰালৈ আহে আৰু তাত ভূ-স্বামীসকলৰ মাটিত খেতি কৰিবলৈ আৰম্ভ কৰে।

বৰ্তমান তেওঁ চিৰাং জিলাৰ মীন বিভাগৰ উপদেষ্টা মণ্ডলীৰ এগৰাকী সদস্য আৰু চিৰাং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৰেচম পালনৰ সদস্য। তেওঁ ২০১৭ৰ পৰা বৰদৈচিলা কৃষক উৎপাদক কোম্পানী লিমিটেডৰ এগৰাকী প্ৰম’টাৰ হিচাপে কাম কৰি আহিছে।বসুমতাৰী ‘চিৰাং কে কৃষি চিৰাগ’ অৰ্থাৎ 'চিৰাঙৰ কৃষিৰ চাকি' হিচাপে বিখ্যাত। পূৰ্বতে দৈনিক মজুৰি কৰা শ্ৰমিক হিচাপে কাম কৰা বসুমতাৰীয়ে মিশ্ৰিত সংহত কৃষি পদ্ধতি গ্ৰহণ কৰি তেওঁ এজন সফল কৃষকলৈ ৰূপান্তৰিত হয়। তেওঁ তামোল, কমলা, ধান, লিচু, কুঁহিয়াৰ আদি বিভিন্ন ধৰণৰ শস্যৰ খেতিত কৃষি দক্ষতাৰ বাবে পৰিচিত। ২০২৩ চনত অসম চৰকাৰে কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃৰ্তি স্বৰূপে তেওঁক ২০২২ বৰ্ষৰ বাবে অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ প্ৰদান কৰে।

তেখেতে ১৯৯৫-৯৬ত এডোখৰ মাটি কিনিছিল। ১৯৯৬ত তেওঁ বিজনী মহকুমা কৃষি কাৰ্য্যালয়ত কৃষি-বিষয়ক প্ৰশিক্ষণ গ্ৰহণ কৰে। ইয়াত লাভ কৰা পৰামৰ্শ আৰু নিৰ্দেশনাৰে পাণবাৰী কল খেতিয়ক সমাজৰ সভাপতি হিচাপে বহু আঁচনি ৰূপায়ণেৰে সন্তোষজনক উৎপাদনসহ কল, কমলা আৰু আনাৰসৰ খেতি কৰে। তেওঁ ২০০৭ত মীন পালন সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰে।  তেওঁ কলকাতাৰ কল্যাণী বিশ্ববিদ্যালয়ৰপৰা উদ্যান শস্যৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

তেখেতে ২০১৫ত চেন্ট্ৰেল ছিল্ক ব’ৰ্ড, বেংগালুৰু, বস্ত্ৰ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ ৰেচম পালনৰ উৎকৃষ্টতাৰ বঁটা লাভ কৰে। ২০২২-২৩ত অসমৰ ৰাজ্যপালে তেওঁক অসম গৌৰৱ বঁটা প্ৰদান কৰে।তেওঁ ২০২২ত অসম কৃষি বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰে। তেখেতে ২০০৫ত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কোকৰাঝাৰৰ মীন বিভাগৰপৰাও বঁটা লাভ কৰে; ২০১০ত বিটিচিৰ কৃষি সঞ্চালক, কোকৰাঝাৰে তেওঁক সন্মান জনায়।একেদৰে, ২০১০ত গুৱাহাটীৰ খানাপাৰাস্থিতঅসম চৰকাৰৰ কৃষি বিপণনৰ উপ-সঞ্চালকে; ২০১০-১১ত চিৰাং, কাজলগাঁওৰ উপায়ুক্ত তথা অসম চৰকাৰৰ কৃষি বিভাগে; ২০১৩ত কৃষি বিভাগ আৰু উদ্যান শস্যৰ সঞ্চালকে; ২০১৩ত ভাৰতীয় উদ্যান শস্য প্ৰতিষ্ঠান, বেংগালুৰুৱে; ২০১৫ত গুৱাহাটীস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে তেওঁক সন্মান জনায়।তেওঁ ২০১৭ত ৰাজস্থানৰ জয়পুৰস্থিত এনআইএএমৰদ্বাৰা অংশগ্ৰহণৰ প্ৰমাণপত্ৰ লাভ কৰে।তেওঁ অসম চৰকাৰৰদ্বাৰা আজাদী কা অমৃত মহোৎসৱ-২০২১ উপলক্ষে ২০২১ৰ শ্ৰেষ্ঠ কৃষক বঁটা; উত্তৰ-পূৰ্বাঞ্চলৰ আয়কৰ বিভাগৰদ্বাৰা আজাদী কা অমৃত মহোৎসৱ-২০২২ উপলক্ষে শ্ৰেষ্ঠ কৃষক বঁটা; ২০২৪ত আইঅ’চিএলৰ বঙাইগাঁও শোধনাগাৰে আগবঢ়াৱা শ্ৰেষ্ঠ কৃষক বঁটা; ২০২৪ত ইউপিপিএলৰ বিজনী জিলা সমিতিয়ে আগবঢ়োৱা শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰে।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.