05 August, Tue 2025
support@thecriticalscript.com
Blog image

“সুৰা” অসমৰ সামাজিক দুৰ্যোগৰ অন্যতম কাৰণ

04 Aug,2025 05:31 PM, by: Super Admin
1 minute read Total views: 46
0 Like 0.0

বিভিন্ন সমস্যা যেনে সন্ত্ৰাসবাদ, বানপানী, ভাতৃঘাতী সংঘাত, হত্যা, ধৰ্ষণ, লুন্ঠন অন্ধবিশ্বাস আদিৰ দৰে সমস্যাৰে জৰ্জৰিত আমাৰ অসমৰ সৰ্বাংগীন উন্নতিৰ প্ৰধান অন্তৰায়ৰ ক্ষেত্ৰত সুৰাৰ ভূমিকাও উল্লেখযোগ্য। বৰ্তমান সুৰাবিহীন সমাজ এখন কল্পনা কৰাটো আমাৰ বাবে হৈ পৰিব পৰ্বতত কাছৰ কণী বিচৰা নিচিনা কাৰ্য। সাম্প্ৰতিক সময়ত সুৰা অসমীয়া সমাজ জীৱনৰ বাবে এক প্ৰধান ব্যাধি হিচাপে থিয় দিছে। প্ৰধানকৈ এখন দেশ বা এটা জাতিৰ প্ৰগতিৰ ক্ষেত্ৰত আশা-ভৰসাৰ থল হিচাপে গণ্য কৰা নতুন প্ৰজন্মৰ মাজত ইয়াৰ প্ৰভাৱ অধিক বৃদ্ধি পোৱা দেখা গৈছে। 


 সুৰাইংৰাজী মূল প্ৰতি শব্দ ‘Wine ’ এই ৱাইন নাইবা সুৰা আমাৰ সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে। আমাৰ সমাজৰ অগ্ৰজ ব্যক্তিসকলে কয়-মদ বৰবিহ, নুচুবি নাখাবিপ্ৰায় কৈশোৰ অৱস্থাৰ পৰাই আজিৰ নৱপ্ৰজন্ম একাংশ মদ, ভাং, ড্ৰাগছ আদিৰ প্ৰতি আসক্ত হোৱা দেখা যায়। এনেদৰে আসক্ত হোৱাৰ ফলস্বৰূপে তেওঁলোকৰ ভৱিষ্যত জীৱন অন্ধকাৰৰ কৰাল গ্ৰাসত ডুব যোৱা পৰিলক্ষিত হৈছে। 
 
সাম্ৰাজ্যবাদী ব্ৰিটিছ ঔপনিৱেশিকে অসমীয়া মানুহক বৰবিহ খুৱাই অসমৰ তেল-কয়লা-চাহ-কাঠ আদি অমূল্য সম্পদৰাজি লুন্ঠনৰ পথ সুচল কৰিছিল।বিশেষকৈ বহিঃৰাজ্যৰ পৰা সৰবৰাহ কৰি অনা চাহ বনুৱাসকলক হাড়িয়া খোৱাৰ সুযোগ দি কম মজুৰিত ব্ৰিটিছসকলে এই বনুৱাসকলক নিয়োগ কৰিছিল। ইয়াৰ ফলাফলস্বৰূপে অসমৰ চাহ জনগোষ্ঠীৰ লোকসকল আজিও শিক্ষা, স্বাস্থ্য আদিৰ উপৰিও অৰ্থনৈতিক দিশত পিছপৰি ৰোৱা দেখা গৈছে। 


পৃথিৱাৰ প্ৰায়বোৰ জনগোষ্ঠীৰে একো একোবিধ জাতীয় পানীয় থকা দেখা যায় জাতীয় পানীয় একোটা জনগোষ্ঠীৰ বাবে সভ্যতাৰো পৰিচায়কৰাজ্য শাসন কৰিবলৈ পোৱা জনগোষ্ঠীৰ ক্ষেত্ৰত জাতীয় পানীয় ৰজাঘৰীয়া পানীয়ও হৈ পৰে। উদাহৰণস্বৰূপে সাঁজপানীবা নামলাওআহোম সম্প্ৰদায়ৰ মাজত অতীজৰ পৰা চলি অহা এবিধ জাতীয় পানীয়আহোমসকলৰ বিভিন্ন পবিত্ৰ অনুষ্ঠানৰ পূজা-অৰ্ঘ্যত অন্যান্য দ্ৰব্যৰ লগতে সাঁজপানীক উপৰিপুৰুষ বা দেৱতাসকলৰবাবে সৰ্গা কৰা বাবে কোনো কোনোৱে ইয়াক দেওৰসবা সোমৰসবুলিও কয়কেৱল আহোম জনগোষ্ঠীৰে নহয় অসমৰ বিভিন্ন থলুৱা জনগোষ্ঠী, যেনে-মিচিং জনগোষ্ঠীৰআপং’, ‘বড়ো জনগোষ্ঠীৰজুমাই’, ‘দেউৰী জনগোষ্ঠীৰপহন’, খাছিয়া  জনগোষ্ঠীৰকাকিয়াত’,  চাহজনজাতীয় লোকসকলৰহাৰিয়াআদি থলুৱাভাৱে তৈয়াৰ কৰা সুৰায়ো আমাৰ সমাজ ব্যৱস্থাত বিশেষভাৱে প্ৰভাৱ পেলাইছে। বৰ্তমান অসমৰ চুকে-কোণে অলিয়ে-গলিয়ে দেশীয় সুৰাৰ লগতে বিলাতী সুৰাৰ মুকলি বেহাই জাতিটোৰ প্ৰগতিৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে। এফালে চৰকাৰে মাদক দ্ৰব্য ব্যৱহাৰৰ ৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন সজাগতামূলক আঁচনি তৈয়াৰ কৰিছে আনফালে বিলাতী সুৰাৰ প্ৰচলনৰ কাৰণে অনুজ্ঞাপত্ৰও প্ৰদান কৰিছে।বিভিন্ন বহুজাতিক মদৰ কোম্পানীবোৰে মদৰ বটলত ইংৰাজী এষাৰ কথা “Drinking wine is injurious to health.” লিখিয়েই হাত সাৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু এই কথালৈ কাণষাৰ নিদি প্ৰতিজন মানুহে মদ সেৱন কৰি গৈ আছে। চৰকাৰৰ কেৱল ৰাজহ লাভৰ কাৰণে বিভিন্ন সময়ত বিভিন্নজনক অনুজ্ঞাপত্ৰ প্ৰদান কৰি মদ বিক্ৰীৰ বাবে সুবিধা কৰি দিছে। ব্যক্তিগত, পাৰিবাৰিক আৰু সামাজিক জীৱনৰ বাবে আতংকৰ কাৰণ হৈ পৰা সুৰাৰ প্ৰচলন ৰোধ কৰাৰ বাবে কেইবাখনো ৰাজ্যৰ চৰকাৰে প্ৰশংসনীয় উদ্যোগ লোৱাৰ সময়ত অসম চৰকাৰে ৰাজহ বৃদ্ধিৰ স্বাৰ্থতে পৰম্পৰাগত সুৰাৰ বাণিজ্যিকীকৰণৰ পৰিকল্পনা কৰা দেখা গৈছে।এনে পৰিপ্ৰেক্ষিতত বিলাতী সুৰাৰ লগতে থলুৱা ভাৱে তৈয়াৰ কৰা সুৰাৰ মুকলি বেহাই আমাৰ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে।

বিভিন্ন উসৱ-পাৰ্বণৰ উপৰিও নতুন বছৰক আদৰণিৰ সময়ত চৰকাৰে ড্ৰাই-ডেঘোষণা কৰা দেখা যায়। চৰকাৰে ড্ৰাই-ডেঘোষণা কৰিয়েই নিজৰ দায়িত্ব সামৰিছে প্ৰকৃতাৰ্থত মদ বিক্ৰী বা নৱ প্ৰজন্মক বিপথে পৰিচালিত হোৱাৰ পৰা বাধা দিবলৈ বিশেষ একো ব্যৱস্থা হাতত লোৱা দেখা নাই। দিনক দিনে আমাৰ সমাজত সুৰাপায়ী লোকৰ সংখ্যা বাঢ়ি গৈছে। ইয়াৰৰ লগে লগে বাঢ়িছে সুৰা সেৱনৰ ফলত সৃষ্টি হোৱা নানা সমস্যাপ্ৰতিবছৰে আমাৰ দেশত সুৰা সেৱনৰ ফলত সৃষ্টি হৈছে পথ দুৰ্ঘটনা, পৰিয়ালকেন্দ্ৰিক সমস্যা, হত্যা, হিংসাৰ দৰে নানানটা সামাজিক অপকৰ্ম। ইয়াৰ বাবে কেৱল দায়ী চৰকাৰখনেই নহয় ইয়াৰ লগত জড়িত হৈ আছে পাশ্চাত্য সমাজক অনুসৰণ কৰি চলা আমাৰ সমাজ ব্যৱস্থা।


সুৰাপান কৰাটো আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক এই কথা সকলোৰে জ্ঞাত তথাপি সুৰাৰ দৰে বৰবিহস্বৰুপ বিষাক্ত দ্ৰব্য অসমৰ প্ৰায়সংখ্যক লোকেই সেৱন কৰি আছে। সুৰা সেৱনৰ ফলত আমাৰ দেহত বিভিন্ন ৰোগ যেন-যকৃতৰ ৰোগ, স্নুায়ু দুৰ্বলতা, যকৃতৰ কেন্সাৰ আদিৰ দৰে ভয়ংকৰ ৰোগ হব পাৰে। মদৰ কেৱল অপকাৰিতা নহয় ইয়াৰ কিছু পৰিমাণে উপকাৰিতাও দেখা পোৱা যায়। প্ৰতিদিনে নিয়মিত ভাৱে সুৰা সেৱন কৰিলে বহু জটিল ৰোগৰ পৰা আমি বাচি থাকিব পাৰো বিশেষকৈ মানসিক ভাৱে কিছু সময়ৰ কাৰণে আমি সকাহ লাভ কৰিব পাৰোকিন্তু ইয়াক বেছিকৈ সেৱন কৰাৰ ফলস্বৰূপে আমাৰ ক্ষতি হব পাৰে। অসমৰ এটা ব্যক্তিগত নিউজ চেনেলত প্ৰচাৰিত বিশিষ্ট সাহিত্যিক প্ৰয়াত হোমেন বুৰগোহাঞিদেৱৰ এষাৰ মন্তৱ্য এইখিনেতে উল্লেখ কৰা হল-আপুনি মদ খাওক, কিন্তু মদে যাতে আপোনাক খাব নোৱাৰে তাৰ প্ৰতি সাৱধান হওক।অৰ্থা নিয়মিত ভাৱে মদ সেৱন কৰিলে আমাৰ একো অসুবিধা নহয়। তেখেতে সুৰা সম্পৰ্কীয় কথা-বাৰ্তা অনুষ্ঠানত কৈছে যে অসমত ঘটি থকা বেছিভাগ দাম্পত্য কলহৰ মূলতে সুৰাপানতেখেতৰ এই কথাষাৰ নুই কৰিব পৰা লোক চাগৈ নাই। সুৰাপানৰ কাৰণে দাম্পত্য জীৱনত অশান্তিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ উদাহৰণো আমাৰ সমাজত অভাৱ নাই; বৰং বাঢ়িছেহে


বৰ্তমানৰ সমাজখনত সুৰা ইমানেই বহুল প্ৰচলন হৈছে যে আমাৰ অসমখন ভাৰতৰ ২৮খন ৰাজ্যৰ ভিতৰতে বিশেষভাৱে স্থান অধিকাৰ কৰিছে।ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়াৰতথ্য অনুসৰি অসমৰ ২৩.৮শতাংশ লোকে সুৰা সেৱন কৰে। এই সমীক্ষা মতে অসমত ৯.৫শতাংশ মহিলাও সুৰাসেৱনত আসক্ত আমাৰ অসমীয়া সমাজ ব্যৱস্থাৰ বাবে দুখজনক খবৰ বুলিয়েই আমি ক পাৰো‘The Global Information System on Alcoholic and Health’(GISAH) নামৰ সংস্থাটোৱে দিয়া তথ্য অনুসৰি প্ৰতি বছৰে সুৰা সেৱন কৰাৰ ফলত ২.৫নিযুত মানুহৰ মৃত্যু ঘটিছে। তদুপৰি ৬০প্ৰকাৰৰ ভয়ংকৰ ৰোগ, ২০শতাংশৰ পৰা ৫০শতাংশ পথ দুৰ্ঘটনা অত্যাধিকভাৱে সুৰা সেৱনৰ ফলত হয় বুলি এই তথ্যসূত্ৰত প্ৰকাশ পাইছে। আমাৰ অসমো এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই। অসমীয়াত এষাৰ কথা আছে-গাত নাই ছাল বাকলি, মদ খায় তিনি টেকেলিএই কথাষাৰৰ বাস্তৱ উদাহৰণ আমাৰ চকুৰ আগত আজি সহজলভ্য। এচাম উদণ্ড যুৱকে টেঁটুৰ গুৰিলৈকে মদ গিলি ৰাষ্ট্ৰীয় ঘাই পথত কাষেদি গৈ থকা পথাচাৰীক মহটিয়াই নিয়া, নিজে গৈ তীব্ৰবেগী গাড়ীত খুন্দা মাৰি অকাল মৃত্যুক সাবটি লোৱা ইত্যাদি উদাহৰণ আমাৰ চকুৰ আগত প্ৰতিদিনে ঘটি আছে । ইলেকট্ৰনিক মাধ্যম, বাতৰি কাকত আদিত আজিৰ যুৱ উচ্ছৃংখলতাৰ বিষয়ে প্ৰতিদিনে দেখা পাই আহিছোঁগতিকে এনদৰেই আজি অসমৰ প্ৰতিটো ক্ষেত্ৰতে সুৰাই ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখা গৈছে।বিহুমঞ্চত গীত পৰিবেশণ কৰা গায়কৰ সমান্তাৰালকৈ মঞ্চৰ বাহিৰত বোকা খছকি নৃত্য কৰা আজিৰ প্ৰজন্মৰ মূল কাৰণ সুৰাই নহয় জানো। ইয়াৰ উপৰিও ভ্ৰাম্যমান থিয়েটাৰৰ নাটক চলি থকা অৱস্থাত অভিনেতাই নাটকৰ মাজতে প্ৰেক্ষাগৃহৰ উচ্ছৃংখল দৰ্শকক উদ্দেশী গালি পাৰিবলগীয়া পৰিৱেশ বৰ্তমান সহজ লভ্য হৈ পৰিছে। তথাপিও সলনি হব পৰা নাই সুৰাত ডুব গৈ থকা যুৱপ্ৰজন্ম ই জাতিটেৰ বাবেই দুখলগা খবৰ নহয় জানো!  

 
বৰ্তমান আমাৰ অসমত সুৰাবিৰোধী আন্দোলন গঢ়ি উঠা দেখা গৈছে। প্ৰকৃততে এই কাম বহু দিনৰ আগতে হোৱা উচিত আছিল বুলি আমি ভাৱো। মণিপুৰত ১৯৮০ দশকতে “All Manipur Women’s Social Reforms Development” নামৰ সংগঠনটিয়ে সুৰাবিৰোধীআন্দোলন গঢ়ি তুলিছিল।ইয়াৰ উপৰিও ১৯৯০ৰ দশকতে অন্ধপ্ৰদেশৰ লোকসকলে স্থানীয়ভাৱে উপাদিতআৰাকনামৰ সুৰাবিধ বন্ধ কৰিবৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিছিল। কিন্তু আমাৰ অসমত বৰ্তমান সময়তহে সুৰাবিৰোধী প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা গৈছে। ই আমাৰ বাবে সুখবৰ বুলিয়েই কব পাৰোইতিমধ্যে আমাৰ অসমৰ বহুলোকেই সুৰাৰ কাৰণে নিজে ধ্বংস হোৱাৰ উপৰিও আমাৰ সমাজখনকো ধ্বংসৰ দিশে আগুৱাই যোৱাত প্ৰেৰণা যোগাইছে। 
 

শেষত কওঁ যে ভাৰতৰ আন আন ৰাজ্যত সুৰা বিৰোধী আন্দোলন যিদৰে গা কৰি উঠিছে তেনেদৰেই অসমতো এই আন্দোলনে গা কৰি উঠা উচিত। ইতিমধ্যে বহুকেইখন ৰাজ্যত সুৰাৰ প্ৰচলন বন্ধ হোৱা দেখা গৈছে। এই ক্ষেত্ৰত আমাৰ অসমহে পিছ পৰি ৰৈছেঅসমৰ প্ৰতিজন সচেতন নাগৰিক ৰাজপথলৈ ওলাই আহি সুৰাবিৰোধী আন্দোলনত সহযোগ কৰা উচিত আৰু অসম চৰকাৰক যিমান পাৰি সোনকালেই কাৰ্যকৰী হোৱাকৈ অসমত সুৰাৰ প্ৰচলন বন্ধ কৰাৰ কাৰণে দাবী জনোৱা উচিত।ইয়াৰ লগতে অদূৰ ভৱিষ্যতে এখন সৰ্বাংগ সুন্দৰ সুৰাবিহীন সমাজ গঢ়ি তোলাত সহায় কৰা উচিত। বিশেষকৈ বিলাতী সুৰাৰ লগতে দেশীয় সুৰা বিক্ৰী ৰোধৰ কাৰণে বিহিত ব্যৱস্থা হাতত লোৱা উচিত অন্যথা আমাৰসমাজৰ প্ৰগতিৰ শিখৰত আগুৱাই যোৱাত সুৰা আমাৰ বাবে হেঙাৰ হৈ থিয় দিব।(সমাপ্ত) 

(লেখাৰ উসঃ- তথ্যসমূহ Google ৰ পৰা সংগ্ৰহ কৰা হৈছে।


দাদুল ভূঞা 




Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.