19 April, Fri 2024
support@thecriticalscript.com
Blog image

ৰাণী গাইডিনলিউ - ‘নাগালেণ্ডৰ ৰাণী লক্ষ্মীবাই’

07 Nov,2022 05:41 PM, by: Ankita Gogoi
1 minute read Total views: 811
0 Like 0.0

ৰাণী গাইডিনলিউ আছিল এগৰাকী বিখ্যাত ভাৰতীয় মহিলা বিপ্লৱী। উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী সমাজসংগঠক আৰু বিপ্লৱী নেত্ৰী। ৰাণী গাইডিনলিউয়ে ব্ৰিটিছৰ সাম্ৰাজ্যবাদ আৰু ধৰ্মান্তকৰণৰ বিৰুদ্ধে যুঁজ দি প্ৰবল আন্দোলন চলাইছিল।স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ নাগালেণ্ডত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে নিজৰ বিপ্লৱী কাম-কাজ চলাইছিল। স্বাধীনতা সংগ্ৰামৰ সকলো বীৰত্বৰ কাম কৰাৰ বাবে এই যোদ্ধাগৰাকীক ‘নাগালেণ্ডৰ ৰাণী লক্ষ্মীবাই’ বুলি কোৱা হয়। ৰাণী গাইডিনলিউ সৰুৰে পৰা সৎ, নিষ্ঠাবান আৰু বহল চিন্তাধাৰাৰ আছিল। সেই সময়ৰ মণিপুৰৰ কাম্বিৰণ গাঁৱৰ বিপ্লৱী আৰু আধ্যাত্মিক নেতা হাইপউ যাদুনাংৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ ৰাণী গাইডিনলিউ তেওঁৰ অনুগামী হৈ পৰে আৰু তেওঁৰ সংস্থাত যোগদান কৰে। হাইপউ যাদুনাং সেই সময়ৰ ব্ৰিটিছ শাসকসকলৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল। ১৩ বছৰ বয়সত মণিপুৰৰ বিপ্লৱী আৰু আধ্যাত্মিক নেতা হাইপউ যাদুনাংৰ ‘হেৰাকা’ আন্দোলনত যোগদান কৰে।ব্ৰিটিছে ৰাণী গাইডিনলিউক তেওঁৰ বিপ্লৱী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। নগাসকলৰ পূৰ্বপুৰুষ ধৰ্মীয় পৰম্পৰাত বিশ্বাসী আছিল, সেয়েহে নগাসকলে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ তীব্ৰ বিৰোধিতা কৰিছিল। ভাৰত চৰকাৰে তেওঁক ‘স্বাধীনযোদ্ধা’ৰ মৰ্যাদা প্ৰদান কৰি ‘পদ্মভূষণ’ৰে সন্মানিত কৰিছিল।

