কোন পিনে ভাৰতীয় অৰ্থনীতি ?
দেশত বৃদ্ধি পোৱা পেট্ৰ’ল, ডিজেলৰ মূল্যই ভাৰতীয় অৰ্থনীতিক বাৰুকৈয়ে জোকাৰি গৈছে। বিলাসী সামগ্ৰীত পৰিণত হোৱা পেট্ৰ’ল, ডিজেলৰ বৰ্ধিত মূল্যৰ বাবে সীমিত আয়ৰ লোকে এই ইন্ধন দুবিধ ক্ৰয়ৰ সামৰ্থ্য হেৰুৱাইছে। ইয়াৰ পৰিণতি স্বৰূপে অৰ্থনৈতিক কাম-কাজৰ দিশতো স্তব্ধতা আহি পৰিছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ উৰ্দ্ধগামী চাহিদাৰ বাবে ভাৰতৰ তেল কোম্পানীসমূহে এই ইন্ধন দুবিধৰ বাবে অধিক টকা ব্যয় কৰিব লগা হৈছে যাৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষত ইন্ধন দুবিধৰ মূল্য বৃদ্ধি হৈছে।
সম্প্ৰতি দেশত যি হাৰত পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধি হৈছে ইয়ে মুদ্ৰাস্ফীতিৰ সৃষ্টি কৰি ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাক প্ৰভাৱিত কৰিব পাৰে। জুন মাহৰ পৰা বৰ্তমান মুদ্ৰাস্ফীতি সামান্য পৰিমাণে হ্ৰাস হৈছে। কিন্তু, ইন্ধনৰ বৰ্ধিত মূল্যই মুদ্ৰাস্ফীতি আকৌ বৃদ্ধি কৰাত সহায় কৰিব পাৰে। ইন্ধনৰ বৰ্ধিত মূল্যৰ বাবে পৰিবহন ব্যয়ো বৃদ্ধি হোৱাৰ লগতে ই আন আন খণ্ডসমূহকো চুই যাব পাৰে।
এই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়েই কৰ হ্ৰাস কৰি সৰ্বসাধাৰণক কিছু সকাহ দিয়াটো প্ৰয়োজন। কিয়নো, খাৰুৱা তেলৰ মূল্য সদায় একেটা পৰ্যায়ত নাথাকে।
পেট্ৰ’ল ডিজেলৰ বৰ্ধিত মূল্যৰ হাৰটো বৰ্তমান জনসাধাৰণৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে। এই ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ধৰণেৰে বিষয়টোৰ ওপৰত চকু দিছে, সেয়াও স্পষ্ট ৰূপত প্ৰতিফলন ঘটা নাই।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments