21 November, Thu 2024
support@thecriticalscript.com
Blog image

বিশ্বৰ আটাইতকৈ বিতৰ্কিত ফটোখন(১৯৯৩)

06 Jan,2024 06:19 PM, by: Ankita Gogoi
1 minute read Total views: 367
0 Like 0.0

ছবিয়ে কথা কয়, মাত্ৰ এনেকুৱা এজন ফটোগ্ৰাফাৰৰ প্ৰয়োজন যিয়ে সেইবোৰ সম্ভৱ কৰাৰ কলা জানে। কেভিন কাৰ্টাৰ আছিল তেনে এজন প্ৰতিভাৱান ফটোগ্ৰাফাৰ। দক্ষিণ আফ্ৰিকাৰ বাসিন্দা কেভিন কাৰ্টাৰ আছিল এজন যুৱ ফটোগ্ৰাফাৰ যিয়ে নিজৰ জীৱনকালত এনে বহু ফটো তুলিছিল যিয়ে ইতিহাসৰ সৃষ্টি কৰিছিল। তেওঁৰ এখন ফটোৱে বহু শিৰোনাম দখল কৰিছিল, তেওঁক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফটোগ্ৰাফাৰ কৰি তুলিছিল, তেওঁ বঁটা লাভ কৰিছিল যদিও সেয়াও সমানে বিতৰ্কিত হৈ পৰিছিল। এই ফটোখন তোলাৰ পিছত কেভিন ইমানেই হতাশ হৈছিল যে আনকি তেওঁ আত্মহত্যাও কৰিছিল। কিয় ইমান বিতৰ্কিত এই ফটোখন?

দ্য ভালচাৰ এণ্ড দ্য লিটল গাৰ্লনামেৰে বিখ্যাত এই ফটোখন ১৯৯৩ চনৰ মাৰ্চ মাহত কেভিন কাৰ্টনাৰে তুলিছিল। দক্ষিণ আফ্ৰিকাৰ ফটো সাংবাদিক কেভিন কাৰ্টাৰ, যাৰ ফটোৱে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল। সেই ফটোবোৰৰ ভিতৰত চুডানৰ এখন ফটোও আছিল। ১৯৯৩ চনত যেতিয়া চুডানৰ পৰিস্থিতি‌ বহুত বেয়ালৈ পৰিণত হৈছিল।তেতিয়া সকলো সংবাদ মাধ্যমে চুডানৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছিল। কেভিনো চুডানত উপস্থিত হৈ তাত থকা পৰিস্থিতিৰ বুজ লয়। হঠাৎ তেওঁৰ চকু শুকান বন্যাৰ্ত মাটিত পৰিল যত ভোকত ভোগা ছোৱালী এজনী মৃত্যুৰ বাবে সাজু হৈ উঠিল। গৰমৰ বাবে পৰিস্থিতি আৰু বেয়া হৈ পৰিছিল, ছোৱালীজনী মৃত্যুৰ বহুত ওচৰত আছিল, তাই জীয়াই আছিল যদিও নিৰ্জীৱ আৰু কংকালৰ দৰে হৈ পৰিছিল। ভোকত কষ্ট পাই তাই মূৰটো তললৈ নমাই মৃত্যুৰ বাবে অপেক্ষা কৰি আছিল।ছোৱালীজনীৰ পিছফালে কিছু দূৰৈত এটা ডাঙৰ শগুন বহি আছিল, যিয়ে তাইক মৰি খাবলৈ অপেক্ষা কৰি আছিল। শুকান বন্যাৰ্ত মাটি, গৰম ৰ, দুৰ্ভিক্ষৰ পৰিস্থিতি, ভোক-পিয়াহত ভুগি থকা ছোৱালী এজনী আৰু পিছফালে বহি থকা এটা শগুন। 

কেভিনে ২০ মিনিট এই দৃশ্যটো চাই কেমেৰাত বন্দী কৰি ৰাখিছিল।১৯৯৪ চনলৈকে কেভিনে তোলা এই ফটোখন সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছিল। নিউয়ৰ্ক টাইমছত প্ৰকাশিত এই ফটোখনৰ বাবে তেওঁ সেই বছৰতে পুলিৎজাৰ বঁটা লাভ কৰিছিল, যিটো সাংবাদিকতাৰ ক্ষেত্ৰত দিয়া আটাইতকৈ ডাঙৰ পুৰস্কাৰ। ১৯৯৪ চনৰ ২৩ মেত কলম্বিয়া বিশ্ববিদ্যালয়ৰ ল মেমৰিয়েল লাইব্ৰেৰীত কাৰ্টাৰক পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানত এজন সাংবাদিক কেভিনক সুধিলে যে তাত কিমান শগুন আছিল? কেভিনে উত্তৰ দিলে এটা আছিল, তাৰ পিছত সাংবাদিকজনে লে যে নহয় তাত দুটা শগুন আছিল আৰু এটাৰ হাতত কেমেৰা আছিল।এই কথা শুনি কেভিন অপৰাধবোধেৰে ভৰি পৰিল।

হাজাৰ হাজাৰ মানুহে কেভিনলৈ আৰু বাতৰি কাকতলৈ চিঠি লিখি সুধিছিল যে সেই ছোৱালীজনীৰ পিছত কি হল। বাতৰি কাকতবোৰে বহু চিঠিৰ উত্তৰ দি কয় যে কি হল তেওঁলোকে নাজানে। হাজাৰ হাজাৰ লোকে কেভিন কাৰ্টাৰক এই ইথিওপিয়ান ছোৱালীজনীৰ বিষয়ে হাজাৰ হাজাৰ প্ৰশ্ন কৰিছিল। বহুতে তেওঁৰ বিৰুদ্ধে অভিযোগো উত্থাপন কৰিছিল যে তেওঁ ছোৱালীজনীক বচাব পৰাতকৈ সেই সময়ত ফটো তোলাটো অধিক উপযুক্ত বুলি বিবেচনা কৰিছিল।২০১১ চনত শিশুটিৰ পিতৃয়ে প্ৰকাশ কৰিছিল যে শিশুটি আচলতে কং নিয়ং নামৰ ল’ৰা আৰু ৰাষ্ট্ৰসংঘৰ খাদ্য সাহায্য কেন্দ্ৰৰ দ্বাৰা তেওঁৰ যত্ন লোৱা হৈছিল। পৰিয়ালৰ মতে, ২০০৭ চনত নিয়ং'অ'ৰ "জ্বৰ"ত মৃত্যু  হৈছিল। ,

শিশুটিক বচাব নোৱাৰাত তেওঁ ডিপ্ৰেছনত সোমাই পৰিল আৰু অৱশেষত কেভিনে আত্মহত্যা কৰিলে।  


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.