১৯১৫ চনৰ ২৬ জানুৱাৰীত মণিপুৰৰ তামেংলঙৰ নোংকাও (লংকাও) নামৰ এখন গাঁৱত ৰাণী গাইডিনলিউৰ জন্ম হৈছিল। তেওঁৰ পৰিয়ালটো গাঁৱৰ শাসক শ্ৰেণীৰ আছিল। ওচৰতে স্কুল নথকাৰ বাবে তেওঁ আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰিলে।মণিপুৰ, নাগালেণ্ড আৰু অসমত ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ আন্দোলনৰ নেতৃত্ব দিছিল।১৯২৭ চনত মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ নিজৰ হাইপং জাডোনাঙৰ সৈতে নগা জনজাতীয় ধৰ্মক পুনৰুজ্জীৱিত কৰি ব্ৰিটিছ শাসনৰ অন্ত পেলোৱা আৰু স্ব-শাসিত নাগাৰাজ প্ৰতিষ্ঠা কৰা হেৰাকা আন্দোলনত যোগদান কৰে।১৯৩২ চনত মাত্ৰ ১৬ বছৰ বয়সতে তেওঁক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰি ব্ৰিটিছ চৰকাৰে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ১৯৩২ চনৰ পৰা ১৯৪৭ চনলৈ এই নগা স্বাধীনতা সংগ্ৰামীগৰাকীক উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো কাৰাগাৰত ৰখা হৈছিল। ১৯৪৭ চনত দেশৰ স্বাধীনতা লাভ কৰাৰ পাছতো মুক্তিৰ সময়তো তেওঁ সমাজৰ উন্নতিৰ বাবে নিজৰ সেৱা আগবঢ়াই থাকিল। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেওঁক ‘পাহাৰৰ কন্যা’ বুলি অভিহিত কৰি সাহসৰ বাবে তেওঁক ‘ৰাণী’ উপাধি প্ৰদান কৰে।এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ সন্মানত অসম চৰকাৰে শিলচৰত এখন উদ্যান গঢ়ি তুলিছে, য’ত তেওঁৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছে। ৰাণী জীয়াই থকালৈকে তেওঁ নিজৰ অঞ্চলৰ মানুহৰ অধিকাৰৰ বাবে যুঁজিছিল। তেওঁৰ মতে নিজৰ সংস্কৃতি, ভাষা আৰু মাটিক আওকাণ কৰিলে নিজৰ পৰিচয় হেৰুৱাব লাগিব। কেৱল হেৰাকা সংস্কৃতি ৰক্ষাৰ বাবেই ব্ৰিটিছৰ লগত যুঁজ দিয়াই নহয়, নিজৰ সমাজৰ বিচ্ছিন্নতাবাদীৰ সৈতেও মুখামুখি হৈছিল।

জীৱনৰ প্ৰাৰম্ভিক দিনৰে পৰা যি ধৰণৰ বীৰত্ব আৰু অদম্য সাহস প্ৰদৰ্শন কৰিছিল তাৰ বাবেই তেওঁক ‘নাগালেণ্ডৰ লক্ষ্মীবাই’ নামেৰেও পৰিচিত হৈছিল।হাইপউ যাদুনাং স্থানীয় এজন সুপৰিচিত নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ আন্দোলনৰ লক্ষ্য আছিল প্ৰাচীন নগা ধৰ্মীয় বিশ্বাসৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণ। প্ৰথম অৱস্থাত এই আন্দোলনৰ স্বৰূপ ধৰ্মীয় আছিল যদিও ক্ৰমান্বয়ে আন্দোলনকাৰীসকলে মণিপুৰ আৰু নগা অঞ্চলৰ পৰা ইংৰাজক খেদি পঠিয়াবলৈ আৰম্ভ কৰাৰ লগে লগে ই ৰাজনৈতিক ৰূপ লৈছিল।লাহে লাহে এই আন্দোলন ব্ৰিটিছ বিৰোধী হৈ পৰিল আৰু নগা অঞ্চলৰ পৰা ব্ৰিটিছ ৰাজৰ অন্ত পৰাটোও এই আন্দোলনৰ লক্ষ্য হৈ পৰিল। লাহে লাহে বহু জনগোষ্ঠীৰ লোকে এই আন্দোলনত যোগদান কৰিলে। যাদুনাংৰ মতাদৰ্শ আৰু নীতিৰ দ্বাৰা প্ৰভাৱিত হৈ ৰাণী গাইডিনলিউৱে তেওঁৰ সেনাবাহিনীত যোগদান কৰে আৰু মাত্ৰ ৩ বছৰৰ ভিতৰতে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যুঁজি থকা এটা গেৰিলা দলৰ নেতা হয়। ১৯৩১ চনত যেতিয়া হাইপউ যাদুনাংক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰি ফাঁচী দিছিল, তেতিয়া ৰাণী গাইডিনলিউ তেওঁৰ আধ্যাত্মিক আৰু ৰাজনৈতিক উত্তৰাধিকাৰী হৈ পৰিছিল। তেওঁ সমৰ্থকসকলক ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ বিদ্ৰোহ কৰিবলৈ কয়। লগতে তেওঁৰ লোকসকলক কৰ নিদিয়াৰ বাবে উৎসাহিত কৰিছিল। স্থানীয় একাংশ নগাই মুকলিকৈ তেওঁৰ কৰ্মৰাজিৰ বাবে অনুদান আগবঢ়াইছিল।

ইতিমধ্যে ইংৰাজ প্ৰশাসন তেওঁলোকৰ কাৰ্যকলাপৰ বাবে অতিশয় চিন্তিত আছিল আৰু অধিক সতৰ্ক হৈ পৰিল। অসমৰ ৰাজ্যপালে তেওঁক আৰু তেওঁৰ সেনাবাহিনীক বন্দী কৰিবলৈ ‘আছাম ৰাইফলছ’ৰ দুটা ইউনিট পঠিয়াইছিল। একে সময়তে প্ৰশাসনে ৰাণী গাইডিনলিউক বন্দী কৰাত সহায় কৰাৰ বাবে পুৰস্কাৰ ঘোষণা কৰে আৰু অৱশেষত ১৯৩২ চনৰ ১৭ অক্টোবৰত ৰাণী আৰু তেওঁৰ কেইবাজনো সমৰ্থকক গ্ৰেপ্তাৰ কৰা হয়।ৰাণী গাইডিনলিউক ইম্ফললৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ বিৰুদ্ধে ১০ মাহৰ বিচাৰ আৰু যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। তেওঁৰ সহযোগীসকলৰ অধিকাংশকে প্ৰশাসনে মৃত্যুদণ্ড বা কাৰাদণ্ড দিছিল। ১৯৩৩ চনৰ পৰা ১৯৪৭ চনলৈ ৰাণী গাইডিনলিউ গুৱাহাটী, শ্বিলং, আইজল আৰু তুৰা কাৰাগাৰত বন্দী হৈ থাকে। ১৯৩৭ চনত জৱাহৰলাল নেহৰুৱে শিলচৰ কাৰাগাৰত তেওঁক লগ পাইছিল আৰু মুক্তিৰ বাবে চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এই সন্দৰ্ভত তেওঁ ব্ৰিটিছ সাংসদ লেডী এষ্টাৰলৈ এখন পত্ৰ লিখিছিল যদিও ‘ভাৰতৰ ৰাজ্যিক সচিব’ই এই অনুৰোধ নাকচ কৰিছিল। ১৯৪৬ চনত যেতিয়া অন্তৱৰ্তীকালীন চৰকাৰ গঠন হৈছিল, তেতিয়া প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নিৰ্দেশত ৰাণী গাইডিনলিউক তুৰা জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল। মুক্তিৰ পূৰ্বে তেওঁ প্ৰায় ১৪ বছৰ বিভিন্ন কাৰাগাৰত কটাবলগীয়া হৈছিল। মুক্তিৰ পিছতো তেওঁ নিজৰ মানুহৰ উত্থান আৰু বিকাশৰ বাবে কাম কৰি থাকিল।পিছত তেওঁ প্ৰধানমন্ত্ৰী নেহৰুক দিল্লীতো লগ কৰি জেলিয়াংগ্ৰং সম্প্ৰদায়ৰ উন্নয়ন আৰু কল্যাণৰ বিষয়ে আলোচনা কৰে।ৰাণী গাইডিনলিউৱে নাগালেণ্ডক ভাৰতৰ পৰা পৃথক কৰিব বিচৰাৰ বিপৰীতে ভাৰতৰ ভিতৰত সম্প্ৰদায়টোৰ বাবে পৃথক ভূখণ্ড বিচৰাৰ বাবে নগা ৰাষ্ট্ৰীয় পৰিষদৰ বিৰোধিতা কৰিছিল।

১৯৭২ চনত তেওঁক ‘তামৰাপাত্ৰ স্বাধীনতা সংগ্ৰামী বঁটা’, ১৯৮২ চনত পদ্মভূষণ আৰু ১৯৮৩ চনত ‘বিবেকানন্দ সেৱা বঁটা’ প্ৰদান কৰা হয়। ১৯৯৩ চনৰ ১৭ ফেব্ৰুৱাৰীত ৭৮ বছৰ বয়সত ৰাণী গাইডিনলিউৰ মৃত্যু হয়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.