16 October, Wed 2024
support@thecriticalscript.com
Blog image

অম্বিকাগিৰি ৰায়চৌধুৰী

15 Oct,2024 06:28 PM, by: Ankita Gogoi
1 minute read Total views: 57
0 Like 0.0

অম্বিকাগিৰি ৰায়চৌধুৰী কুৰি শতিকাৰ অসমৰ এজন খ্যাতমান কবি, গায়ক, শক্তিশালী গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী সেনা। ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেখেতক "অসম কেশৰী" উপাধিৰে সম্বোধিত কৰা হয়। ১৯৫০ চনত তেখেত অসম সাহিত্য সভাৰৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ১৯১৫ চনত "তুমি" আৰু ১৯১৬ চনত "বীণা" নামৰ কবিতা পুথি প্ৰকাশ কৰে । ১৯১৮ চনত চন্দ্ৰনাথ শৰ্মাৰ সহযোগিতাত "চেতনা" নামৰ মাহেকীয়া আলোচনী উলিয়ায় । তেখেতে "চেতনা"ৰ লিখাবোৰত স্বাধীনতা আন্দোলন, অসহযোগীতা, ৰাজনীতিত হিংসা-অহিংসাৰ স্থান, দেশ-বিদেশৰ বিবিধ সমস্যা আদিৰ উপৰিও বিশেষভাৱে অসম দেশ,অসমৰ জাতীয় সমস্যা আদিৰ বিষয়ে বিষদভাৱে আলোচনা কৰিছিল । ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত জেলত থাকোঁতে বহুতো জাতীয়তাবাদী গীত ৰচনা কৰে। ইয়াৰেই ইংৰাজী ভাঙনি "Songs of The Cell" নামেৰে পিছলৈ প্ৰকাশ পায়। ৰায়চৌধুৰীৰ প্ৰকাশিত আন কবিতা পুথিসমূহ হ"ল- "অনুভূতি", "স্থাপন কৰ,স্থাপন কৰ"(১৯৫৮), "বেদনাৰ উল্কা"(১৯৬৪) আৰু "আজি বন্দো কি ছন্দেৰে"। তাৰ বাহিৰেও ভালেখিনি কবিতা বিবিধ আলোচনীত প্ৰকাশ পায়। গদ্যৰ ভিতৰত "আহুতি"(১৯৫৪), "ডেকা-ডেকেৰীৰ বেদ" আৰু "কল্যাণময়ী", "ভক্তগৌৰৱ", "জয়দ্ৰথ বধ" নামৰ তিনিখন নাটক প্ৰকাশ হৈছে । ৰায়চৌধুৰীৰ কবিতাত দুটা প্ৰধান সুৰ ধ্বনিত হৈছে । এটা হৈছে দৃপ্ত জাতীয়তাবাদৰ দুন্দভিধ্বনি আৰু আনটো "তুমি" আৰু "বীণাত থকা ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ কোমল সুৰ । "তুমি" কাব্য প্ৰিয়তমাৰ দৈহিক সৌন্দৰ্য-আকৰ্ষণত আৰম্ভ হৈ শেষত বিশ্বসুন্দৰৰ বিশ্বব্যাপী সৌন্দৰ্য আৰু অতীন্দ্ৰিয় আকৰ্ষণত পৰিসমাপ্তি ঘটিছে । তেখেতেৰ জাতীয়তাবাদী কবিতাত নিষ্পেষণ আৰু অত্যাচাৰৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ, "দুৰ্গম গিৰি কান্তাৰ মৰু" অতিক্ৰম কৰি জীৱনযুদ্ধত বীৰদৰ্পে আগবাঢ়িবলৈ উদাত্ত আহ্বান পোৱা যায়[3]। কবিয়ে এনে এটা জীৱন কামনা কৰে য"ত ব্যক্তিয়ে সংগ্ৰামৰ মাজেদি সকলো গ্লানি,ভণ্ডামি,নীচতা আঁতৰাই মানৱতাই বিকাশ ঘটাব পাৰে । ৰায়চৌধুৰীৰ কবিতাৰ শব্দগঠন আৰু তান বা শ্বাসাঘাত প্ৰধান বলিষ্ঠ ছন্দও অসমীয়া কবিতাৰ বিশেষ সম্পদ।

১৯৬৭ চনৰ ২ জানুৱাৰীৰ ৮২ বছৰ বয়সত অসম কেশৰী অম্বিকাগিৰীয়ে মৃত্যুবৰণ কৰে। ৩ জানুৱাৰীৰ দিনৰ ১ বাজি ৩০ মিনিটত শিলপুখুৰীৰ নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন হয়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.