10 April, Fri 2026
support@thecriticalscript.com
Blog image

আমেৰিকা আৰু ইৰানৰ মাজত ১৪ দিনৰ বাবে যুদ্ধবিৰতি ঘোষণা! কেতিয়া হ'ব শান্তি আলোচনা?

08 Apr,2026 01:57 PM, by: Ankita Gogoi
1 minute read Total views: 57
0 Like 0.0

৪০ দিনৰ ধাৰাবাহিক যুদ্ধৰ অন্তত অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি। যুদ্ধবিৰতি। অনাগত দুটা সপ্তাহলৈ যুদ্ধ নকৰে আমেৰিকা আৰু ইৰানে। যুদ্ধবিৰতিৰ বাবে ইৰানে বান্ধি দিছে ১০টা চৰ্ত।


*মধ্যপ্ৰাচ্যলৈ ঘূৰি আহিছে অস্থায়ী শান্তি

*আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা

*দুয়োখন দেশৰে সহমতত ১৪ দিনৰ বাবে যুদ্ধবিৰতি ঘোষণা

*এই চৰ্তসমূহক লৈ আলোচনাৰ সন্মতি ড’নাল্ড ট্ৰাম্পৰ

*আলোচনাৰ মাধ্যমেৰে যুদ্ধবিৰতি আগুৱাই নিয়াৰ ঘোষণা ইৰানৰ

*মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চৰ্ত মানি লোৱা বুলি উল্লেখ ইৰানৰ

*১০ এপ্রিলত ইছলামাবাদত চলিব আলোচনা প্রক্রিয়া


যুদ্ধবিৰতিত হৰমুজ প্ৰণালী মুকলি কৰাৰ চুক্তিও অন্তৰ্ভুক্ত কৰা হৈছে। ইজৰাইলেও ইৰানক আক্ৰমণ নকৰে। ড’নাল্ড ট্ৰাম্পৰ যুদ্ধবিৰতিৰ বাবেও সন্মতি প্ৰকাশ কৰিছে। এতিয়া ইৰান আৰু আমেৰিকাৰ মাজত আলোচনা হ’ব ইছলামাবাদত।ৰাষ্ট্ৰপতি ট্ৰাম্পে ট্ৰুথছ’চিয়েলত লিখিছে যে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু আছিম মুনিৰৰ অনুৰোধত ইৰাণৰ আক্ৰমণ বন্ধ কৰি দিছে। ট্ৰাম্পে নিজেই উল্লেখ কৰিছে যে আমেৰিকাই ইৰানৰ পৰা ১০ দফীয়া প্ৰস্তাৱ লাভ কৰিছে, যিটোৰ ওপৰত আলোচনা হ’ব পাৰে। পূৰ্বে বিতৰ্কিত প্ৰায়বোৰ বিষয়তে আমেৰিকা আৰু ইৰানৰ মাজত ঐকমত্যত উপনীত হৈছে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.