09 December, Mon 2024
support@thecriticalscript.com
Blog image

শ্ৰীমন্ত ফাউণ্ডেশ্যনে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ প্ৰস্তাৱ আগবঢ়াইছে

19 Aug,2023 04:57 PM, by: Super Admin
1 minute read Total views: 316
0 Like 0.0

আগশাৰীৰ সামাজিক,সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ সদস্যসকলৰ দ্বাৰা ১৭ আগষ্ট তাৰিখ বৃহস্পতিবাৰে দুখন পৃথক সভা আয়োজন কৰা হয়। এই সভা দুখন অনুষ্ঠিত হয় কাজলগাঁও আৰু ঢালিগাঁৱত। এই সভাৰ মূল উদ্দেশ্য আছিল বড়ো আৰু হৰ্ষা (অনা-বড়ো) সম্প্ৰদায়ৰ মাজত প্ৰস্তাৱিত সাংস্কৃতিক বিনিময় কার্যসূচী সম্পৰ্কীয় আলোচনা কৰা।অনুষ্ঠিত দুখন পৃথক সভাত বড়ো আৰু ৰাজবংশীকে ধৰি বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰা হয়এই সভাত বহু লোক উপস্হিত থাকে আৰু তাৰে ভিতৰত এই ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি বিশ্বজিৎ হাজৰিকা দেৱ আৰু পূৰ্বৰ সন্মানীয় অসমৰ আৰক্ষী প্ৰধান সঞ্চালক তথা শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ অন্যতম ন্যাসৰক্ষী শ্ৰীযুত ভাস্কৰজ্যোতি মহন্তদেৱ উল্লেখনীয়। শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ ট্ৰাষ্টী বিশ্বজিৎ হাজৰিকাই কয় যে, "এই কাৰ্যসূচীৰ নেতৃত্ব দিয়াত শ্ৰীমন্ত ফাউণ্ডেচনৰ জড়িত হোৱাটোৱে সাংস্কৃতিক গতিশীলতা বৃদ্ধিৰ দিশত এক সক্ৰিয় দৃষ্টিভংগী সূচায়। সাংস্কৃতিক বিনিময় কাৰ্যসূচীয়ে কেৱল বিভিন্ন পৃষ্ঠভূমিৰ ব্যক্তিসকলক ইজনে সিজনৰ পৰম্পৰা, ভাষা, কলা আৰু জীৱন শৈলীৰ বিষয়ে শিকাৰে সুযোগ প্ৰদান নকৰে, ইয়াৰ বাদেও কিন্তু সেইবোৰে ষ্টেৰিওটাইপ ভাঙিবলৈ আৰু সহানুভূতি বৃদ্ধি কৰাত অৰিহণা যোগায়। তেখেতে লগতে কয় যে সাংস্কৃতিক বিনিময়ৰ জৰিয়তে বড়ো আৰু হৰ্ষ দুয়োটা সম্প্ৰদায়ৰ অংশগ্ৰহণকাৰীসকলে ইজনে সিজনৰ সাংস্কৃতিক ঐতিহ্য, ইতিহাস আৰু মূল্যবোধৰ বিষয়ে গভীৰ অন্তৰ্দৃষ্টি লাভ কৰিব পাৰে। ইয়াৰ ফলত শক্তিশালী পাৰস্পৰিক সাংস্কৃতিক সম্পৰ্ক, পাৰস্পৰিক সন্মান আৰু সহযোগিতামূলক প্ৰচেষ্টাৰ বিকাশ হ'ব পাৰে যি কাৰ্যসূচীৰ ম্যাদৰ বাহিৰেও প্ৰসাৰিত হ'ব পাৰে।

অনাগত দিনত এই ক্ষেত্ৰখনত শ্ৰীমন্ত ফাউণ্ডেশ্যনে আৰু অধিক গতিশীলতাৰে কাম কৰাৰ কথা আৰু এই দিশত সুন্দৰ পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছে, যাতে সাংস্কৃতিক বিনিময়ৰ ফলত বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক ঐতিহ্য আৰু অধিক প্ৰসাৰ হয়। ইয়াৰ ফলত ইয়াৰ অংশ হিচাপে শ্ৰীমন্ত ফাউণ্ডেশ্যনে বড়ো পুৰুষ আৰু মহিলাসকলক বিহু,সত্ৰীয়া আৰু ৰাজবংশী গীত,নৃত্য, বাদ্য আৰু অনা-বড়ো পুৰুষ-মহিলাসকলক বাগৰুম্বা,খেৰাই আদি নৃত্য শিকোৱাৰ বিশেষ উদ্যোগ হাতত লৈছে। ইজনে সিজনৰ সংস্কৃতি আদান-প্ৰদান কৰা আৰু শিকাৰ এনে প্ৰক্ৰিয়াই ভৱিষ্যতে পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ এক পৰিৱেশ ৰচনা কৰিব বুলি আশা কৰা হৈছে।উল্লেখ্যযোগ্য যে শ্রীমন্ত ফাউণ্ডেশ্যনে ২০১২ চনৰে পৰা বড়ো আৰু মিছিং ভাষাত ভাওনা পৰিৱেশনৰ উদ্যোগ হাতত লৈ আহিছে। সেইদৰেই  এই ফাউণ্ডেশ্যনে মিপাক (অনা-মিছিং) সম্প্ৰদায়ৰ লোকে মিছিং সম্প্ৰদায়ৰ লোক-নৃত্য আৰু সংগীত শিকাৰ ক্ষেত্ৰতো বিশেষ আগ ভাগ লৈছিল।এখন সমন্বয়ৰ অসম গঢ়াৰ বাবে আমাৰ এই যাত্ৰাৰ অংশীদাৰ হোৱা আৰু সহায় সহযোগিতা আগবঢ়োৱা সকলো ব্যক্তি তথা অনুষ্ঠান-প্রতিষ্ঠানক শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো৷

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.