10 April, Fri 2026
support@thecriticalscript.com
Blog image

অৰুণাচল প্ৰদেশৰ বিশেষ চাংকেন উৎসৱ!

07 Apr,2026 11:13 AM, by: Ankita Gogoi
1 minute read Total views: 80
0 Like 0.0

চাংকেন, অৰুণাচল প্ৰদেশ আৰু অসমৰ ঠাইবিশেষে বসতি কৰা টাই জাতিৰ নতুন বছৰক আদৰণি জনোৱা এক বসন্ত উৎসৱ। এই উৎসৱ এপ্ৰিল মাহৰ ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ পালন কৰে। নতুন বছৰক আদৰা এই উৎসৱক ম্যানমাৰত ’ক্ৰুট সংক্ৰণ’, উত্তৰ থাইলেণ্ডত ’সংক্ৰান্তি’ আৰু মধ্য থাইলেণ্ডত ’মহ সংগ্ৰাম’ নামে জনা যায়। পয় চাংকেন উৎসৱ অসম আৰু অৰুণাচল প্ৰদেশৰ চিংফৌ, টাই খাময়াং, টাংছা, টাইফাকে, টাই আইটন, টাই আহোম আৰু টাই টুৰুং সম্প্ৰদায়ৰ লোকসকলে উৎসৱ পালন কৰে। চাংকেন উৎসৱ সাধাৰণতে খামতি চান্দ্ৰ-সৌৰ বৰ্ষপঞ্জীৰ পঞ্চম মাহ 'নুয়েন হা' ত পৰে। ৰোমান বৰ্ষপঞ্জী অনুসাৰে ই এপ্ৰিল মাহত সংঘটিত হয়। পুৰণি বছৰৰ শেষৰ দিনকেইটাত উদযাপিত হোৱা এই উৎসৱৰ অন্তিম দিনৰ পিছতেই নৱবৰ্ষৰ আৰম্ভণি ঘটে। এই উৎসৱত অৰ্থাৎ বছৰটোৰ অন্তত বৌদ্ধ বিহাৰসমূহত থকা মূৰ্তি আৰু আন আন সামগ্ৰীসমূহ বাহিৰলৈ উলিয়াই পৰিস্কাৰ কৰা হয়।

এই উৎসৱত ডেকাসকলে, কিছুদিন আগৰে পৰাই বিহাৰৰ চৌহদত এটা অস্থায়ী বিহাৰ সাজে৷ ৰং-বিৰঙৰ কাগজ কাটি আঠাৰে লগাই, বিহাৰটোৰ মাজত এখন বেদী সাজি এক সৰু নাও এখন বান্ধি বুদ্ধ মূৰ্তিসমূহৰ গাত পানী পৰাৰ ব্যৱস্থা কৰা হয়৷ ইয়াক ক্যাংফ্ৰা বোলা হয়। এই নাওখনৰ এটা মূৰত ভক্তসকলে পানী ঢালিলে, আনটো মূৰেৰে গৈ বুদ্ধ মূৰ্তিৰ গাত পৰে৷ এই উৎসৱৰ আৰম্ভণিৰ দিনটোক ’পয় হেপ’ বোলে৷ সেইদিনা চাক্ৰিত বা চাগ্ৰেইট(পঞ্জিকা)ৰ সময় অনুযায়ী বুদ্ধ মূৰ্তিসমূহ বাহিৰলৈ আনি অস্থায়ী বেদীত স্থাপন কৰা হয়।

চাংকেন উৎসৱৰ মুখ্য আকৰ্ষণ হৈছে পৰিষ্কাৰ পানী ছটিয়াই কৰা আনন্দ। এই পানী ছটিওৱা পৰ্ব শান্তি আৰু বিশুদ্ধতাৰ প্ৰতীক হিচাপে বিবেচিত হয়। নিৰ্দ্দিষ্ট দিনত বিহাৰৰ ঘণ্টাধ্বনি শুনাৰ লগে লগে সকলো গোট খাই গৌতম বুদ্ধৰ প্ৰতিচ্ছবি বা মূৰ্তি আচাৰানুষ্ঠানিক স্নানৰ বাবে শোভাযাত্ৰাৰে উলিয়াই নিয়া হয়। তাৰ পিছত অস্থায়ী বেদীত স্থাপন কৰি ৰাইজে বুদ্ধ, ধৰ্ম আৰু সংঘৰ নামত তিনিখন শৰাই আগবঢ়ায়৷ বুদ্ধদেৱৰ পৱিত্ৰ স্নান এক মাংগলিক কাৰ্যসূচী হিচাপে চিহ্নিত। প্ৰথম প্ৰধান ভিক্ষুৱে পানী ঢালি উৎসৱৰ শুভাৰম্ভণি কৰে আৰু তাৰ পিছত সকলোৱে বুদ্ধ মূৰ্তিত পানী ঢালে৷ চাংকেনৰ উপৰিও খামতিসকলে বছৰৰ ভিন-ভিন সময়ত ভিন-ভিন উৎসৱ উদযাপন কৰে আৰু এইবোৰৰ ভিতৰত প'ই-পী-মাউ (টাই বা দাই নৱবৰ্ষ), মাই-কাচুং-ফাই, ফাও-ৱা, পৌৱাত-ৱা আদি উল্লেখনীয়।

চাংকেন উৎসৱ তিনিদিন ধৰি উদযাপন কৰা হয়। উৎসৱৰ প্ৰথম দিনা এক মাংগলিক সময়ত বুদ্ধৰ বিগ্ৰহ আৰু প্ৰতিচ্ছবি মঠৰ পৰা উলিয়াই আনি এক স্নান কৰাই 'কিয়ুংফ্ৰা'ত ৰাখি ঢোল আৰু কৰতালেৰে শোভাযাত্ৰা কৰিবলৈ নিয়া হয়। অনুগামীসকলে প্ৰাৰ্থনা কৰাৰ পিছত মন্দিৰত মিঠাই আৰু অন্যান্য খাদ্য সামগ্ৰী উৎসৰ্গা কৰে আৰু তাৰ পিছত সকলোৰে মাজত সেয়া বিতৰণ কৰে।

চাংকেন উৎসৱৰ অন্তিমদিনা এক নিৰ্দিষ্ট সময়ত বুদ্ধৰ বিগ্ৰহসমূহ ঘূৰাই নিয়া হয় আৰু ইয়াৰ জৰিয়তে পুৰণি বৰ্ষৰ সমাপ্তি চিহ্নিত কৰা হয়। চাংকেন উৎসৱৰ জৰিয়তে পুৰণি বৰ্ষলৈ বিদায় আৰু নৱবৰ্ষলৈ আদৰণি জনোৱা হয়।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.