21 December, Sat 2024
support@thecriticalscript.com
Blog image

'मैं तैनु फ़िर मिलंगी' অমৃতা প্ৰীতম আৰু ইমৰোজৰ চিৰসেউজ প্ৰেম কাহিনী

07 Feb,2024 05:36 PM, by: Ankita Gogoi
1 minute read Total views: 677
0 Like 0.0

প্ৰেম।। প্ৰেম এটি সুন্দৰ অনুভৱ। কিন্তু আজিৰ দিনত প্ৰায়ভাগ যুৱ প্ৰজন্মৰ বাবে প্ৰেমৰ পৰিভাষা বহু বেলেগ। বৰ্তমান সময়ত নিঃস্বাৰ্থ ভাৱে ভালপোৱা লোকৰ পৰিমাণ প্ৰায়েই কম দেখা যায়।আজি আমি আপোনালোকক এনে এক প্ৰেমৰ কথা ক', যিয়ে প্ৰেমৰ বিনিময়ত একো নিবিচাৰি নিঃচৰ্ত আৰু নিঃস্বাৰ্থ‌ ভাৱে ইজনে সিজনক আজীৱন ভাল পাইছিল। তেওঁলোকৰ বাবে প্ৰেমৰ অৰ্থই বেলেগ।

প্ৰকৃত আৰু পৱিত্ৰ প্ৰেম আত্মাত নিহিত হৈ থাকে,শৰীৰত নহয়। ই শাৰীৰিক প্ৰয়োজনীয়তা নাজানে। ই আমাক জীৱনৰ অৰ্থ বিচাৰি উলিয়াবলৈ সহায় কৰে। আধ্যাত্মিক প্ৰেমৰ কোনো কামনা নাথাকে আৰু বিনিময়ত একো বিচৰা নহয়। এনেকুৱাই আছিল অমৃতা প্ৰীতম আৰু ইমৰোজমাজ প্ৰেম। একো নিবিচাৰি, অভিযোগ নকৰাকৈ ইজনে সিজনৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰি দিছিল।

অমৃতা প্ৰীতম আছিল এগৰাকী লেখিকা, আৰু কবি। ১৬ বছৰ বয়সত অমৃতাই তেওঁৰ অন্যতম প্ৰশংসক প্ৰীতম সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুটি সন্তান আছিল। অৱশ্যে তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। কিন্তু অমৃতাই আজীৱন প্ৰীতম‌ নামটো লগত ৰাখিছিল। অমৃতা প্ৰীতমৰ ব্যক্তিগত জীৱন ভাল নাছিল যদিও ইমৰোজেই তেওঁৰ বিশৃংখলতাৰে ভৰা এই জীৱনত শান্তি আনিছিল।

১৯৪৪ চনত, অমৃতাই লাহোৰ আৰু দিল্লীৰ মাজৰ এখন গাঁৱৰ মুছাইৰা (কবিতা আবৃত্তিৰ অধিবেশন)ত প্ৰথম লগ পাইছিল এগৰাকী উদীয়মান কবি আৰু গীতিকাৰ সাহিৰক। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল। বিশ্বাস কৰা হয় যে অমৃতা গভীৰ প্ৰেমত আছিল। কিন্তু সাহিৰে কেতিয়াও এই সম্পৰ্কত নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰা নাছিল। এই প্ৰেম কেতিয়াও সফল হোৱা নহল আৰু অমৃতা প্ৰীতমে কেতিয়াও সাহিৰক পাহৰিব নোৱাৰিলে।

প্ৰথম প্ৰেম সফল হোৱা নাছিল কিন্তু তেওঁ জীৱনৰ বাকী সময়খিনি এজন মৰমিয়াল আৰু নিঃস্বাৰ্থ প্ৰেমিক ইমৰোজৰ লগত থাকি কটায়। প্ৰথমবাৰৰ বাবে ইমৰোজক লগ পোৱাৰ পিছত অমৃতাই ছাম কা ফুলকবিতা ৰচনা কৰে। অমৃতাই অনুভৱ কৰিছিল যে ১০ বছৰ সৰু ইমৰোজে তেওঁ জীৱনত বহু পলমকৈ লগ পাইছিল।

