05 June, Fri 2026
support@thecriticalscript.com
Blog image

অচিন্ত্য বৰুৱা কাজিৰঙাক বিশ্ব মানচিত্ৰত স্থান দিয়া এজন প্ৰকৃতিপ্ৰেমী!

05 Jun,2026 04:12 PM, by: Ankita Gogoi
1 minute read Total views: 13
0 Like 0.0

অচিন্ত্য বৰুৱা, অসমৰ পৰ্যটন ক্ষেত্ৰৰ এগৰাকী পথপ্ৰদৰ্শক তথা পৰিৱেশ অনুকূল পৰ্যটনৰ বাটকটীয়া আছিল। বন্যপ্ৰেমী আৰু সমাজ সচেতন ব্যক্তি হিচাপে তেওঁ অসমৰ পৰ্যটন উদ্যোগত এক বিশেষ অৱদান আগবঢ়াই থৈ গৈছে।

অসমৰ পৰ্যটন আৰু বন্যপ্ৰাণ সংৰক্ষণ জগতৰ বাবে এক অপূৰণীয় ক্ষতি অচিন্ত্য বৰুৱাৰ মৃত্যু। “মঞ্জু দা” নামেৰে পৰিচিত তেওঁ কেৱল এজন সফল উদ্যোগপতি হিচাপেই নহয়, বৰং এজন প্ৰকৃত প্ৰকৃতিপ্ৰেমী, সংৰক্ষণবাদী আৰু মানৱতাবাদী ব্যক্তি হিচাপে জীৱন অতিবাহিত কৰিছিল।

১৯৯০ চনত তেওঁ কাজিৰঙাৰ বছাগাঁৱত প্ৰথমখন ব্যক্তিগত খণ্ডৰ অতিথিশালা বা ৰিজৰ্ট ‘ৱাইল্ড গ্ৰাছ’ প্ৰতিষ্ঠা কৰে। ই কাজিৰঙাৰ পৰ্যটন মানচিত্ৰত এক ব্যতিক্ৰমী আৰু অনন্য সংযোজন আছিল। যিয়ে বিশ্বৰ দৃষ্টিত কাজিৰঙাক বিশেষ পৰিচয় প্ৰদান কৰিছিল। 

যেতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন খণ্ড এতিয়াৰ দৰে বিকশিত হোৱা নাছিল, তেতিয়াই অচিন্ত্য বৰুৱাই কাজিৰঙাত Wild Grass Resort স্থাপন কৰিছিল। এই ৰিজৰ্টে দেশ-বিদেশৰ ভ্ৰমণকাৰীক কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বন্যপ্ৰাণ জগতৰ সৈতে পৰিচয় কৰাই দিয়াত বিশেষ ভূমিকা পালন কৰে। তেওঁৰ দূৰদৰ্শী চিন্তাধাৰাই কাজিৰঙাক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মানচিত্ৰত এক বিশেষ স্থান দিছিল। 

কিন্তু তেওঁৰ অৱদান কেৱল পৰ্যটন উদ্যোগতেই সীমাবদ্ধ নাছিল। তেওঁ বিশ্বাস কৰিছিল যে পৰ্যটন মানে কেৱল অতিথিসেৱা নহয়, ইয়াৰ সৈতে জড়িত চালক, গাইড আৰু কৰ্মচাৰীৰ সন্মান আৰু কল্যাণো সমানেই গুৰুত্বপূৰ্ণ। এই বিশ্বাসৰ প্ৰতিফলন হিচাপে তেওঁ Wild Grass-ত “সাৰথি”সকলৰ বাবে বিনামূলীয়া থকাৰ আৰু আহাৰৰ ব্যৱস্থা কৰিছিল, যি সেই সময়ত এক ব্যতিক্ৰমী পদক্ষেপ আছিল। 

প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ আদৰ্শত গঢ় লৈ উঠা Wild Grass Resort আছিল সেউজীয়া গছ-গছনি, লতা-গুল্ম আৰু প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ এক আশ্ৰয়স্থল। ইয়াত অহা ভ্ৰমণকাৰীসকলে কেৱল কাজিৰঙা ভ্ৰমণ কৰাই নহয়, মঞ্জু দাৰ মুখেৰে অসমৰ বনাঞ্চল, জীৱ-জন্তু আৰু সংস্কৃতিৰ অসংখ্য কাহিনী শুনি এক অনন্য অভিজ্ঞতা লাভ কৰিছিল।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.