'সৰলা ঠাকৰাল' ভাৰতৰ প্ৰথম মহিলা পাইলট
১৯১৪ চনৰ ৮ আগষ্টত দিল্লীৰ এটা প্ৰখ্যাত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সৰলা ঠাকৰাল। তেওঁ মাত্ৰ ১৬ বছৰ বয়সতে পাইলট পিডি শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সৰলাৰ বিয়া হোৱা পৰিয়ালটোত ৯ জন সদস্য আছিল আৰু সকলোৱেই আছিল পাইলট। বিয়াৰ পিছত পি ডি শৰ্মাই লক্ষ্য কৰিলে সৰলাৰ উৰাজাহাজ চলাবলৈ আৰু বিমানৰ বিষয়ে জানিবলৈ বহু কৌতুহল আছিল। যাৰ বাবেই তেওঁ সৰলাক পাইলট হ’বলৈ কৈছিল।
শহুৰেকে সৰলাক পাইলটৰ প্ৰশিক্ষণৰ বাবে যোধপুৰ ফ্লাইং ক্লাবত নামভৰ্তি কৰি দিছিল। এই ফ্লাইং ক্লাবে আগতে কেতিয়াও কোনো ছোৱালীয়ে নামভৰ্তি কৰা দেখা নাছিল। সৰলা নিজৰ কামৰ প্ৰতি আগ্ৰহ ইমানেই আছিল যে প্ৰতিটো প্ৰশ্নৰ উত্তৰ তেওঁ দিব পাৰিছিল।
সৰলাই যোধপুৰ ফ্লাইং ক্লাবত প্ৰশিক্ষণ লৈছিল। প্ৰশিক্ষণৰ সময়ত তেওঁ প্ৰথমবাৰৰ বাবে ১৯৩৬ চনত লাহোৰত জিপ্চি মথ নামৰ দুজনীয়া বিমান উৰুৱাইছিল। এই সময়ছোৱাত ভাৰতীয় পৰম্পৰাক সন্মান জনাই তেওঁ প্ৰথম একক বিমানত শাৰী পিন্ধি উৰা মাৰিছিল। সেইদিনা সৰলাই উৰণৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাই নহয়, আৰু আগুৱাই নিয়াৰ সিদ্ধান্তও ল’লে। তেওঁ যেতিয়া প্ৰথমখন বিমানত উঠিছিল তেতিয়া তেওঁ কেৱল বিয়া হোৱাই নহয় ৪ বছৰীয়া কন্যা সন্তানৰ মাতৃও আছিল।
উৰণৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সৰলা পাইলট হ’বলৈ সাজু হৈছিল। প্ৰথম ‘এ’ অনুজ্ঞাপত্ৰ পাবলৈ তেওঁ প্ৰায় ১০০০ ঘণ্টা বিমান চলোৱাৰ অভিজ্ঞতা লাভ কৰিবলগীয়া হৈছিল। এই কৃতিত্ব অৰ্জন কৰাৰ সময়ত তেওঁৰ বয়স মাত্ৰ ২১ বছৰ আছিল আৰু ভাৰতৰ ভিতৰতে এই কৃতিত্ব কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল।
প্ৰথম অনুজ্ঞাপত্ৰ পোৱাৰ পিছত সৰলাই কমাৰ্চিয়েল পাইলটৰ অনুজ্ঞাপত্ৰ লোৱাৰ পৰিকল্পনা কৰিছিল। ইয়াৰ বাবে তাই যোধপুৰত এটা টেষ্ট দিব লগা হৈছিল সেই সময়তে তেওঁ খবৰ পাইছিল যে তেখেতৰ স্বামীৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে। এই দুখ সৰলতাৰ বাবে বহু ডাঙৰ আছিল যদিও স্বামীয়ে বিচাৰিছিল যে তেওঁৰ পত্নী পাইলট হওক। সেয়ে যোধপুৰলৈ গৈ সৰলাই প্ৰশিক্ষণ সমাপ্ত কৰিলে। তেওঁ অনুজ্ঞাপত্ৰ লাভ কৰি বিমান সংস্থাত কেৰিয়াৰ আৰম্ভ কৰাৰ কথা ভাবিছিল যদিও সেইটো কৰাৰ আগতেই দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। যাৰ বাবে সৰলা যোধপুৰৰ পৰা লাহোৰলৈ উভতি যাবলগীয়া হৈছিল।
এই প্ৰতিকূল পৰিস্থিতিতো সাৰলাই হাৰ মানা নাছিল।লাহোৰৰ মেয়' স্কুল অৱ আৰ্টছ (বৰ্তমান নেচনেল কলেজ অৱ আৰ্টছ)ৰ পৰা সূক্ষ্ম কলা আৰু চিত্ৰকলাৰ অধ্যয়ন সম্পূৰ্ণ কৰে। সূক্ষ্ম কলা আৰু চিত্ৰকলাৰ অধ্যয়নৰ অন্তত তেওঁ চিত্ৰকলা আৰু ডিজাইনৰ জৰিয়তে নতুন কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ নিৰ্মাণ কৰা ডিজাইনবোৰো মহিলাৰ মাজত যথেষ্ট বিখ্যাত হৈ পৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত তেওঁৰ ব্যৱসায় সুচাৰুৰূপে চলি থকা যেন অনুভৱ কৰাৰ লগে লগে দেশখন বিভক্ত হৈ পৰিল। লাহোৰ এতিয়া পাকিস্তানৰ অংশ হৈ পৰিছিল। যাৰ বাবে তেওঁ কন্যা দুগৰাকীৰ সৈতে ভাৰতলৈ উভতি আহিব লগীয়া হৈছিল। ইয়াত তেওঁ পৰিয়ালটোৰ বাবে নিজৰ ব্যৱসায় পুনৰ প্ৰতিষ্ঠা কৰিলে। বহু বছৰ ধৰি এনেদৰে ব্যৱসায় চলাই থাকিল আৰু ২০০৮ চনৰ ১৫ মাৰ্চত তেওঁৰ মৃত্যু হয়।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments