তিনিচুকীয়াৰ চমু ইতিহাস!
তিনিচুকীয়া, অসমৰ এক মুখ্য উদ্যোগিক নগৰ। তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া পুখুৰী এটাৰ পৰা হৈছে। ১৮৮৪ চনত ডিব্রু-শদিয়া ৰেলপথ প্ৰতিস্থাৰ পাছত চহৰখনৰ প্ৰভূত আর্থ-সামাজিক পৰিবৰ্ত্তন হ'বলৈ লয়। ১৭০০ শতিকাৰ শেষৰ ফালে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বৃহৎ অংশ পূৰ্বে মটক ৰাজ্যৰ অংশ আছিল। ইয়াৰ ৰাজধানী আছিল বেংমৰা বা চাংমাই পথাৰ।ৰাজ্যখনক "মোৱামৰীয়া জাতিৰ বেংমৰা ৰাজ্য" বুলিও কোৱা হৈছিল। মটক ৰজা সৰ্বানন্দ সিংহই প্ৰথমে তেওঁৰ ৰাজ্যৰ ৰাজধানী গুইজান নদীৰ পাৰৰ ৰঙাগড়ত স্থাপন কৰিছিল। ১৭৯১ চনত তেওঁ বেংমৰালৈ ৰাজধানী উঠাই নিয়ে। সৰ্বানন্দ সিংহই তেওঁৰ মন্ত্ৰী গোপীনাথ বৰবৰুৱাৰ সহায়ত বেংমৰা নগৰ নিৰ্মাণ কৰোৱাইছিল। এই নগৰৰ অৱস্থিতি বৰ্তমানৰ তিনিচুকীয়া নগৰৰ মাজতে আছিল। সৰ্বানন্দ সংহৰ আদেশত গোধা বৰুৱাই বেংমৰাত এটা ত্ৰিভুজাকৃতিৰ পুখুৰী খন্দাইছিল যাক "তিনিকোণীয়া পুখুৰী" নামেৰে জনা যায়। ১৮৮৪ চনত ডিব্ৰু-চৈখোৱা ৰেল লাইনৰ নিৰ্মাণ হওঁতে এই পুখুৰীৰ কাষতে এটা ষ্টেছন সজা হৈছিল। ইয়াক "তিনিচুকীয়া" বুলি নামাকৰ্ণ কৰা হৈছিল যিটো পিছলৈ নগৰ আৰু জিলাখনৰ নাম হৈ পৰে।সৰ্বানন্দ সিংহৰ দিনত কেইবাটাও পুখুৰী খন্দোৱা হৈছিল- চাউলধোৱা পুখুৰী, কদমণি পুখুৰী, দা ধৰোৱা পুখুৰী, মাহধোৱা পুখুৰী, লাগনী পুখুৰী, ন পুখুৰী, দেৱী পুখুৰী, কুম্ভী পুখুৰী, ৰূপহী পুখুৰী আদি। পুখুৰীসমূহৰ উপৰিও মটক অঞ্চলৰ বিভিন্ন অংশত বহুতো পথ সজা হৈছিল- গোধা বৰবৰুৱা পথ, হাতীআলি পথ, ৰাজগড় পথ আদি।
১৮২৩ চনত ব্ৰিটিছসকলে শদিয়াত চাহ গছ আৱিষ্কাৰ কৰে আৰু তিনিচুকীয়াৰ ওচৰৰ চাবুৱাত প্ৰথমে চাহ গছ ৰোপণ আৰম্ভ হয়। "চাহ-বোৱা" শব্দৰ পৰাই এই নগৰখনৰ নাম "চাবুৱা" হৈ পৰে। ১৮৭৬ চনত লিডু আৰু মাৰ্ঘেৰিটাত কয়লা আৱিষ্কাৰ কৰা হয়। ১৮৮২ চনত ডিগবৈত খাৰুৱা তেলৰ আৱিষ্কাৰ হয় আৰু ১৮৮৯ চনত ইয়াত দেশৰ ভিতৰতে প্ৰথম তৈল খাদ খন্দা হয়। ডিগবৈত সজা খাৰুৱা তেলৰ শোধনাগাৰ এছিয়াৰ ভিতৰত প্ৰথম আৰু পৃথিৱীৰ ভিতৰত তৃতীয় হিচাপে পৰিগণিত হয়। ইয়াৰে মাৰ্ঘেৰিটা কয়লাখনিৰ বাবে বিখ্যাত। ১৮৮২ চনত তিনিচুকীয়াৰ 'অসম ৰেলৱে' আৰু ট্ৰেডিং কোম্পানী'য়ে ডিব্ৰু-চৈখোৱা ৰেলৱে' আৰম্ভ কৰে আৰু উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত ই বাৰুকৈয়ে অৰিহণা যোগায়।১৯৮৯ চনৰ ১ অক্টোবৰত তিনিচুকীয়াক ডিব্ৰুগড় জিলাৰ পৰা আঁতৰাই এখন সুকীয়া জিলাৰ মৰ্যাদা দিয়া হয়।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments