দ্য ষ্টৰি অফ হিউমেন চেক্ৰিফাইচ টাংছা জনগোষ্ঠীৰ লোককথা!
অৰুণাচল প্ৰদেশৰ লোককথাবোৰ কেৱল মনোৰঞ্জনৰ উৎসই নহয়, এইবোৰে সেই অঞ্চলৰ মানুহৰ জীৱন, সংগ্ৰাম, বিশ্বাস আৰু সংস্কৃতিকো প্ৰতিফলিত কৰে। “দ্য ষ্টৰি অফ হিউমেন চেক্ৰিফাইচ” টাংছা জনগোষ্ঠীৰ এক গুৰুত্বপূর্ণ লোককথা, য’ত পাহাৰীয়া জীৱনৰ কষ্ট আৰু এটা অন্ধবিশ্বাস কেনেকৈ জন্ম লয়, সেই কথা বৰ্ণনা কৰা হৈছে।
এই কাহিনী দুজন টাংছা ককাই-ভাইৰ জীৱনৰ পৰা আৰম্ভ হয়। তেওঁলোক পাটকাই পাহাৰৰ ওপৰত বাস কৰিছিল। সেই ঠাইত জীৱন অতি কঠিন আছিল। পানী আনিবলৈও বহু দূৰ পাহাৰ উঠা-নমা কৰিব লাগে আৰু খেতিৰ বাবে জংঘল কাটি জুম খেতি কৰিব লাগিছিল। বহুত কষ্ট কৰাৰ পাছতো ফচল ভাল নহয়,ই কম ফচল দিয়াৰ লগতে মাটিৰ উৰ্বৰতা সোনকালে নষ্ট কৰে, ফলত নতুন মাটি বিচাৰিব লাগে।সেয়েহে তেওঁলোকৰ আৰ্থিক অৱস্থা অত্যন্ত দুৰ্বল হৈ থাকে।
এদিন পুৱা দুয়ো ভাই নতুন মাটি বিচাৰি আন এখন পাহাৰৰ দিশে যাত্ৰা আৰম্ভ কৰিলে।দুয়োখন পাহাৰৰ মাজত বহু হাজাৰ ফুট তলত এখন তীব্ৰ সোঁতৰ নদী আছিল।তাত তেওঁলোকে লতা-পাত সিজাই খোৱাৰ সিদ্ধান্ত লয়। বনৰীয়া গছৰ কিছুমান শিপা আৰু কিছুমান বনৰীয়া লতা গোটাই লৈছিল। ডাঙৰ ককায়েকে চকমকীয়া শিলৰ সহায়ত জুই জ্বলাই বাঁহৰ নলীত পানী অলপ গৰম কৰিলে। তাৰ পিছত ডাঙৰ ককায়েকে বুদ্ধিমত্তাৰে ছাল এৰাই সিজাইছিল, কিন্তু সৰু ভায়েকে ছাল নেৰাই সিজাইছিল। ফলত ককায়েকৰ আহাৰ সোনকালে তৈয়াৰ হ’ল আৰু তেওঁ আগতেই নদী পাৰ হৈ গ’ল। কিছু সময়ৰ পাছতেই নদীত হঠাতে বান আহিল আৰু ভায়েক আনফালে আবদ্ধ হৈ পৰিল। এই ঘটনাৰ পাছত দুয়ো ভাইৰ পথ পৃথক হৈ যায়।
সময় পাৰ হোৱাৰ লগে লগে ডাঙৰ ভাই “মোকলুম” আৰু সৰু ভাই “চিংফো” নামেৰে পৰিচিত হয়। পিছৰ শুকান বতৰত নদীৰ পানী কম হোৱাৰ পাছত ডাঙৰ ককায়েকে পুনৰ নদী পাৰ হৈ সৰু ভাই আৰু মাতৃক বিচাৰি পালে। তেওঁ তেওঁলোকক নিজৰ নতুন ঘৰলৈ যাবলৈ অনুৰোধ কৰিলে, কিন্তু সৰু ভায়েকে মানি নল’লে। কিছুদিন পাছত সৰু ভাইয়ে মাকক ককায়েকৰ ওচৰলৈ সহায়ৰ বাবে পঠিয়াই দিলে, কিন্তু মাত্ৰ এবছৰৰ বাবে।
এবছৰ পাছতো মোকলুমে মাকক জোৰ কৰি নিজৰ লগত ৰাখিলে। যাৰ বাবে চিংফোৰ খুব খং উঠিল। প্ৰতিশোধ ল’বলৈ চিংফোয়ে মোকলুমক সাধাৰণ বীজৰ সলনি সিজোৱা ধান দিলে, যিবোৰ কেতিয়াও গজিব নোৱাৰে। ফলত মোকলুমৰ খেতি নষ্ট হয়।যেতিয়া মোকলুমে ইয়াৰ কাৰণ সুধিলে, চিংফোৱে কয় যে মাতৃক জোৰ কৰি ৰখাৰ ফলতেই এনে পৰিস্থিতি হৈছে। তাৰপাছত চিংফোৱে তেওঁক পৰামৰ্শ দিয়ে যে যদি ভাল ফচল বিচাৰে, তেন্তে মাতৃক বলি দি “ৰং” নামৰ দেৱতাক উৎসৰ্গা কৰিব লাগিব।
মোকলুমে সেই কথাই মানি লয় আৰু নিজৰ মাতৃক বলি দিয়ে। আশ্চৰ্যজনকভাৱে সেই বছৰত তেওঁৰ ফচল খুব ভাল হয়। তাৰ পাছৰ পৰাই মোকলুম জনগোষ্ঠীৰ মাজত এই বিশ্বাস গঢ়ি উঠে যে ভাল ফচল পাবলৈ মানুহ বলি দিব লাগে।
এই কাহিনীয়ে আমাক শিকাই যে অজ্ঞানতা আৰু অন্ধবিশ্বাসে মানুহক বিপথে পৰিচালিত কৰিব পাৰে। যিকোনো পৰম্পৰাক অন্ধভাৱে মানি লোৱাটো সমাজৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। তদুপৰি এই কাহিনীয়ে আমাক পাহাৰীয়া জনগোষ্ঠীৰ কঠিন জীৱন, সংগ্ৰাম, বিশ্বাস আদি বুজিবলৈ সুযোগ দিয়ে।
অৰুণাচল প্ৰদেশৰ এই লোককথাই আজিও আমাক ভাবিবলৈ বাধ্য কৰাইছে যে সমাজত প্ৰচলিত বহুতো বিশ্বাস হয়তো কোনো সৰু ভ্ৰম অথবা ভুল অন্ধবিশ্বাসৰ পৰাই উদ্ভৱ হৈছিল।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments