22 October, Tue 2024
support@thecriticalscript.com
Blog image

ঋতু কাৰিধল ‘ৰকেট উইমেন অৱ ইণ্ডিয়া’

15 Jul,2023 05:53 PM, by: Ankita Gogoi
1 minute read Total views: 1338
1 Likes 0.0

চন্দ্ৰ অন্বেষণ অভিযানৰ উদ্দেশ্যেৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে চন্দ্ৰৰ দক্ষিণ মেৰুৰ স্থান নিৰ্ণয় কৰা আৰু ইয়াৰ বিষয়ে জানিব পৰা।যদি ইয়াক সফলতাৰে অৱতৰণ কৰা হয় তেন্তে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত ভাৰত চতুৰ্থখন দেশ হব। এই অভিযানৰ নেতৃত্বত আছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অন্যতম জ্যেষ্ঠ বিজ্ঞানী ড০ ৰিতু কৰিধল শ্ৰীবাস্তৱ।যাক ৰকেট উইমেন অৱ ইণ্ডিয়াবুলি জনা যায়।

তেখেত এগৰাকী এৰ'স্পেছ অভিযন্তা। ইয়াৰ আগতে তেওঁ ইচৰোৰ বহু প্ৰকল্পৰ লগত কাম কৰিছে। কিছু প্ৰকল্পত তেওঁ পৰিচালক হিচাপেও কৰ্মৰত আছিল। সৰুৰে পৰা চন্দ্ৰ-নক্ষত্ৰ আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি তেওঁ আগ্ৰহী আছিল।বহু সময় ৰাতিৰ আকাশলৈ চাই চিন্তা কৰি চন্দ্ৰৰ কথা ভাবি আচৰিত হৈছিল যে, এইটো কেনেকৈ তাৰ আকৃতি আৰু আকাৰ পৰিৱৰ্তন কৰে, তেওঁ সিহঁতৰ প্ৰকৃতি অধ্যয়ন কৰিলে আৰু জানিব বিচাৰিলে যে আকাশৰ কলা মহাশূণ্যৰ আঁৰত কি আছে।

১৯৭৫ চনত লক্ষ্ণৌৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ড০ ৰিতু কাৰিধলে। তেওঁ ইয়াতেই জীৱনৰ প্ৰাৰম্ভিক কাল অতিবাহিত কৰিছিল। ডাঙৰ হৈ তেওঁ নিজৰ সপোন বাস্তৱায়িত কৰিলে। ° ৰিতু কাৰিধল শ্ৰীবাস্তৱ সৰুৰে পৰা এগৰাকী মেধাৱী ছাত্ৰ আছিল।সৰুৰে পৰা চন্দ্ৰ-নক্ষত্ৰ আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি তেওঁ আগ্ৰহী আছিল।বহু সময় ৰাতিৰ আকাশলৈ চাই চিন্তা কৰি চন্দ্ৰৰ কথা ভাবি আচৰিত হৈছিল যে, এইটো কেনেকৈ তাৰ আকৃতি আৰু আকাৰ পৰিৱৰ্তন কৰে, তেওঁ সিহঁতৰ প্ৰকৃতি অধ্যয়ন কৰিলে আৰু জানিব বিচাৰিলে যে আকাশৰ কলা মহাশূণ্যৰ আঁৰত কি আছে।বহু খবৰ অনুসৰি ৰিতু কৰিধল শ্ৰীবাস্তৱে শৈশৱৰ দিনত মহাকাশ আৰু গ্ৰহৰ লগত জড়িত বাতৰি পঢ়িছিল। ৰিতু কাৰিধলে স্কুল-কলেজ কালত ইছৰোআৰু নাছাৰ দ্বাৰা লিখা বাতৰিৰ প্ৰবন্ধ কাটি মহাকাশ গৱেষণামূলক কাম-কাজতো অংশ লৈছিল। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা বি.এছ.চি. ইয়াৰ পিছত তেওঁ ইয়াৰ পৰাই পদাৰ্থ বিজ্ঞানত এম এছ চিও কৰে। তেওঁ এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে প্ৰতিষ্ঠিত IISC ত যোগদান কৰে। তেখেতে ১৯৯৭ চনৰ পৰা ইছৰোত অভিযন্তা হিচাপে কাম কৰি আহিছে।

মহিলা অৰ্থনৈতিক মঞ্চ(WEF)ৰ এক প্ৰতিবেদন অনুসৰি ইছৰোৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানী ড০ ৰিতু কাৰিধল শ্ৰীবাস্তৱ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দায়িত্ব লোৱা সদস্যসকলৰ ভিতৰত অন্যতম। ইয়াৰ পূৰ্বে মংগলিয়ানৰ লঞ্চিং মিছনত উপ-সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ড° কৰিধলে ইচৰো যুৱ বিজ্ঞানী বঁটা(২০১৭),২০০৭ চনত যুৱ বিজ্ঞানী বঁটাও লাভ কৰিছে। ইয়াৰ উপৰিও ড° এ পি জে আব্দুল কালাম ইয়ং চাইন্টিষ্ট বঁটা, মংগল অৰ্বিটাৰ মিছনৰ বাবে ইছৰো টিম এৱাৰ্ড, চাইটি অৱ ইণ্ডিয়ান এৰস্পেচ টেকনলজি এণ্ড ইণ্ডাষ্ট্ৰীজকে ধৰি বহু বঁটা লাভ কৰিছে। বিভিন্ন মহাকাশ অভিযানৰ অংশ হোৱাৰ পিছত এতিয়া মানুহে তেওঁক ৰকেট উইমেন বুলি কয়।

তেওঁ চন্দ্ৰযান-২ অভিযানত কাম কৰিছিল, যি ২০১৯ চনত চন্দ্ৰ পৃষ্ঠত এটা ৰোবোট পঠায় আৰু চন্দ্ৰৰ মাটি পৰীক্ষা কৰিব বুলি। কিন্তু দুৰ্ভাগ্যবশত চন্দ্ৰ পৃষ্ঠত আৱতৰণ কৰাৰ কিছু পূৰ্বেই ল্যাণ্ডাৰ বিক্ৰম নষ্ট হৈ যায়। আৰু সংযোগ ব্যৱস্থা বিচ্ছিন্ন হয়। শেষত চন্দ্ৰৰ কক্ষ পথত থকা অৰ্বিটাৰৰ সহায়ত বিক্ৰম ল্যাণ্ডাৰৰ উপস্থিতি আৰু অৱস্থা জানিব পৰা যায়।

তেখেত এগৰাকী বিবাহিত, দুটা সন্তান এজন লৰা আৰু এজনী ছোৱালী আছে।ৰিতু কাৰিধলে প্ৰতিগৰাকী মহিলাক অনুপ্ৰাণিত কৰিছে। ইছৰোৰ বিজ্ঞানী হোৱাৰ উপৰিও ঋতু এগৰাকী মাতৃ, যি প্ৰতিগৰাকী নাৰী আৰু মাতৃৰ বাবে এক ডাঙৰ প্ৰেৰণা। তেখেতে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত অধিক মহিলাই প্ৰৱেশ কৰাটো বিচাৰে।কেৱল এয়াই নহয়, তেওঁৰ সপোন এই ক্ষেত্ৰত নাৰীকো নোবেল বঁটা প্ৰদান কৰা।ঘৰ আৰু কামৰ ভাল ভাবে ভাৰসাম্য ৰক্ষা কৰি ঋতু বহু মহিলাৰ বাবে এক ডাঙৰ প্ৰেৰণা। তেওঁ শিকাইছে যে মাতৃত্ব কেৱল ত্যাগৰ কথা নহয়। মাতৃয়ে নিজৰ ধৰণেৰে সেইবোৰৰ যত্ন লব পাৰে আৰু একে সময়তে নিজৰ জীৱনটো জীয়াই থকাৰ লগতে সপোন পূৰণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে।

 

 

 

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.