08 September, Sun 2024
support@thecriticalscript.com
Blog image

অসমৰ ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰ

24 May,2024 06:14 PM, by: Ankita Gogoi
1 minute read Total views: 230
0 Like 0.0

অসমৰ ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰ ভৰালী গাওঁত অৱস্থিত।  নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ পূব প্ৰান্তৰ প্ৰাচীন ঐতিহ্যৰে ভৰপূৰ।ভঁৰালী নামঘৰ আগতে ভঁৰালী গাঁৱৰ পূব-দক্ষিণৰ বামগাঁৱত আছিল। জানিব পৰা মতে বাপূৰামদেউৱে নামঘৰত ভাগৱত প্ৰতিষ্ঠা কৰিছিল। ভঁৰালী ৰাজবিষয়াৰ নাম অনূসৰি নামঘৰটিৰ নাম হ’ল ভঁৰালী নামঘৰ।এটা সময়ত ব্ৰহ্মপূত্ৰৰ বাঢ়নী পানীযে চটাই আলিৰ কাষৰ ঠাইবোৰ বূৰাই পেলোৱাত ওখ ঠাইত গাঁও পাতিছিল। মান সেনাই বামগাঁৱৰ নামঘৰ পূৰি পেলোৱাত তেওঁলোকে ভঁৰালী ৰাজবিষয়াৰ ওচৰত গাঁও পাতি নামঘৰ প্ৰতিষ্ঠা কৰিলে। নতূনকৈ নামঘৰ প্ৰতিষ্ঠা কৰা প্ৰায় ২০০ বছৰৰ পিছতো এতিয়ালৈকে উক্ত স্থানতে নামঘৰটি চাৰিবাৰকৈ পূনৰ মেৰামতি কৰা হৈছে। নামঘৰৰ বৈশিষ্ট্যপূৰ্ণ সম্পদটি হৈছে তূলসী খূঁটাটো। খূঁটাটো মাজৰ অংশ উঁয়ে খাই নষ্ট কৰিলেও গাঁৱৰ ৰাইজে সেই অংশটি অতি ভক্তিভাৱে সিংহাসনৰ ওচৰত সংৰক্ষণ কৰি ৰাখিছে। অসমৰ সকলো ঠাইৰ পৰা ভক্তসকল এই স্থানলৈ আহে।প্ৰতিবছৰে ভঁৰালী নামঘৰত মকৰ সংক্ৰান্তি বা মাঘী পূৰ্ণিমা তিথি দূদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। লগতে ব’হাগৰ বা জেঠৰ পূৰ্ণিমাটো গাঁৱৰ ৰাইজে ভাওনা অনুষ্ঠিত কৰে। ভঁৰালী নামঘৰত গুৰু দূজনাৰ তিথিত ভাওনা-সবাহ কৰাটো এটা ডাঙৰ পৰম্পৰা।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.