ইমৰোজ আছিল তেওঁৰ দীৰ্ঘদিনীয়া সংগী। ইমৰোজ তেতিয়াৰ এগৰাকী সংগ্ৰামী চিত্ৰশিল্পীইমৰোজৰ পূৰ্বৰ নাম ইন্দৰজিৎ সিং। পঞ্জাৱত জন্মগ্ৰহণ কৰিছিল আৰু ইয়াতেই আকাশবাণীত তেওঁ অমৃতাক লগ পাইছিল। অমৃতা তেওঁতকৈ ১০ বছৰ ডাঙৰ আছিল। লাহে লাহে  তেওঁলোকৰ মাজত তেতিয়াই বন্ধুত্ব গঢ় লৈ উঠিছিল। লাহে লাহে তেওঁলোকৰ বন্ধুত্ব অধিক দৃঢ় হৈ আহিল আৰু দিল্লীৰ এটা ভাড়াঘৰত একেলগে থকাৰ সিদ্ধান্ত ললে। যিটো প্ৰেম কালজয়ী হৈ পৰিল আৰু বহুতৰে বাবে প্ৰেৰণাদায়ক হৈ পৰিল। যি সময়ত ভাৰতত লিভ-ইন-ৰিলেশ্বনশ্বীপ গ্ৰহণযোগ্য নাছিল, সেই সময়ত অমৃতা আৰু ইমৰোজ একেলগে থাকিবলৈ ল'লে। অল ইণ্ডিয়া ৰেডিঅত অমৃতাই পাঞ্জাবী অনুষ্ঠান এটাত কাম কৰিছিল আৰু সদায় অমৃতা বাছেৰে যাত্ৰা কৰিবলগীয়া হৈছিল যিটো ইমৰোজে ভাল পোৱা নাছিল। অলপ দিন পিছতে ইমৰোজে স্কুটাৰ এখন কিনিলে আৰু একেলগে স্কুটাৰেৰে আকাশবাণী ভৱনলৈ যায়। অমৃতাৰ মৃত্যুৰ আগলৈকে চল্লিশ বছৰতকৈও অধিক সময় দুয়ো একেলগে থাকিছিল যদিও কেতিয়াও কাৰো ওপৰত কোনো বাধা আৰোপ কৰা নাছিল। দুয়োজনেই নিজৰ দৈনন্দিন কাম-কাজ অনুসৰণ কৰিবলৈ স্বাধীন আছিল। কেৱল নিঃচৰ্ত প্ৰেমৰ বাবে ইজনে সিজনৰ প্ৰতি দায়বদ্ধ হৈছিল। দুয়ো ইজনে সিজনৰ প্ৰতি পৃথিৱী আছিল ইমৰোজে জানিছিল যে অমৃতাই সাহিৰক কেতিয়াও পাহৰিব নোৱাৰে সেইয়ে অমৃতাক বিয়া কৰাবলৈ কেতিয়াও জোৰ নকৰি অমৃতাৰ প্ৰতি নিষ্ঠাবান হৈ থাকিল। দুয়োটা সন্তানকে গ্ৰহণ কৰিছিল আৰু প্ৰকৃত পিতৃৰ দৰে ভাল পাইছিল।এই Companionship ৰ কোনো নাম নাই। অমৃতাৰ মতে বিয়া হৈছে এক মিছা প্ৰতিশ্ৰুতি। এই সকলোবোৰ পাহৰি পেলাওঁক। ইমৰোজৰ ভাষাত, “We made no promises, no commitments. There were no questions, no answers. But love flourished without any formal expressions.” বয়সৰ পাৰ্থক্যটো সম্পৰ্কে সজাগ অমৃতাই ইমৰোজক কৈছিল প্ৰথমে পৃথিৱীখন চাই আহিবলৈৰচ ইমৰোজে অমৃতাৰ চৌকাষে সাতবাৰ ঘুৰি কৈছিল – “এয়া লোৱা, ই পৃথিৱীখন ঘুৰিলোঁ and I am all here for you”.

বৃদ্ধ বয়সত যেতিয়া অমৃতা দুৰ্বল হৈ অসুস্থ হবলৈ ধৰিলে, তেতিয়া ইমৰোজে প্ৰকৃত প্ৰেমিকৰ দৰে দিন-ৰাতি অমৃতাৰ যত্ন লৈছিল। মৃত্যুৰ পিছতো ইমৰোজে বিশ্বাস কৰে যে অমৃতা সদায় তেওঁৰ ওচৰত থাকে।অমৃতা আৰু ইমৰোজে বিয়া নোহোৱাকৈয়ে ৪০ বছৰ ধৰি দম্পতী হিচাপে একেলগে থাকিছিল। আৰু ২০০৫ চনৰ ৩১ অক্টোবৰত অমৃতাৰ মৃত্যুৰ সময়তো তেওঁলোকৰ প্ৰেমৰ অন্ত পৰা নাছিল। মৃত্যুৰ সময়ত ইমৰোজৰ বাবে লিখা অমৃতাৰ বিখ্যাত কবিতাটোত তেওঁৰ  প্ৰতি থকা প্ৰেমৰ গভীৰ তীব্ৰতা প্ৰতিফলিত হৈছে-

मैं तैनू फ़िर मिलांगी

कित्थे ? किस तरह पता नई

शायद तेरे ताखियल दी चिंगारी बण के

तेरे केनवास ते उतरांगी.........

অমৃতাৰ মৃত্যু ইমৰোজে কেতিয়াও বিশ্বাস নকৰে। তেওঁ কয়, 'অমৃতা মোৰ চাৰিওফালে আছে, মই তাইৰ উপস্থিতি অনুভৱ কৰিব পাৰো।' অমৃতাৰ মৃত্যুৰ পিছত তেওঁ তেখেতৰ স্মৃতিত কবিতা লিখিবলৈ আৰম্ভ কৰে।

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.