16 October, Wed 2024
support@thecriticalscript.com
Blog image

গৰমৰ দিনত নিজকে সতেজ ৰাখিবলৈ ঘৰতে এই ৫ টা পানীয় বনাওক

03 Aug,2024 06:54 PM, by: Ankita Gogoi
1 minute read Total views: 219
1 Likes 5.0

গ্ৰীষ্মকালত এনে পানীয় খাব লাগে যিয়ে আপোনাৰ শৰীৰৰ পানীৰ অভাৱ পূৰণ কৰে। ই স্বাস্থ্যৰ বাবেও উপকাৰী হ’ব লাগে। আপুনি ঘৰতে সহজেই স্বাস্থ্যকৰ শ্বৰবত বনাব পাৰে যিটো ৰুচি আৰু স্বাস্থ্য দুয়োটা দিশতে উন্নত। 

গৰমৰ ৰ’দত শৰীৰত পানীৰ অভাৱৰ ক্ষতিপূৰণ দিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়। পানীৰ পৰিৱৰ্তে বেছিভাগ মানুহেই শ্বৰবট বা যিকোনো ফলৰ ৰস খাই ভাল পায়।

আজি আমি আপোনালোকৰ বাবে এনে কিছুমান শ্বৰবট লৈ আহিছো, যিবোৰ আপুনি ঘৰতে সহজে বনাব পাৰে আৰু গ্ৰীষ্মকালত সতেজ অনুভৱ কৰিব পাৰে। এই সকলোবোৰ শ্বৰবট গ্ৰীষ্মকালত সতেজ হোৱাৰ বাবে একেবাৰে উপযুক্ত।তলত দিয়া কেইটামান ড্ৰিংক আপোনাৰ ৰুচি অনুসৰি প্ৰস্তুত কৰি উপভোগ কৰিব পাৰে।

তৰমুজ আৰু নাৰিকল পানীৰ শ্বৰবট

তৰমুজৰ ৰস আৰু নাৰিকলৰ পানী মিহলাই এটা সুস্বাদু শ্বৰবট তৈয়াৰ কৰা হয়। সোৱাদৰ লগতে এই পানীয় শৰীৰক যথেষ্ট পৰিমাণৰ পুষ্টিও প্ৰদান কৰে। এই শ্বৰবট সহজে ঘৰতে বনাব পাৰি।

আম পান্না

আম পান্না হৈছে  এক সকলোৰে ভাল লগা শ্বৰবট যিটো গ্ৰীষ্মকালত বেছি পছন্দ কৰা হয়। কেঁচা আম, পদিনা, নিমখ, চেনি মিহলাই এই সুস্বাদু পানীয় তৈয়াৰ কৰা হয়। ইয়াৰ মিঠা আৰু টেঙা সোৱাদ সকলোৱে ভাল পায়।

লাচ্চি

লাচ্চি খাই সকলোৱে ভাল পায় ৷ মলাই দৈ দ্বাৰা তৈয়াৰ কৰা লাচি মিঠা অথবা নিমখীয়াও তৈয়াৰ কৰিব পাৰে ৷ ইয়াত,গুলাব,কল,আম,চকলেট,কেশৰ পিস্তা অথবা অন্যান্য সামগ্ৰীও লাচ্চিত দিব পাৰে ৷ লগতে আৰু অধিক সোৱাদ কৰিবলৈ আপুনি লাচ্চিত যোগ দিব পাৰে অলপ ক্ৰীম।

কমলাৰ ৰস

কমলাৰ শ্বৰবট আন এটা জনপ্ৰিয় আৰু সতেজ পানীয় যিটো গ্ৰীষ্মকালত পছন্দ কৰা হয়। কমলাৰ ৰস, পানী, নিমখ আৰু চেনি মিহলাই তৈয়াৰ কৰিব পাৰি। পানীয় হিচাপে কমলা সেৱন কৰিলে শৰীৰে ভিটামিন C ৰ দৰে পুষ্টিকৰ উপাদানো লাভ কৰে।

নাৰিকল পানী শ্বেক

ব্লেণ্ডাৰত ফলৰ সৈতে নাৰিকলৰ পানী মিহলাই বনোৱা শ্বেক গৰমৰ দিনত শ্বৰবট হিচাপে খোৱাৰ এটা ভাল বিকল্প। এই শ্বৰবট শৰীৰক শীতল কৰি ৰখাই নহয় শক্তিও দিয়ে।

গৰম দিনত আমি পিয়াস নাইকীয়া কৰিবলৈ পানী খাওঁ। কিন্তু পানী খালে আমাৰ শৰীৰক উপযুক্ত পৰিমাণে পাব লগা সামগ্ৰী সমূহ বা পদাৰ্থসমূহ উপলব্ধ নহয়। তাৰ কাৰণ আপুনি খাব পাৰে জল জিৰা ডিঙ্ক ৷ পানী আৰু জীৰা পাউডাৰ মিক্স কৰি খোৱা ডিঙ্কে গ্ৰেষ্টিক বিভিন্ন সমস্যা দূৰ কৰে ৷ ইয়াৰ লগত আপুনি পদিনা,ধনীয়া পাত,কলা নিমখ,নেমু ৰস মিহলালে খাবলৈ সোৱাদ হয় ৷

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

1 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.