
গ্ৰীষ্মকালত অফিচলৈ যোৱা মহিলাসকলৰ বাবে টেনিঙৰ পৰা আতঁৰি থাকিবলৈ কেইটামান সৌন্দৰ্য্যৰ টিপছ!
গ্ৰীষ্মকালত ছালৰ জিলিকনি নোহোৱা হৈ যায় আৰু ছালৰ লগত জড়িত বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ হয়। ঘাম, ধূলি, প্ৰদূষণ আৰু প্ৰৱল সূৰ্যৰ পোহৰৰ বাবে ছালত ৰ’দ পোৰা, টেনিং, ব্ৰণ, খজুৱতি আৰু ফোহা ওলায়। এনে পৰিস্থিতিত ছালখন সতেজ কৰি ৰাখিবলৈ আৰু এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ কিছু বিশেষ ছালৰ যত্ন লোৱাৰ প্ৰয়োজন হয়। বিশেষকৈ অফিচলৈ যোৱা মহিলাসকলে গ্ৰীষ্মকালত এই সৌন্দৰ্য্যৰ টিপছবোৰ মানি চলিব লাগে।
ছানস্ক্ৰীণ
ৰ’দত ওলাই যোৱাৰ কমেও ২০-৩০ মিনিট আগতে ছানস্ক্ৰীণ লগাব লাগে। SPF-30 বা তাতকৈ অধিকযুক্ত ছানস্ক্ৰীণ ব্যৱহাৰ কৰক। দুঘণ্টাৰ মূৰে মূৰে, বা ঘামচি ওলালে পুনৰ ছানস্ক্ৰীণ প্ৰয়োগ কৰক। মুখৰ লগতে ডিঙি, হাত আৰু ভৰিত ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব।
হাইড্ৰেটেড হৈ থাকক
গ্ৰীষ্মকালত সঠিক পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়। ই কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই ভাল নহয়, আপোনাৰ ছালৰ বাবেও উপকাৰী। ইয়াৰ লগতে হাইড্ৰেটিং ড্ৰিংকছ যেনে নাৰিকল পানী, ফলৰ ৰস আৰু বাটাৰমিল্ক সেৱন কৰি নিজকে হাইড্ৰেটেড কৰি ৰাখিব পাৰে।
লাইট মেকআপ
গ্ৰীষ্মকালত গধুৰ মেকআপ নকৰিব। ইয়াৰ ফলত আপোনাৰ ছালত বেয়া প্ৰভাৱ পৰিব পাৰে। গধুৰ মেকআপৰ পৰিৱৰ্তে বি বি ক্ৰীম, টিণ্টেড মইশ্ব’ৰাইজাৰ, বা টিণ্টেড ছানব্লক ব্যৱহাৰ কৰক।
এক্সফোলিয়েট কৰক
সপ্তাহত এবাৰ বা দুবাৰ মুখখন এক্সফোলিয়েট কৰক। ইয়াৰ ফলত ছালৰ পৰা মৃত কোষবোৰ আঁতৰাই ছালখন উজ্জ্বল আৰু জিলিকাই ৰাখে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments