21 December, Sat 2024
support@thecriticalscript.com
Blog image

কিয় যুৱ প্ৰজন্মৰ মাজত সঘনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা!

25 Nov,2024 02:40 PM, by: Ankita Gogoi
1 minute read Total views: 105
0 Like 0.0

যুৱ প্ৰজন্মৰ মাজত দুৰ্ঘটনাৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এন চি আৰ বি)ৰ তথ্য অনুসৰি ভাৰতত প্ৰতি বছৰে পথ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানি হয়, ইয়াৰে এক উল্লেখযোগ্য অংশ ১৮ৰ পৰা ৩৫ বছৰৰ ভিতৰত। এই দূৰ্ঘটনাসমূহ বিভিন্ন কাৰণৰ ফলত ঘটে, যাৰ পৰা কিছুমান উল্লেখযোগ্য বিষয় হ'ল:

১)অপৰিপক্কতা আৰু উচ্চভিলাষী মনোভাৱ:

যুৱসমাজৰ মাজত জীৱনক উপভোগ কৰাৰ নামত অধিক স্পীডত বাহন চলোৱা, সুৰাপান অথবা নিচাজাতীয় বস্তু ব্যৱহাৰৰ ফলত দূৰ্ঘটনাৰ প্ৰবণতা বৃদ্ধি পাইছে। অধিকাংশ যুৱক-যুৱতীৰ অপৰিপক্ক সিদ্ধান্তই বহু সময়ত নিজৰ আৰু আনৰ জীৱনক বিপদত পেলায়।

২)প্ৰযুক্তিৰ অপব্যৱহাৰ:

ড্ৰাইভিং কৰাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰা (যেনে: ফোন কৰা, মেচেজ দিয়া, চছিয়েল মিডিয়াত ব্যস্ত থাকা) আদি গুৰুত্বপূর্ণ সমস্যা। এই আচৰণে মনোযোগৰ অভাৱ সৃষ্টি কৰি বহু দূৰ্ঘটনা সংঘটিত কৰে।

৩)সচেতনতাৰ অভাৱ:

ট্ৰেফিক আইন সম্পৰ্কে অজ্ঞাত, হেলমেট বা চিটবেল্টৰ ব্যৱহাৰৰ অভাৱ আদি সমস্যাসমূহৰ বাবে অধিকসংখ্যক দূৰ্ঘটনা ঘটিছে।

৪)মানসিক চাপ আৰু প্ৰত্যাহ্বানৰ প্ৰবণতা:

আধুনিক যুৱসমাজৰ মাজত প্ৰতিযোগিতা আৰু সামাজিক প্ৰভাবৰ বাবে মানসিক চাপৰ বৃদ্ধি ঘটিছে। এই চাপৰ ফলত কিছুসংখ্যক যুৱকে নিজক সাহসীকতাৰ ৰূপত প্ৰতিস্থাপন কৰিবলৈ বিপজ্জনক কাণ্ড কৰাত আত্মনিয়োগ কৰে।


সমাধানৰ উপায়সমূহ:

১)শিক্ষামূলক কাৰ্যসূচী আৰু সচেতনতা অভিযানৰ জৰিয়তে সুৰক্ষাৰ নিয়ম-কানুনৰ প্ৰচাৰ।

২)কঠোৰ ট্ৰেফিক আইন প্ৰয়োগ আৰু নিয়ম লংঘন কৰাসকলৰ ওপৰত কঠোৰ শাস্তি।

৩)পৰিয়াল আৰু স্কুলসমূহত সঠিক মানসিক দিশৰ ওপৰত গুৰুত্ব প্ৰদান।

৪)যুৱসমাজৰ দায়িত্বশীল ভূমিকা আৰু এক সজাগ দৃষ্টিভংগীৰ বিকাশই এই সমস্যাটোক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে।

৫)বাৰ অথবা ৰেস্তোৰাঁত বাধা:অতি কম বয়সীয়া যুৱক-যুৱতী সকলে আজিকালি বাৰ'ত গৈ সুৰাপান কৰে আৰু দূৰ্ঘটনা সংঘটিত হয়। সেইয়ে কৰ্তৃপক্ষই এটা বয়স উপযোগী যুৱক-যুৱতীকহে প্ৰৱেশ কৰিব দিব লাগে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.