20 April, Sat 2024
support@thecriticalscript.com
Blog image

অৰুণাচল প্ৰদেশৰ টাৱাং মহোৎসৱ

26 Oct,2022 05:58 PM, by: Ankita Gogoi
1 minute read Total views: 1069
1 Likes 5.0

অৰুণাচল প্ৰদেশ ভাৰতৰ অন্যতম ধুনীয়া ৰাজ্য। এই ঠাইৰ সৌন্দৰ্য্য কেৱল পাহাৰ বা ধুনীয়া অৰণ্যৰ বাবেই নহয়, প্ৰতি বছৰে আনন্দৰে পালন কৰা উৎসৱ-পাৰ্বণৰ বাবেও অন্যতম। অৰুণাচল প্ৰদেশৰ টাৱাংত প্ৰতি বছৰে এক সাংস্কৃতিক উৎসৱৰ আয়োজন কৰা হয়, য’ত পৰ্যটকসকলক উৎসাহেৰে আদৰণি জনোৱা হয়।যি টাৱাং উৎসৱ নামেৰে পৰিচিত। অৰুণাচল প্ৰদেশৰ আটাইতকৈ স্পন্দনশীল সাংস্কৃতিক অনুষ্ঠান টাৱাং মহোৎসৱ এই বছৰ পুনৰ অনুষ্ঠিত কৰা হৈছে। অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া এই চাৰিদিনীয়া অনুষ্ঠানত ৰাজ্যখনৰ সংগীত, কলা আৰু সংস্কৃতিৰ শ্ৰেষ্ঠত্বা প্ৰদৰ্শন কৰা হ’ব।পৰ্যটকৰ আকৰ্ষণ আৰু পৰম্পৰাগত মূল্যবোধৰ প্ৰচাৰৰ বাবে অৰুণাচল প্ৰদেশৰ পৰ্যটন বিভাগে এই উৎসৱ উদযাপন কৰে। টাৱাং উৎসৱ, অৰুণাচল প্ৰদেশৰ চহকী বৈচিত্ৰময় পৰম্পৰা আৰু সংস্কৃতিৰ বিষয়ে জানিবলৈ উদযাপন কৰা হয়। অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে ২০১২ চনৰ পৰা আৰম্ভ কৰিছিল টাৱাং উৎসৱ উদযাপন কৰি আহিছে আৰু ইয়াত বছৰৰ পিছত বছৰ ধৰি আকৰ্ষণ আৰু ভ্ৰমণকাৰী লোকৰ সংখ্যা বৃদ্ধি পাইছে। অৰুণাচল প্ৰদেশৰ আটাইতকৈ স্পন্দনশীল সাংস্কৃতিকসমূহৰ ভিতৰত অন্যতম টাৱাং উৎসৱে এক নতুন সংস্কৰণ লৈ আহিছে। এইবাৰ অৰ্থাৎ ২০২২ বৰ্ষত ২৮ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ এই উৎসৱ অনুষ্ঠিত হ’ব। এই মহোৎসৱত খিলঞ্জীয়া জনগোষ্ঠী, টাৱাং জিলাৰ মনপাসকলৰ পৰম্পৰা, সংস্কৃতি, ৰান্ধনীশাল, সংগীত, নৃত্য আদি প্ৰদৰ্শন কৰা হয়। টাৱাং উৎসৱৰ মূল লক্ষ্য হ'ল দেশ বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰা আৰু পৰ্যটনৰ লগতে ৰাজ্যখনৰ আৰ্থিক উন্নয়ন আৰু বিকাশ সাধন কৰা ৷

 

টাৱাং উৎসৱ আৰু ইয়াৰ উদ্দেশ্য

প্ৰতিবছৰে টাৱাং মহোৎসৱৰ আয়োজন কৰা হয় যাতে দেশৰ লগতে বিশ্বৰ প্ৰত্যেক কোণৰ পৰা অহা লোকসকলে অৰুণাচল প্ৰদেশৰ সৌন্দৰ্য, সংস্কৃতি আৰু অন্যান্য পৰম্পৰাসমূহক ওচৰৰ পৰা জানিবলৈ আৰু বুজিবলৈ সুযোগ পায়। এই উৎসৱৰ মূল বিষয়বস্তু হৈছে অৰুণাচল প্ৰদেশৰ পৰ্যটন আকৰ্ষণসমূহ সমগ্ৰ ভাৰতৰ লগতে বিশ্ববাসীক পৰম উদযাপনৰ সৈতে পৰিচিত কৰা। সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে জড়িত বহুতো আকৰ্ষণৰ সাক্ষী হ’বলৈ এই উৎসৱটোৱেই উপযুক্ত স্থান। ইয়াৰ উপৰিও বৌদ্ধ পৰম্পৰা আৰু ইয়াৰ সংস্কৃতিকো এই উৎসৱৰ অংশ হিচাপে গঢ়ি তোলা হৈছে। এই উৎসৱত বৌদ্ধসকলৰ পৰম্পৰাগত মূল্যবোধৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। এই উৎসৱত বহুতো ধৰ্মীয় অনুষ্ঠান, পৰম্পৰাগত আৰু জনজাতীয় নৃত্য, জনজাতিৰ দ্বাৰা শিল্পকলা-কলা প্ৰদৰ্শনী, হস্ততাঁত সামগ্ৰী, ফটোগ্ৰাফী প্ৰদৰ্শনী, চিত্ৰকলা আদিৰ প্ৰদৰ্শন কৰা হয়।

ইয়াত জনজাতিসকলৰ আকৰ্ষণীয় নৃত্য আৰু অন্যান্য নাটকসমূহো এই মহোৎসৱত দেখুওৱা হয়। কিন্তু আটাইতকৈ বিশেষ কথাটো হ’ল ইয়াত প্ৰদৰ্শিত হোৱা য়াক নৃত্য(Yak Dance) আৰু এই নৃত্য দেখিবলৈ খুউবেই আকৰ্ষণীয় হয়। বিভিন্ন নৃত্য আৰু পৰম্পৰাগত ৰীতি-নীতিৰে জনজাতীয় লোকসকলৰ অংশগ্ৰহণ, পৰম্পৰাগত নৃত্য, বাট প্ৰদৰ্শন, পৰম্পৰাগত পেৰেড, বৌদ্ধ ধৰ্মীয় অনুষ্ঠান আন এক মূল আকৰ্ষণ। ৰাজ্যৰ ঐতিহাসিক চলচ্চিত্ৰসমূহৰ প্ৰজেকচন এই উৎসৱৰ আন এক আকৰ্ষণ। অৰুণাচল প্ৰদেশত বসবাস কৰা জনজাতি সকলে বনোৱা বস্তুও এই উৎসৱত পোৱা যায়। এই উৎসৱক ২০১৭ চনৰ ‘শ্ৰেষ্ঠ সাংস্কৃতিক উৎসৱ’ আৰু ‘শ্ৰেষ্ঠ পৰ্যটন স্থলী’ উপাধিৰে সন্মানিত কৰা হৈছিল। উদযাপনৰ উপৰিও চহৰখনৰ সুন্দৰতা আৰু শান্তিময় পৰিৱেশে পৰ্যটকসকলক উৎসৱটো চাবলৈ আৰু আকৰ্ষিত কৰে। মুঠতে টাৱাং মহোৎসৱৰ সময়ত অৰুণাচল প্ৰদেশ আনন্দ আৰু সমৃদ্ধিৰে ভৰি পৰে।

 

 

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

1 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.