20 April, Sat 2024
support@thecriticalscript.com
Blog image

শংকৰদেৱৰ বৈচিত্রময় জীৱনৰ এটি অবলোকন

07 Jan,2022 02:56 PM, by: Jyoti Rekha Kalita
1 minute read Total views: 1903
4 Likes 5.0

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে নজনা মানুহ হয়তো অসমত খুব কম লোক ওলাব। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সৰু সৰু ৰাজ্য পাতি থকা বাৰভূঁঞাসকসৰ মাজতে কবি শিল্পী আৰু সাধক শংকৰদেৱৰ জন্ম পঞ্চদশ শতিকাৰ মাজভাগত শিৰোমণি ভূঁঞাৰ পৰিয়ালত ১৪৪৯ শকৰ আহিন মাহত হৈছিল। বৰ্তমানৰ অসম আৰু সেই সময়ৰ অথবা প্ৰাগজ্যোতিষপুৰৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থা তেতিয়া একেবাৰে অস্থিৰ আছিল।


পিতৃ কুসূম্বৰ কায়স্থ ভূঁঞা আৰু মাতৃ সত্যসন্ধাই বহু অপেক্ষাৰ অন্ততঃ পুত্ৰ সন্তান এটি লাভ কৰিছিল, যাৰ নাম ৰাখিলে শংকৰ। কিন্তু শংকৰ তেনেই সৰু থাকোঁতে পিতৃ-মাতৃৰ বিয়োগ ঘটাত আইতাক খেৰসুতিয়ে লালন-পালন কৰিছিল। ১২ বছৰ বয়সত আইতাকে ভাল দিন এটা চাই ব্ৰাহ্মণ পণ্ডিত মহেন্দ্র কন্দলিৰ টোলত নাম লগাই দিলে। লোকাচাৰ আছে যে শংকৰে এদিন বিদ্যালয়ত অকলে শুই থাকোঁতে ছাঁ দিবলৈ ফেটি সাপ এডালে ফেট তুলি ৰৈ আছে। মহেন্দ্র কন্দলিয়ে আহি দেখা পাই বুজি উঠিল যে তেওঁৰ শিষ্য ভৱিষ্যতে মহৎ লোক হ'ব। আৰু তেতিয়াই তেওঁ ডেকাভূঁঞাক শংকৰ নুবুলি শংকৰদেৱ বুলি মাতিবলৈ ক'লে সকলোকে। সাত বছৰমানৰ ভিতৰত শংকৰদেৱ টোলৰ বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত, পুৰাণ, তন্ত্ৰ, কলাপ-ব্যাকৰণ আৰু সাধাৰণ সাহিত্যকে ধৰি সংস্কৃত সাহিত্যৰ এগৰাকী বিদগ্ধ পণ্ডিত হৈ ওলাই আহিল।


টোলৰ পৰা আহি আত্মীয়-কুটুম্বসকলৰ হেঁচাত তেওঁ বৰভূঁঞাৰ দায়িত্ব গ্ৰহণ কৰিলে। যিহেতু তেওঁৰ অতি কম বয়স আছিল, তেওঁ ডেকাগিৰি নামেৰে জনাজাত হ'ল। তেনেতে তেওঁ সূৰ্যাৱতী নামেৰে এগৰাকী কায়স্থ ছোৱালী বিয়া কৰালে। মনু বা হৰিপ্ৰিয়া নামেৰে এটি কন্যা সন্তান হোৱাৰ পিছতে সূৰ্যাৱতীৰ মৃত্যু হ'ল। সেই বেজাৰত সাংসাৰিক জীৱনৰ প্ৰতি মোহ নোহোৱা হ'ল শংকৰদেৱৰ।


কেইবছৰমান পিছত হৰি নামৰ এজন ডেকা-ভূঁঞালৈ জীয়েকৰ বিয়া দি শংকৰদেৱ মহেন্দ্র কন্দলি আৰু তেওঁৰ কুলপুৰোহিতৰ পুত্ৰ তথা আজীৱন বন্ধু ৰামৰাম বিপ্ৰৰ সৈতে সৈতে জনীয়া এটা দল কৰি তীৰ্থ ভ্ৰমণলৈ বুলি ৰাওনা হ'ল। সেই ভৰ্মণতে তেওঁ গংগা নৈৰ আগাৰিৰ বদৰিকাশ্ৰমত প্ৰথম বৰগীত এটি ৰচনা কৰিছিল।


(ৰাগ ধনশ্ৰী)

মন মেৰিয়াই ৰাম চৰণহি লাগু। তই দেখনা অন্তক আগুন।। ধ্ৰুং।।

(পদ)

মন আয়ু ক্ষণে ক্ষণে টুটে।

দেখ প্ৰাণ কোন দিন চুটে।।

মন কাল অজগৰে গিলে।

জ্ঞান তিলেকে মৰণ মিলে।।

মন নিশ্চয় পতন কায়া।

তই ৰাম ভজ তেজি মায়া।।

ৰে মন ইসব বিষয় ধান্ধা।

কেন দেখি নেদেখস আন্ধা।।

মন সুখে পাৰ কৈছে নিন্দ।

তই চেতিয়া চিন্ত  গোবিন্দ।।

মন জানিয়া শংকৰে কহে।

দেখ ৰাম বিনে গতি নাহে।।


বহু বছৰৰ অন্ততঃ যেতিয়া শংকৰদেৱ উভতি আহে, খেৰসুতি আয়ে তেওঁক জোৰ কৰিলে বিয়া কৰাবলৈ আৰু আত্মীয় স্বজনৰ কথা পেলাব নোৱাৰি তেওঁ আকৌ শিৰোমণিৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে। ১৪৯৭ শকত কালিন্দী আইৰ সৈতে শংকৰদেৱৰ দ্বিতীয় বিবাহ সম্পন্ন হ'ল। কিন্তু এইবাৰ শংকৰদেৱে মন দৃঢ় কৰি ল'লে তেওঁ নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিব বুলি। শংকৰদেৱে নিজৰ ধৰ্মতত্ব তিনি ঠাইৰ পৰা আনি বাচি ল'লে। 'ভাগৱত'ৰ পৰা আনিলে সৎসঙ্গ (অৰ্থাৎ সাধু বা ভক্তসকলে সৈতে সংগ কৰাৰ আদৰ্শ), 'পদ্মপুৰাণ'ৰ উত্তৰখণ্ডৰ পৰা আনিলে নাম (অৰ্থাৎ ভগৱানৰ নাম-কীৰ্তন কৰাৰ আদৰ্শ) আৰু 'ভগবদ্গীতা'ৰ পৰা আনিলে একশৰণ (অৰ্থাৎ একেজন ঈশ্বৰৰ প্ৰতি অব্যভিচাৰি ভক্তিৰ আদৰ্শ)। এই সকলোবোৰ ৰাইজৰ মাতৰ সাৱলীল অসমীয়া ভাষাত লিখি তেওঁ ৰাইজৰ মাজত প্ৰচাৰৰ কামত গা ঢালি দিলে। সেই সময়তে শংকৰদেৱে প্ৰথমখন নাচ 'চিহ্নযাত্ৰা'ৰ ৰচনা কৰিছিল। সেই নাটত অভিনয় দেখিও বহলোক শংকৰদেৱৰ শিষ্য হ'লহি আৰু তেওঁ এজন ধৰ্মগুৰু হৈ পৰিল।


বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ সুন্দৰকৈ চলি থকা সময়তে কিছুলোকে ৰজা নৰনাৰায়ণৰ কান চোৱালে শংকৰদেৱে ধৰ্মৰ নামত নিয়ম নীতিৰ বিৰোধিতা কৰা বুলি। ৰজা নৰনাৰায়ণে ক'লে- "মই শংকৰক বধিম; ছালেৰে দামা ছাম, হাড়েৰে বাম শংকৰৰ।" নৰনাৰায়ণে নিজ ভাতৃক নিৰ্দেশ দিলে গুৰুজনাক তেওঁৰ হাতত শোধাই দিবলৈ আৰু কথা দিলে ভালদৰে বিচাৰ নকৰাকৈ তেওঁ গুৰুজনাৰ একো অপকাৰ নকৰে। এই কথাতেই কেৱল এজন হাত ধৰা লোকৰ সৈতে শংকৰদেৱ ৰজাৰ সভাত উপস্থিত হ'লহি। চিলাৰায়ে এই ঐতিহাসিক যোগাযোগটোৰ দাঁড়ৰ বাতৰি দাঁড়ে ঘোঁষাৰ ডাকোৱাল এজনক লৈ থাকিবলৈ দিলে। ৰাজদৰবাৰৰ সাত খলপা ওপৰলৈ ওঠোতে তোটয় ছন্দত তেওঁ নিজে ৰচনা কৰা প্ৰসিদ্ধ "মধু দানৱ দাৰণ দেৱ বৰম্" গীতটি গাইছিল। তেওঁৰ গাম্ভীৰ্যপূৰ্ণ উপস্থিতিত সকলো স্তম্ভিত হৈছিল। ৰজা নৰনাৰায়ণে যেতিয়া তেওঁৰ সন্মুখৰ সুখাসনত বহিবলৈ দিলে। তেতিয়া মহাপুৰুষ শংকৰদেৱে ঠিতাতে ৰচনা কৰি নৰনাৰায়ণক উদ্দেশ্যি "নাৰায়ণ কাহে ভকতি কৰু  তেৰা" বুলি এটা প্ৰশস্তি গালে। ৰজা নৰনাৰায়ণ অভিভূত হ'ল আৰু ক্ষমা বিচাৰিলে গুৰুজনাৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰৰ বাবে। আৰু তেনেদৰেই মহাপুৰুষজনাৰ জ্ঞানৰ পৰিসৰ আৰু ধৰ্মবিশ্বাসৰ শ্ৰেষ্ঠতাৰ বিষয়ে ৰজাৰ মনত দৃঢ় প্ৰত্যয় জন্মিল আৰু তেওঁলোক চিৰকালৰ বাবে বন্ধু হৈ পৰিল।


কোচবিহাৰত থাকিয়ে শংকৰদেৱে বহুতো পুথি আৰু নাট  যেনে, জন্মপুৰাণ, ৰামবিজয়, গুৰু চৰিত ইত্যাদিৰ ৰচনা কৰিছিল। তেতিয়ালৈ তেওঁৰ বয়স প্ৰায় এশ একুৰি বছৰ হৈছিল। নৰিয়া অৱস্থাতে অৱশেষত ১৪৯০ শকৰ ভাদ মাহত (১৫৬৯ খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহত) মহাপুৰুষ শংকৰদেৱে ইহলীলা সম্বৰণ কৰে। টোৰোচা নৈৰ পাৰত তেওঁৰ সৎকাৰ কৰা হৈছিল। আৰু তেনেদৰেই গুৰুজনাৰ বৈচিত্ৰময় আৰু মহান জীৱনৰ ওৰ পৰিছিল। কিন্তু আজি ৫৭৩ বছৰ পিছতো তেওঁৰ গুণ গৰিমা, তেওঁ ৰচনা কৰা সাহিত্য সম্ভাৰ অসমীয়াৰ মাজত বিৰাজমান আছে আৰু আগলৈয়ো থাকিব।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

2 reviews
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.