পঞ্চায়তনিৰ্বাচনৰ ফলাফল
যদিওবা ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতৰ ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল তথাপিও কিন্তু অসমৰ সকলো দলৰে আগস্থানত উজ্বলি থাকিবলৈ সক্ষম হৈছে। ভোট গণনাৰ প্ৰথম দিনাখনেই ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বোচ্চ আসন দখলেৰে কংগ্ৰেছ আৰু অসম গণ পৰিষদ দলক পিছ পেলাব পাৰিছে। পঞ্চায়ত নিৰ্বাচনত যিহেতু বেলট পেপাৰৰ ব্যৱহাৰে ভোটদান কাৰ্য সম্পাদন কৰা হৈছে গতিকে, সকলো ২৬,৮০৮ পদৰ গণনা গোটেই বুধবাৰৰ নিশা আৰু বৃহস্পতি বাৰলৈকে গণনা কৰা হৈছে। এই নিৰ্বাচনত বিজেপি, কংগ্ৰেছ, এজিপি, বিপিএফ, এআইইউডিএফ এ অংশগ্ৰহণ কৰিছিল।
ভোট গণনাৰ প্ৰথম দিনাৰ পিছত অসমৰ পঞ্চায়ত নিবাৰ্চনৰ ফলাফলঃ
বি জে পি | কংগ্ৰেছ | এ জি পি | এআইইউডিএফ | |
জি পি এম | ৪৮ | ২৯৪ | ১১৫ | ১৫ |
জি পি পি | ৩৩ | ২০ | ১০ | ২ |
এ পি এম | ৩০ | ১৫ | ৮ | ২ |
ভোটগণনাৰ দ্বিতীয় দিনাখনৰ ফলাফলঃ
বিজেপি | কংগ্ৰেছ | এজিপি | এআইইউডিএফ | অন্য | |
জিলা পৰিষদ | ১৫০ | ৬৫ | ১৬ | ২৩ | ৫ |
আঞ্চলিক পৰিষদ | ৬৭২ | ৩৮৭ | ১০০ | ৪২ | ৬৭ |
পঞ্চায়ত সভাপতি | ৭১৩ | ৩৮৯ | ৭৩ | ৪৫ | ১০১ |
পঞ্চায়ত সদস্য | ৩২০১ | ২১৪৬ | ৪৫৩ | ২৩৪ | ৮৯৯ |
এইবেলি ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলে নিৰ্বাচনত স্বাধীনভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
গাওঁ পঞ্চায়তৰ সদস্য আৰু সভাপতি, আঞ্চলিক পৰিষদৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যৰ ২১,৯০৯ আসনৰ বাবে দুটা স্তৰৰ নিৰ্বাচন ৫ ডিচেম্বৰ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হৈছিল।
৫ ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনত বিজেপি দলৰ পৰাজিত হোৱা বিষয়টোৱে ২০১৯ ৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰটো বিজেপিৰ স্থিতি সৰ্ন্দভত আশংকাৰ সৃষ্টি কৰা দেখা গৈছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments