08 September, Sun 2024
support@thecriticalscript.com
Blog image

পৰিয়াল পোহপাল দিবলৈ ‘বিশ্বৰ আটাইতকৈ কুৎসিত নাৰী’ উপাধি গ্ৰহণ এগৰাকী মাতৃৰ হৃদয়বিদাৰক কাহিনী

07 Sep,2022 06:38 PM, by: Ankita Gogoi
1 minute read Total views: 815
0 Like 0.0

আমাক কোনো বিচাৰ কৰিবলৈ অধিকাৰ দিয়া নাই কোন ধুনীয়া অথবা কুৎসিত। কিন্তু আমি আমাৰ সমাজখনে সঘনাই এই ভুল কৰি থাকোঁ আৰু আমি মানুহক সমালোচনা কৰাৰ আগত এবাৰো কুণ্ঠাবোধ নকৰোঁ । কিন্তু এষাৰ সচাঁ কথা যে আমি সদায় নিজক ধুনীয়া দেখিব বিচাৰো আৰু আমাক কোনোবাই ধুনীয়া বুলি ক'লে আমি সুখ অনুভৱ কৰোঁ । আমি আজি এনে এগৰাকী নাৰীৰ কথা কম যিয়ে "পৃথিৱীৰ আটাইতকৈ কুৎসিত মহিলা" হোৱাৰ উপাধি গ্ৰহণ কৰিছিল। কিন্তু তেওঁ দেখাত যেনেকুৱাই নহওঁক কিয় তেওঁৰ হৃদয়খন আটাইতকৈ সুন্দৰ আছিল । ১৯০০ চনত ইংলেণ্ডত চাৰি সন্তানৰ মাতৃ এগৰাকীয়ে সন্তানক পোহপাল দিবলৈ "পৃথিৱীৰ আটাইতকৈ কুৎসিত মহিলা" হোৱাৰ উপাধি গ্ৰহণ কৰিছিল।

 

১৮৭৪ চনত লণ্ডনৰ নিউহামত জন্মগ্ৰহণ কৰা মেৰী এন বেভানৰ নাম বিশ্বৰ আটাইতকৈ কুৎসিত নাৰী হিচাপে ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ কৰা হৈছে। মেৰীৰ কাহিনীৰ বিষয়ে যিকোনো ব্যক্তিয়ে শুনিলে স্তম্ভিত হব। তথ্য অনুসৰি মেৰীয়ে কিছু সপোন দেখিছিল। সৰুৰে পৰা মেৰী সকলো ছোৱালীৰ দৰে সাধাৰণ আছিল আৰু তেওঁ ডাঙৰ হৈ এগৰাকী নাৰ্ছ হ'ল। পিছলৈ মেৰীয়ে থমাছ বেভান নামৰ এজন ব্যক্তিক বিয়া কৰায়। এই সময়ছোৱাত তাই ৪টা সন্তানো জন্ম দিয়ে। সকলো স্বাভাৱিক ভাৱে চলি আছিল কিন্তু বিয়াৰ কেইবছৰমান পিছত মেৰী এক জটিল ৰোগত আক্ৰান্ত হ'ল। 

এই ৰোগ হোৱাৰ পৰা মেৰীক মানুহে লাহে লাহে কুৎসিত হোৱা দেখা পালে। আচলতে মেৰীৰ এক্ৰ’মেগালি নামৰ এটা ৰোগ আছিল, য’ত শৰীৰে অধিক সংখ্যক গ্ৰ’থ হৰম’ন উৎপাদন কৰিবলৈ আৰম্ভ কৰে। এই ৰোগৰ বাবেই তেওঁৰ মুখৰ ৰূপ সম্পূৰ্ণ সলনি হ’ল। মেৰীৰ মুখখন পুৰুষৰ দৰে হ’বলৈ ধৰিলে আৰু চুলিবোৰ দাড়িৰ দৰে তাইৰ ওপৰত আহিবলৈ ধৰিলে। ৰোগৰ বাবে তেওঁৰ মাংসপেশীত অধিক বিষ হৈছিল।

মেৰীৰ দুৰৱস্থা ইয়াতেই অন্ত নপৰিল, বিয়াৰ ১১ বছৰ পিছত মেৰীৰ স্বামীও তেওঁক এৰি থৈ গ’ল। স্বামীৰ মৃত্যুৰ পিছত ঘৰৰ সকলো দায়িত্ব মেৰীৰ মূৰত পৰিল। যাৰ ফলত তেওঁ তেওঁলোকৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হৈ পৰিছিল। বেয়া আৰ্থিক অৱস্থাৰ বাবে মেৰী অসহায় হৈ পৰিল। ঘৰৰ অৱস্থা দেখি টকা উপাৰ্জনৰ বাবে ১৯২০ চনত বিশ্বৰ আটাইতকৈ কুৎসিত নাৰী প্ৰতিযোগিতাত অংশ লৈছিল। মেৰীয়ে জানিছিল যে তেওঁ এই খিতাপটো লাভ কৰিব। নিজৰ মৰ্যাদাৰ ত্যাগেৰে তেওঁ জয়ী হৈছিল ঠিকেই কিন্তু মেৰী এনৰ বাবে অপমান ইয়াতেই ৰৈ নাথাকিল। পৃথিৱীৰ সন্মুখত নিজকে অপমান কৰি প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত কনি আইলেণ্ডৰ ড্ৰিমলেণ্ড চাইডশ্ব'ত "ফ্ৰিক শ্ব'" পাৰফৰ্মাৰ হিচাপে নিযুক্তি দিয়া হয়। তাত মেৰী সকলো লোকৰ হাঁহিয়তাৰ পাত্ৰ হৈ পৰিছিল। এনেদৰে নিজক ত্যাগ কৰি তেওঁ নিজৰ পৰিয়াল পোহপাল দিছিল আৰু সন্তানক ডাঙৰ-দীঘল কৰে।


১৯৩৩ চনত তেওঁৰ মৃত্যু হয়। কিন্তু তেওঁৰ কাহিনীটোৰ এটা ভাল দিশ আছিল মেৰী এন বেভানক বিশেষকৈ এক্ৰ’মেগালি বা অনুৰূপ স্বাস্থ্যজনিত অৱস্থাত আক্ৰান্ত ব্যক্তিৰ বাবে এক প্ৰেৰণাদায়ক ব্যক্তি হিচাপে চিনাক্ত কৰা হৈছে। মাতৃয়ে নিজৰ সন্তানৰ বাবে কি কি কৰিব পাৰে তাৰেই এক সুন্দৰ উদাহৰণ মেৰী এন বেভান এইয়া আছিল "পৃথিৱীৰ আটাইতকৈ কুৎসিত মহিলা" মেৰী এন বেভানৰ হৃদয়বিদাৰক কাহিনী; এতিয়া আপোনালোকে নিজেই ভাৱক সচাঁকৈয়ে বাৰু মেৰী পৃথিৱীৰ কুৎসিত মহিলা হয় নে?

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.