27 July, Sat 2024
support@thecriticalscript.com
Blog image

আহোমসকলৰ পাইক প্ৰথা

08 Nov,2023 05:58 PM, by: Ankita Gogoi
1 minute read Total views: 2403
2 Likes 0.0

পাইক প্ৰথা আহোমসকলৰ ৰাজত্ব কালত প্ৰচলিত এক প্ৰথা। বিশ্বাস কৰা হয় যে, এই প্ৰথাটো দক্ষিণ-পূব এছিয়াত প্ৰচলিত আছিল। আহোমসকল ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ অহাৰ পিছত এই প্ৰথাৰ প্ৰচলন কৰে। এই প্ৰথাটোকে ১৬০৯ খ্ৰীষ্টাব্দত মোমাই তামূলী বৰবৰুৱাই নতুনকৈ প্ৰচলন কৰে। ১৭ শতিকাত পাইকসকলক খেলনামৰ বিভাজনত ভাগ কৰা হৈছিল।আহোম ৰাজ্যৰ আৱশ্যকতা পূৰণৰ বাবে সময়ৰ লগে লগে ব্যৱস্থাটোৰ বিকাশ অব্যাহত থাকিল আৰু দীৰ্ঘকালীনভাৱে ই জনসাধাৰণৰ বিৰোধিতাও লাভ কৰিলে। আহোম ৰাজ্যৰ ৰাজবংশীয় লোক, পুৰোহিত, উচ্চ বৰ্গৰ জাতি অথবা দাস সকলক বাদ দি পোন্ধৰৰ পৰা পঞ্চাশ বছৰ বয়সীয়া সকলো পুৰুষকেই পাইক বুলি কোৱা হয়

স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত প্ৰায় ১৭১৪ খ্ৰীষ্টাব্দত মুঠ জনসংখ্যাৰ প্ৰায় ৯০% শতাংশ লোক এই শ্ৰেণীৰ অন্তৰ্ভুক্ত আছিল। এই পাইকসকলে আহোম ৰজ্যখনৰ উন্নতিৰ বাবে সেৱা আগবঢ়াইছিল। ৰাজ্যখনৰ মঠ-মন্দিৰ নিৰ্মাণ,পুখুৰী খন্দা আদি কামবোৰো তেওঁলোকৰ দ্বাৰা কৰোৱা হৈছিল। প্ৰত্যেক পাইকেই আছিল এজন সৈনিক আছিল। গতিকে তেওঁলোকে সামৰিক শিক্ষা ল'ব লাগিছিল আৰু নিজৰ বিভাগীয় বিষয়াৰ তলত কাড়ীসকলৰ যুদ্ধৰ আখৰা কৰি থাকিবলৈ পৰামৰ্শ দিছিল।

চাৰিজন পাইকেৰে একোটা গোট সম্পূৰ্ণ হৈছিল। সাধাৰণতে এটা গোটৰ এজন পাইকে বছৰেকত তিনিমাহকৈ ৰাজাঘৰীয়া কামত বিনা পাৰিশ্ৰমিকেৰে শ্ৰমদান দিব লাগিছিল। প্ৰথমজনৰ সময় শেষ হলে দ্বিতীয়জনে গৈ প্ৰথমজনৰ সলনি খাটি দিব লাগিছিল। পৰৱৰ্তী তৃতীয় আৰু চতুৰ্থজনেও ৰজাঘৰত খাটি দিব লাগিছিল। এনেদৰে খাটি দিয়াৰ বাবদ প্ৰতিজন পাইকে ৰজাঘৰৰপৰা দুপূৰাকৈ মাটি বিনা খাজনাই ভোগ কৰিবলৈ পাইছিল। কিন্তু পাইকসকলে মাটিৰ মালিকিস্বত্ব পোৱা নাছিল। তেওঁলোকে পোৱা সেই দুপূৰা মাটি তেওঁলোকৰ খেলৰ নামতহে মঞ্জুৰী দিয়া হৈছিল। যিকোনো এজন পাইক অক্ষম হোৱাৰ পাছত তেওঁৰ মাটি নিজৰ খেলক গতাই দিয়াৰ নিয়ম আছিল যদিও বাপেকৰ পাছত পুতেকেই সেই মাটি লাভ কৰিছিল। আনহাতে পাইকসকলৰ পৰিচালনা কৰাৰ বাবে চাৰিজন পাইকৰ ওপৰত এজন বৰা, এশজন পাইকৰ ওপৰত এজন শইকীয়া, এহেজাৰ পাইকৰ ওপৰত এজন হাজৰিকা আৰু ছহেজাৰ পাইকৰ ওপৰত ফুকন নিয়োগ কৰা হৈছিল। পাইকৰ দুটা ভাগ আছিল কাঁড়ী আৰু চমুৱা। চমুৱাসকলে বাধ্যতামূলক গা-খাটনিৰপৰা অব্যাহতি পাবলৈ ৰজাঘৰত কিছু কৰ আদায় দিছিল। চমুৱাসকলৰ মাজৰপৰাই বৰা, শইকীয়া, হাজৰিকা আদি বিষয়াসকলক নিযুক্তি দিয়া হৈছিল। অসমৰ প্ৰাপ্তবয়স্ক মানুহবিলাকক কিছুমান খেলত বিভক্ত কৰা হৈছিল। প্ৰতি খেলৰে নাও তৈয়াৰ কৰা, নাও সজা, গৃহ নিৰ্মাণ কৰা, ৰচদ যোগান ধৰা, আলি-পদূলি নিৰ্মাণ কৰা, ৰাজহ তোলা, হাতী ধৰা, শেন চোৱা, হাবি-বন পৰিদৰ্শন কৰা আদি বিভিন্ন কৰ্ম আছিল। খেলবিলাকৰ ওপৰত ফুকন, বৰুৱা, ৰাজখোৱা প্ৰভৃতি বিষয়া আছিল।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.