18 August, Tue 2026
support@thecriticalscript.com
Blog image

মৃত্যুৰ পিছতো ৰেজিমেণ্টৰ সৈতে কেনেকৈ জীয়াই থাকিল সৈনিক বদলু ৰামৰ নাম!

17 Aug,2026 05:41 PM, by: Ankita Gogoi
1 minute read Total views: 43
0 Like 0.0

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অসম ৰেজিমেণ্টৰ সৈনিক বদলুৰাম জাপানী বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰি ১৯৪৪ চনত কোহিমাৰ যুদ্ধত শ্বহীদ হৈছিল। কিন্তু তেওঁৰ মৃত্যুৰ পিছতো অসম ৰেজিমেণ্টৰ মাজত তেওঁৰ নামটো এক বিশেষ ধৰণে জীয়াই থাকিল।

ৰেজিমেণ্টৰ প্ৰচলিত কাহিনী অনুসৰি, বদলুৰামৰ মৃত্যুৰ পিছত ৰেচনৰ তালিকাৰ পৰা তেওঁৰ নাম আঁতৰোৱা হোৱা নাছিল। ফলত তেওঁৰ নামতো ৰেচন আহি থাকিল। পিছলৈ কোহিমাৰ যুদ্ধৰ সময়ত জাপানী বাহিনীয়ে যোগানৰ পথ বন্ধ কৰি দিয়াত খাদ্যৰ যথেষ্ট সংকট সৃষ্টি হয়। সেই সময়ত বদলুৰামৰ নামত জমা হোৱা অতিৰিক্ত ৰেচনে তেওঁৰ সহযোদ্ধাসকলক সহায় কৰিছিল বুলি কোৱা হয়।

এজন শ্বহীদ সৈনিকৰ মৃত্যুৰ পিছত তেওঁৰ নামত অহা ৰেচনেই যেন তেওঁৰ সহযোদ্ধাসকলৰ বাবে শেষ উপহাৰ হৈ পৰিছিল। এই ঘটনাটোৱেই পিছলৈ জন্ম দিলে অসম ৰেজিমেণ্টৰ বিখ্যাত marching song—“Badluram Ka Badan”। ১৯৪৬ চনত Major M. T. Proktor-এ এই গানটো ৰচনা কৰিছিল আৰু “John Brown’s Body”ৰ সুৰৰ আধাৰত ইয়াক গঢ় দিয়া হৈছিল। গানটোৰ সহজ অৰ্থ—বদলুৰামৰ দেহ মাটিৰ তলত শুই আছে, কিন্তু তেওঁৰ ৰেচন এতিয়াও তেওঁৰ সহযোদ্ধাসকলৰ কামত আহিছে।

সময়ৰ লগে লগে এই গানটো কেৱল এটা যুদ্ধকালীন কাহিনী হৈ নাথাকিল। ই অসম ৰেজিমেণ্টৰ পৰিচয়ৰ এক অংশ হৈ পৰিল। শ্বিলঙৰ অসম ৰেজিমেণ্টেল চেণ্টাৰত নতুনকৈ যোগদান কৰা জোৱানসকলৰ attestation parade-তো এই গান গোৱা হয়।

বদলুৰামৰ বিষয়ে হয়তো আজিৰ প্ৰজন্মই বহুত নাজানে। তেওঁৰ জীৱনৰ সম্পূৰ্ণ তথ্যও সহজে পোৱা নাযায়। কিন্তু তেওঁৰ নামটো এতিয়াও এটা গানৰ মাজেৰে, এটা ৰেজিমেণ্টৰ পৰম্পৰাৰ মাজেৰে আৰু অসংখ্য সৈনিকৰ স্মৃতিত জীয়াই আছে।

এজন সৈনিকৰ দেহ হয়তো যুদ্ধক্ষেত্ৰত থমকি ৰ’ল, কিন্তু তেওঁৰ কাহিনী থমকি নৰ’ল।

বদলুৰামৰ কাহিনী সেয়াই প্ৰমাণ কৰে—

যুদ্ধ শেষ হ’ব পাৰে, সময় পাৰ হৈ যাব পাৰে, কিন্তু সহযোদ্ধাৰ মাজত এৰি যোৱা স্মৃতি কেতিয়াও শেষ নহয়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.