অসমৰ জনজাতীয় আন্দোলন পৰিচয়, ভূমি, আৰু মৰ্যাদাৰ বাবে যুঁজ
১৯৮০ আৰু ১৯৯০ দশকত অসমৰ বিভিন্ন জনজাতীয় সমাজে নিজৰ পৰিচয়, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে শক্তিশালী আন্দোলন আৰম্ভ কৰিছিল। বহুদিন ধৰি সাংস্কৃতিক অবহেলা, ৰাজনৈতিক উপেক্ষা আৰু সামাজিক বৈষম্যৰ অনুভৱে এই আন্দোলনৰ মূল কাৰণ হৈছিল।
এই সময়ছোৱাত বড়োলেণ্ড আন্দোলনে বিশেষ শক্তিশালী ৰূপ লয়। মাটি, ভাষা আৰু ৰাজনৈতিক অধিকাৰৰ দাবীৰ পৰা আৰম্ভ হোৱা এই আন্দোলনে পিছলৈ বড়োলেণ্ড গঠনৰ দাবীত পৰিণত হয়। এই আন্দোলনৰ অন্যতম নেতা আছিল উপেন্দ্ৰনাথ ব্ৰহ্ম, যাক বডো সমাজে “Bodofa” বুলি সন্মান কৰে। তেওঁৰ “Live and Let Live” দৰ্শনে আজিও বহু লোকক প্ৰেৰণা দিয়ে।
এই সময়ত টিৱা, মিছিং আৰু ৰাভা সমাজেও নিজৰ অধিকাৰৰ বাবে আন্দোলন কৰিছিল। বহু প্ৰতিবাদ, গ্ৰেপ্তাৰ আৰু কঠিন সময়ৰ মাজেৰে এই সংগ্ৰাম আগবাঢ়িছিল। ১৯৯৫ চনত টিৱা, ৰাভা আৰু মিছিং সমাজে স্বায়ত্তশাসিত পৰিষদ লাভ কৰে। পিছলৈ ২০০৩ চনত বডো সমাজে ষষ্ঠ অনুসূচীৰ অধীনত Bodoland Territorial Region গঠন কৰিবলৈ সক্ষম হয়। এই সংগ্ৰাম সহজ নাছিল, কিন্তু বহু নেতাৰ ত্যাগ আৰু সাহসে আজিৰ অসমৰ জনজাতীয় ৰাজনীতিত এক গুৰুত্বপূর্ণ ভূমিকা ৰাখিছে। ইতিহাসে হয়তো সকলো নাম মনত নাৰাখিব পাৰে, কিন্তু তেওঁলোকৰ সংগ্ৰাম আৰু উদ্দেশ্য সদায় স্মৰণীয় হৈ থাকিব।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments